Friday 28 December 2012


বৃদ্ধাশ্ৰম
======

সাৰ পায়েই নিজক খেপিয়াও, মজিয়াত ভৰিৰ পতা;
আমাৰ তলত অন্তহীন বাটৰ দুৱাৰ,
খোজত উঠি আহে পৃথিৱীৰ প্ৰাচীন ঠিকনা

লাখুটি মেৰিয়াই আয়ুসৰ সোতোৰা পোছাক,
ক’ত ৰ’দাও, ক’ত ৰ’দাও?
উৰ্দ্ধক’মাৰ ভিতৰৰ সংলাপ হৈ
জীয়াই আছে এতিয়া সময়,
ব্যৰ্থ হাতত শূন্যতাৰ দস্তখত;

বগাকৈ বগলী উৰি যায়
পাখি মেলি আঙুলিৰ নখত
বেদনা নামৰ বগা ফোট,
সাৰে আছো ম‍ইও মৃত্যু তোৰ শেষ অহংকাৰত,
নিৰুত্তৰ বাহুবন্ধত মৰিশালি হৈ শুই আছে
জীৱনৰ অলেখ প্ৰশ্নবোধক ;

===================
২২-১২-১২

Friday 21 December 2012



পূৰ্ণিমা
=======

আকাশত জোন নহয়
এটা খেয়ালী ৰাগৰ অনুশীলন,
ইয়াত হাত মেলি বুদ্ধ, পৃথিৱীৰ শেষ প্ৰাৰ্থনাত ;
আমি ছাই হৈ জ্বলো এখন চুমাৰ শ্মশানত,
ভ্ৰান্তিৰ প্ৰতিধ্বনি হৈ জিৰাও
উপাসনাৰ সুশীতল ঔৰষত;

মোৰ বাবেই হয়তো তেওঁ ৰৈ আছিল
অথবা তেওঁৰ বাবে ম‍ই;
আপেক্ষাৰ দৰ্শন তিয়াই যি নামি আহিছিল
সেয়াতো বিষাদ নাছিল,
শোকৰ ঐতিহ্য ভাঙি
আমাৰ চকুত গজিছিলহি সুঠাম ৰাতিৰ উপনিষদ ;      

বুকুত নিখোজ কোনো এটা অৰ্থৰ বাবে
বোধিদ্ৰুমৰ শিপাত পাহ মেলিছিল তৃষ্ণাৰ প্ৰতিভাই ,
শূন্যতাৰ শ্লোক আওৰাই
ভালপোৱাই তিয়াইছিলহি সেই কবৰৰ ধ্যানমগ্ন মাটি
যাক বিচাৰি ম‍ই দুহাত মেলিছিলো;
চুব খুজিওতো তেওঁক চুব নোৱাৰিলো,
ওভতাই দিব নোৱাৰিলো অস্বীকাৰ কৰি অহা
সেই সকলোবোৰ সত্যৰ শংখমালা ;

এনেদৰেই সময়ৰ আন এটা পুৰাতন বিশ্বাস;
হে শূন্যতাৰ ৰাতি,
বোধৰ শিপা চুই ম‍ই পাতেগজা হও !

=================
১৮-১২-১২


চিঞঁৰ
======

শব্দই যদি ব্ৰহ্ম
সেই শব্দ ৰুদ্ৰ নহ’ল কিয়?
শিল হোৱা মৌনতাই আৰু উশাহ নলয়
বুকুৰ বিনয়াবনত,
ছাটিফুটি চিঞৰবোৰে কাতৰ হৈ মাতি ৰয় বোবা ৰাতিৰ নিৰ্জনতাক ;

মুখ ঢাকি সময় সিদিনা পুনৰ ক্লীৱ হৈছিল,
কলিজা ৰেপি বিশ্বাসৰ মৃত বাৰাণ্দাত
সেহাই সেহাই পৰি ৰৈছিল হাতজোৰ কান্দোনৰ শূণ্যতা ;

এতিয়াতো অৰ্থৰ বাবেও আৰু কোনো অৰ্থ নৰল
নিথৰ শব্দ‍হীনতাই কেৱল তেওঁৰ উচুপনিৰ দেহ চুই যায়;
প্ৰাৰ্থনা নে পাপ
ক’ত বিচাৰি পামনো আমি আমাক ?

========
(দিল্লীৰ নিৰ্ল্লজ ঘ্টনাটোৰ দোষীবোৰে চৰম শাস্তি পাওক....)

২০-১২-১২

Tuesday 11 December 2012


মত্‍স্যগন্ধা
========

নদীৰ দেৱতাই তাইক মাতে
মেঘৰ মাতত চাঙত এটা সপোন
পানী বঢ়াদি বাঢ়ে;
হেঙাৰত তাই মেলি থয় দিনবোৰ
বুকুলে মেখেলাৰ ৰ’দ,
কচুপাতৰ কাণেদি বাগৰি যায় চপাৰাতি
যেতিয়া আঠুলে তিতে পানীৰ লাজ,

বৰষুণ হেনো তাইৰ পৈয়েক,
তিতিলেই তাই নাৰী হয়
তিতিলেই তাই চুৱা হয়;
কৰ্দৈ তলত ঢোৰাসাপ দৰা
ফটাকানিৰ জোনাক পিন্ধি
ক‍ইনা হয় তাই,
ফোচফোচাই ফোচফোচাই ঘুমতিবোৰ উৰ্হায়;

জৰায়ুত যে এটা শেলুৱৈ ধৰা শামুকৰ মণি,
বীজলুৱা ৰাতিবোৰ থেকেচি থেকেচি
সিদিনা গাভিন হয় আৰু এখন নদী !!

**********
০৭-১২-১২

(কবিতাটোৰ লগত এটা কাহিনী জড়িত হৈ আছে...বহুবছৰ আগত আমি সৰু থাকোতে আমাৰ গাৱলৈ মাজে মাজে এজনী পাগলী আহিছিল খুজিবলৈ..গৰমৰ বন্ধত আমি গাৱলৈ গলে তাইক দেখিছিলো....যিয়ে যি পাৰে তাইক দিছিল কোনোবাই চাউল, কোনোবাই আধলি এটা...তাইৰ এটা আচৰিত লক্ষণ আছিল, বৰষুণ দিলে তিতি তাই খুব ভাল পাইছিল, কেতিয়াও কতো বৰষুণ আহিলে আশ্ৰয়ৰ বাবে নৰৈছিল....শুনামতে তাই কোনো এখন মাছমৰীয়া গাৱৰ ছোৱালী আছিল, কুমাৰী দিনতেই প্ৰেমৰ পৰিণতিত তাই গৰ্ভৱতী হয় আৰু সমাজে তাইৰ ওপৰতে সমস্ত দোষ জাপি দিয়ে....অৱশেষত তাই  এটা মৃত সন্তান জন্ম দি মানসিক ভাৰসাম্য হেৰুৱাই পেলায়...তাৰ পিছৰ পৰাই তাই এনেকৈ মগনীয়া হৈ আমাৰ গাওঁখন আৰু ওচৰ পাজৰৰ গাওঁকেইখনৰ পৰা খোজা মেলা কৰি পেট পুহিছিল.....শেষত এদিন আমাৰ গাওঁখনৰ পৰা কিছু দূৰৈত কাষৰ নদীখনত তাইৰ মৃতদেহটো ওলাইছিল...কোনোবাই কোনোবাই কোৱা মেলা কৰিছিল তাই হেনো আকৌ গৰ্ভৱতী হৈছিল...)

Thursday 6 December 2012


পথাৰ
=====

ফৰিংবোৰে যেতিয়া গান সামৰিলে
শস্যৰ থোকত মেঘৰ ধন্যবাদ;
জাৰ বা জহ
পথাৰ মোৰ আইতাক থোৱা মাটিৰ ঢিপ;
পথাৰ মোৰ সৌন্দৰ্য্যৰ শেষ আৱিস্কাৰ,
তেজৰ প্ৰিয়তম ছনেট !

*******
৪-১২-১২

Wednesday 28 November 2012



শীত
===

গধুলিৰ প্ৰান্তত কৰবাত সৰি পৰে
এটা পানীৰ চুমা,
কপি কপি হালধীয়া হৈ
এটা ৰাতি লাগি থাকে ৰাতিপুৱাৰ ঠাৰিত;

চেচুকীয়া ৰ’দত উমাই বুকুৰ দুখ, শীত আহে !
শীত আহে কুমাৰী সন্ধিয়াৰ আগ্ৰহত,
শীত আহে আশ্ৰয়প্ৰাৰ্থী ৰাতিবোৰৰ কাৰুণ্যত;
মাৰফত্‍তত মৃত্যুৰ নাম লিখি থৈ
শীত হয়হি
পৃথিৱীৰ স্বাধীন  পৰ্য্যটক;

শীত মানুহৰ শোকৰ আশ্ৰিত আগন্তুক,
জাতিস্মৰ সুখৰ সেমেকাত
পুৰাতন নষ্টালজিয়াৰ নষ্ট নিৰ্মাণ;
যাৰ বাবে মানুহৰ বিদগ্ধ আঙুলিত উদয় হয়
শূন্যতাৰ জুলীয়া জোন,
শীত সেই কিংবদন্তীৰ ফছিল হোৱা
জঠৰ সপোন !!

**********

২৭-১১-১২


Thursday 22 November 2012


দলং
=====

দলঙৰ দৰে মানুহবোৰ সাৰে থাকে,
কেতিয়াবা স্বপ্নত,
কেতিয়াবা স্বপ্নহীন কোনোবাটো বিপুল অৰ্থত
সোৱৰণিৰ চাবুক লৈ
নিজৰ পৰা নিজলৈ এটা যেন সন্তৰ্পন যাতায়ত;

শান্তিৰ নিপুণ অজুহাতত
নিজৰে নামত আত্মগোপনৰ
দুখৰ দৰে কি যে এটা দুৰ্বোধ্য অভ্যাস !!

***********
২১-১১-১২

Wednesday 21 November 2012


পতাকা
=====

যুদ্ধফেৰত্‍ সৈনিকবোৰে সুহুৰিত তুলি লৈছে
গানগোৱা মেঘৰ মূল,
বুকু জুৰি উদ্ভাসিত ঘনিষ্ঠ মাটিৰ বিশাল প্ৰতিভা;
হে সহৃদয় নাগৰিক
কাকবন্ধ্যা ঋতুৰ শিপা উঘালি আমি ৰুই থও
সুৰ্য্যমুখী অৰণ্য;

চকুত সামৰি নষ্ট ৰাতিৰ  ইতিহাস
পৃথিৱীয়ে খুলি থৈছে শোকৰ শুৱনি সাজোন;
এতিয়া বুকু ঠন ধৰি  জ্যোতিৰ্ময় দিনৰ সভ্যতা
ভালপোৱাৰ গন্ধময় আবাস;
ৰ’দৰ সম্ভ্ৰান্ত খবৰ লৈ
এতিয়া পদুলিত নয়নতৰা,
খিৰিকীত আশ্বস্ত প্ৰভাত !

গোমোঠা পাহাৰ আৰু ম্ৰিয়মান নদীৰ উপত্যকাবোৰ
পাৰ হৈ
সৈনিকবোৰ উভতি আহিছে
প্ৰিয়তম শেষৰখন চিঠিৰ উত্তৰ হৈ;

***********
২০-১১-১২

Friday 9 November 2012


ঘোৰাপাক
=======

আহাৰে তিতালে আহুতলিৰ চপৰা
পথাৰে তিতালে শাওণ
নদীৰ চোতালত কুটকুট খেলি
শেষ ৰাতি আপোনপাহৰা কোন ??
ঘোৰাপাক ঘোৰাপাক !
চেপাত খলখলাই দৰিকণা জীৱন
কাৱৈলাঙি জালত উজায় তাৰ টিলিকা সপোন;

জোঁৰৰ জুইয়ে বাট দেখুৱায় মাছুৱৈ ৰাতিটোক,
খালৈত ভৰুণ বুকুৰ জুনজুনা
এই বাজে এই থামে,
চলৌপ চলৌপ খোজেৰে কোন জানো নাহে ?
জাতিবাহৰ থোহাত বৰলীয়া সপোনটো
লাগিল কি নালাগিল,
কেচা মাছৰ গোন্ধতে
বিলৰ পানী ভেকভেকালে;

নদীয়াল কান্ধ চুই চেৰেংকৈ গুছি যায়
বতাহৰ চেচা চুলি,
চুচুক চামাক সাজ লগা সময়ৰ হেপাহ
চিপ মাৰি তুলি লও এটা উজানৰ জোন
যি নাহিল সিহে গ’ল,
কচুৱনি ভাঙি পোহৰত পিছুৱাল তেলীয়া কুচিয়া ;


**********
৯-১১-১২

জয়মতী
======

হাতত হাত থলে এতিয়া
কবৰৰ দীৰ্ঘায়ু বুৰণ্জী;
গদাপাণি,
উপশমৰ এটা স্পৰ্শৰ বাবে
শতিকাৰ চুকত সাৰে আছে এতিয়াও
১৩ টা চৈতৰ শোকাকুল গধুলি;

চোৰাতে দাকা এটা বেলিৰ পিঠিত
চিঞৰবোৰে এদিন সী থৈছিল দুটা বৰফৰ ওঠ,
তেজত ফুলিছিল কাইট আৰু কাইটত
এশ আঠটা মাটিৰ চাকি;

ঠেৰেঙা হিয়াত কোটকোৰা ফাগুণে
এতিয়ানো কি ৰং সানিব ?
বাও চকু লৰিলেই সপোনত চোন
থিয় হ’ব খোজে এটা থৰকবৰক পুখুৰী ;

নিমাত মৈদামৰ মেৰত সাৰে ৰয়
এধাৰ বিদায় বেলাৰ জাংফাই;
এই নুমাও এই নুমাও চকুত
কাতৰ পোহৰ,
কিজানি বঙহৰ দেউক শেষবাৰ দেখাই পায় !!

********
১০-১১-১২

Tuesday 30 October 2012


জোৰণ
======

চাৰিটাকৈ ব’হাগ বুকুত বান্ধি
তাই যিদিনা গাভৰু হৈছিল,
মনমৰা মুধচত খলমা বান্ধিছিল এৰি অহা জোনৰ এফাল;
পিতলৰ বতাত সাজি-কাছি সেয়া তাইৰ চকুপানীৰ গুৱামুৰি
পিছে কোনে চায়, কাক দেখুৱায় ?
দিনবোৰ নিমখীয়া, ৰাতিবোৰ নিমখীয়া;
পণ্জিকাৰ কামিহাড়েদি বগাই আহে ধীৰে ধীৰে
সোঁৱৰণি ৰঙৰ উগাৰ এটা ;

ইকাতি সিকাতি পালেঙত সিদিনাৰ পৰাই
বাগৰ সলায় মেহগনি ব্লাউজ এটাই,
পাট কাপোৰৰ তলতে যে ভমকাফুলীয়া তপত আঙঠা;
ইফালে হাতত হালধিৰ খবৰ, গলপতাৰ বাখৰে
ঠেহ ধৰা হিয়া;
চিনকৰা তামোলৰ বুকুত বা তেতিয়াহলে কাৰ হাহাকাৰৰ উতল ?
(উদং ককালৰ কলহত হাত পাতা সেই ঘাটতো
আপোন নৈ হৈ বৈ অহাৰ কথা আছিল হবলা !)

শুকান আম খৰিৰ লগ্ন এটাক পৰ দি
বাওনা হৈছিল হেনো সিদিনা এটা বাদুলী ,
ফেকুৰি ফেকুৰি সোন্দা কলৰ পুলিৰ তলত !!

**********
২৮-১০-১২

কৈলাশ
=====

ধতুৰাৰ গোন্ধটোৱেদি
কৈলাশলৈ নিমিষ এটাৰ বাট
বমভোলা মহাদেৱহে ক’ত বা ৰ’ল,
কপালৰ ৰ’দ দাঙি দাঙি
আই পাৰ্বতীৰচোন বিষাল হাত;

পাহৰতলিত কামাখ্যাইহে সিদিনা পাগত দিছিল দুপৰীয়াটোক
হালি জালি কোচত নীলাচলৰ ফুলবচা বতাহ,
ভাঙৰ গোন্ধতে যেন
চিলিমত এবাৰ বেল ফুলিল, এবাৰ দোৰোং সৰিল;
চাউলতো নিসিজিলেই
ভাটিবেলা হৈ নুমাল উধানত
লাহতী ৰ’দৰ ক’লাজহা ;

ইফালে বেলিটো অঙঠা হৈ পাৰ্বতীৰ চকুত
সিফালে দম্বৰুৰ মাতত পাহাৰতলিত কপিছে কামৰূপ;

পিছে হাতৰ খঙ হাততে ৰ’ল;
কামাখ্যাই বান্ধি দিলে যি বেলপাত ভোলানাথৰ জটাত
পৰিলহি সেয়াচোন আহি
আই পাৰ্বতীৰহে সেঁওতাত;

হাতৰ খঙ দেহি হাততে ৰ’ল
চিনাকি ধতুৰাৰ গোন্ধতে আজি
কৈলাশৰ আই চলচলীয়া হ’ল !

********
১২-১০-১২

Sunday 14 October 2012


ইন্টাৰভিউ
========

১৫ টা মিনিটৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছো ছাৰ,
১৫ টা মিনিটৰ কাৰণে পিন্ধি আহিছো আজি পুনৰ
সেই শুৱনি সাজ কাতৰতাৰ;

তিনিমাহ ধৰি শৰণাৰ্থী শিবিৰত দাইল-ৰঙী ভাত, পিতাইৰ পুৰণি হাপানী
আৰু আইৰ শোকেপোৰা হাত;
১৫ মিনিটতনো কেনেকৈ দেখুৱাও আপোনাক ছাৰ
মোৰ শূন্যতাৰ সকলো চাৰ্টিফিকেট,
কেনেকৈ কও
কোনে ক’ত আৰম্ভ কৰিছিল যণ্ত্ৰণাৰ পঞ্চায়তী ৰাজ ?
ঘৰপোৰা জুইকুৰা যে এতিয়াও
ভণ্টিৰ চিতা হৈ মোৰেই কলিজাত;

১৫ টা মিনিটৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছো ছাৰ
নমাই থৈ আহিছো অলপ পৰৰ কাৰণে
কান্ধশুৱনি মোৰ দুখভাৰ;
নাঙলৰ মুঠিৰ যুজাৰু গ্ৰেজুৱেট ম‍ই,
পিছে ক’ত ৰো এতিয়া, বুকুৰ সেউজীয়া ?
পথাৰে পথাৰে কেৱল বালিৰ ঋণ আৰু পানীৰ সুতীয়া ধাৰ,
এইবেলি অবতৰতে শাওনৰ দেওধনী উঠিল ছাৰ ,
ৰিলিফৰ চাউলত
কৃষি বিপ্লৱৰ ভেকুৰা কীট,
কুটি খায় মথাউৰিৰ ৰাতিত
সাতসৰী মোৰ মেহনতী নিদ্ৰাৰ ;

১৫ টা মিনিটৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছো ছাৰ,
মেথছত ফাৰ্ষ্ট ক্লাছ;
মেৰিট লিষ্টত এইবাৰো তিনি নম্বৰত
উত্তৰ দি দি জিভাৰ আগতে বুৰণ্জী আৰু কাৰেণ্ট এফেয়াৰ্ছ;
তথাপি চোন নিবনুৱাৰ কলংক‍ত গ্ৰহণ হৈ ককবকায়
বুকুৰ মৰ্মান্তিক জোন,
আবেদনপত্ৰত এতিয়াও অসাধ্য হৈ পুৱাই
শেষৰাতিৰ বেইমান সপোন;
কেৰাণীৰ চাকৰিটো এইবাৰ পামনে ছাৰ ?
শেষ হ’বনে চকুত নিদ্ৰাহীনতাৰ ৰেওৱাজ,
বন্ধ হবনে
বুকুত মুখ গুজি প্ৰেয়সীৰ আসন্ন বিচ্ছেদৰ কান্দোন ??

************
১৪-১০-১২


নাৰ্চিচাছ
=======

দাপোনৰ সিপাৰৰ মুখবোৰে সিঁঞাৰে
ইপাৰৰ অসহায়তাবোৰক,
নিজক খুলি থৈ ম‍ই পিন্ধি লও মোৰ বিষন্ন পোছাক !
মোৰ পৰা যিমান দূৰত ম‍ই থাকো
ঠিক সিমান দূৰতেই থমকি ৰওক
শান্তিৰ এই ওষ্ঠলগ্ন বিষাদ;

ৰূপালী ফটিক এটুকুৰাৰ দৰে
ক্ৰমাত্‍ যেন ম‍ই পিছলি যাও মোৰেই ভিতৰলৈ,
জিভাৰ পৰা নাভিলৈ চুমাৰ দীঘল সেতু
ওভতনিৰ আকাংক্ষা মোৰ নাই;
স্বপ্নজ দেহত জ্বলি ৰয় মাথো
দুখবোধৰ উজ্জ্বল প্ৰণয়;

চকুত চকু থৈ
যাৰ চকুত থৰ লাগিল নদীৰ মুগ্ধ মুখ,
তাৰ বাবেই ম‍ই এবাৰ সাৰ পাব খোজো;

ৰাগীয়াল এই স্বপ্নৰ পৰা
সাৰ পাই উঠিম যেন মোৰ শূন্যতাৰ সৌন্দৰ্য্যত !
কিন্তু এই স্বপ্নৰ পৰা যদি সাৰ পাই উঠো
ম‍ই আন এটা স্বপ্নৰ প্ৰতিবিম্বত,
ক’ত বিছাৰিম মোৰ জাগৃতিৰ চকু ??

কোনেনো জানে কিজানি জীয়াই আছো ম‍ইও
প্ৰতিবিম্ব হৈ আন কাৰোবাৰ, এখন এমুখীয়া দৰ্পনত !!

**********
১১-১০-১২

শোকসভাৰ কবিতা
=============

নৈশব্দ যেন বাগৰি যায়
আখৰৰ গাৰ ওপৰেদি,
উশাহ বন্ধ কৰি ডুব দিয়ে অগাধ বুকুত
তেজ হৈ এটোপাল চিঞাহী ;

কাৰুণ্যৰ এটা চকু জাপ খাবলে যিমান সময়
কবিতাৰ আয়ুস চাগে
সিমানো নহয়;

এনে এটা শব্দ আছেনে কৰবাত
যি আৰি দিব পাৰিব
ভয়াৰ্ত চকুবোৰত এটা বিশ্বাসৰ স্বস্তিক চিহ্ন ;

পৃথিৱীৰ প্ৰতিটো মৃত শিশুৰ বাবে,
প্ৰতিজনী নিঃস্ব নাৰীৰ বাবে
আজি যেন শব্দ‍ই পুনৰ আওৰাই
বিষাদৰ সেই অলৌকিক মন্ত্ৰ !!

**********
১০-১০-১২

Tuesday 9 October 2012


পাঞ্চজন্য
=======

মোৰ নিৰুদ্দেশ বাৰ্তা লৈ এদিন যেতিয়া
তোমাৰ কাষলে আহিম আই
তুমি মচি দিবা মোৰ পথক্লান্তিৰ কলংক,
তেজৰ সকলো সুখ্যাতি পাৰ হৈ আহি
তোমাৰ অৰ্ঘ্যতে সপি থব পাৰো যেন
মোৰ সমৰ্পিত শিৰৰ মৃন্ময় শিল্প,


গহৰা হাবিত মেটেকা ফুলিছে আই,
লিপা মচা তোমাৰ চোতালত
নতজানু ইতিহাসে বিনাইছে;
নিজান মাটিৰ বিষন্নতা তিয়াই
কোন জননীয়ে বা কান্দিছে হিয়া ঢাকুৰিয়াই ,
চকুৰ পানীত ভাহি আহিছে
দেওঁলগা শাওণৰ জলপদ্ম;

মণিকুটত কোনোবা কৰুণ আয়তীয়ে নাম গাই
সন্নিপাত ৰাতিটোৰ কপালত
শীতল পটি দি যায় ;
মোৰ সিৰাই সিৰাই আহুতিৰ ফুল !
তেজক যেন উকিয়াই মাতে
এটা দুৰন্ত ৰণশিঙাই ;



*************
৮-১০-১২

Saturday 6 October 2012


পথাৰত ভালপোৱাৰ গান
=================

অ’ ভালপোৱা-
তোৰ বাবে দুহাত মেলি দিছো ,
বৰনৈৰ বোকা গছকি গছকি
ৰ’দত কজলা পিঠি পুৰি পুৰি
মোৰ বৰিয়নি পথাৰত
সিচি দিছো বৰধানৰ সচ;
টোপটোপ ঘামেৰে ধুই লৈছো
চিকমিক নাঙলৰ ফাল
অনৱচ্ছিন্ন আড়ষ্টতা গুচে যদি গুচক !

ৰাংঢালী ৰোৱনিৰ
লিহিৰিপতীয়া হাতৰ কঠিয়াত
ডাহেচীয়া আবেগৰ নিফুট গুণগুণণি;
আবেগৰ অনুপম আকুলতাত
ঢুলঢুলীয়া হৈ পৰিছে
ভালপোৱা তোৰ ডাৱৰীয়া পাৰঘাট !
অথিৰ হৈ পৰিছে পথাৰ
ডোবলে ডোবলে সেউজীয়াৰ মধুৰ সংক্ৰমণ;
এক জোলাই কেচা আলিৰে
ডেও দি দি পুনৰ পথাৰত
জীপজীপিয়া যৌৱনৰ উত্‍সাহী প্ৰত্যাগমন !

ভালপোৱা ! শুনি যাহি এবাৰ
আকুল পথাৰত তোৰ তিৰবিৰ সুৰ
অনুভৱ কৰি চাহি
বোকা পানীৰ সানমিহলিত
অনুভৱৰ নিভাজ ব্যাখ্যা
সোণসেৰীয়া মাধুৰীৰে ভৰপুৰ !!

**********
১৫-০৭-০৩

বুলেটবোৰ যদি অলপ কোমল হ’লহেতেন
=========================

বুলেটবোৰ যদি অলপ কোমল হ’লহেতেন,
তেজবোৰ চাগে ইমান ৰঙা ন’হলহেতেন
ৰঙা জিঞা হৈ
চিঞৰবোৰ তেতিয়া
উৰি নুফুৰিলেহেতেন
প্ৰেমহীনতাৰ খঙাল উদ্যানত;

এতিয়া যে শিলবোৰৰো হৃদয় শিল,
তেজ আৰু চকুপানী শুহি
লহপহীয়া জোকৰ পাহাৰ

বাৰুদবোৰ যদি অলপ
কৰুণ হ’লহেতেন,
চুমাবোৰ চাগে
ইমান অকলশৰীয়া ন’হলহেতেন;
জৰায়ুত বান্ধি এটা মৰা শ
মহানগৰত উচুপনি সময়;
আ‍ঙুলিত পিন্ধি জুইৰ আঙঠি
এয়া যে দ্ৰোহকালৰ সপোন,
তৰোৱালৰ ধাৰ জোখাৰ
ঘৃণাৰ পুৰণি বীজগণিত ;

মানুহবোৰ যদি
অলপ মানুহ হ’লহেতেন
বুলেটবোৰো চাগে কোমল হ’লহেতেন,
কৰুণ হ’লহেতেন তৰোৱালবোৰো অলপ
ঈশ্বৰৰ মৃতদেহৰ ওপৰত তেতিয়া চাগে
উৰি নুফুৰিলেহেতেন তেজৰ শগুণ !!

************

মৌনতাৰ মাত
==========

মৌনতা শব্দৰ মাতৃভাষা
উচ্চাৰণৰ নিজান মূল;
মৌনতাৰ হাতত খোদিত হৈ থাকে
আবিয়ৈ আখৰৰ প্ৰথম প্ৰাৰ্থনা,
শোকৰ নিৰ্জন ভুগোল;

বনকৰা বুকুত মৌনতাই লুকুৱাই থয়
কেতিয়াবা
শব্দৰ ক্ষত হৃদয়,
কেতিয়াবা প্ৰসন্ন ৰ’দৰ শ্ৰুতলিপি;
অলপ কাতৰ অলপ বিষন্ন,
কাণ পাতিলেই যেন বাজি উঠে ওঠত
শূন্যতাৰ নিৰল আবৃতি !

সকলো কথাৰ শেষত যিখিনি কব ৰৈ যায়
প্ৰিয়তমা নাৰীক
সকলো আলাপৰ শেষত যিখিনি ৰৈ যায়
নৈশব্দৰ ধ্বনিত
সেয়াইতো মৌনতা,
ভালপোৱাৰ দৰে যি পূৰ্ণতাৰ সত্য
ৰহস্যৰ দৰে যি সুন্দৰ
আৰু নিৰ্জনতাৰ দৰে যি মুখৰ !

**********
৫-১০-১২

চিলনীৰ জীয়েক
===========

আগলতি কলাপাত লৰাই
উৰি আহ মোৰ চিলনী আই,
দহহতীয়া চুলিত মেৰিয়াই থও                        
তোৰ ঠোটৰ তলৰ বিষাদ,
মাটিৰ চৰুত সাচি থও
তোৰ ভগা ডেউকাৰ সন্তাপ;

কণা শিমলুৰ বিদেশ পাৰ হৈ
ৰূপৰ সদাগৰে বেহাই আনিছে
সুখৰ জৱাহৰাত্‍;
আই মোৰ আজলী,
চেনেহৰ কাঁচিয়লি পুতলী;
কলপতীয়া বতাহৰ সুতা দৰদত কপে,
আৰ্চি চাই আপোনপাহৰা চকুৰ
পানীতোলা ঘাট;

ঢৌ ঠেলি উজাই আহে কুমাৰনীৰ
এপতীয়া সপোন
আলহী আঁহতৰ কলিজা ধিয়াই,
ঘুৰণীয়া চাকত ঘুৰে আঠালেতীয়া
সপোনৰ মাটি,
ঘুণে খোৱা সোতত বাহ লয়
কুমাৰী শাওনৰ প্ৰথম শেলুৱৈ;
কাঁচোনমতী এদাল চুলিত মাত থৈ
পাটগাভৰু এখন নৈয়ে
এদিন কাক জানো ৰিঙিয়াই,
ৰূপহী পানীত মুখ চাই
লাজতে মুখ ঢাকে এজনী পানীপৰুৱাই ;
কৰবাত এটা দোতাৰাই পাগুৰী মাৰে,
ৰিহাৰ চানেকিত কৰবাত
এটা তৰাই তিৰবিৰাই;

যিজোপা আঁহতত এটা
দোলাভাৰী শংকাই গোন্ধতেল সানে,
তাৰেই ফেৰেঙনিত এটা হালধীৰ গোন্ধে
কেয়ুৰ পিন্ধে;
বাহৰ চুঙাত দীপলিপ আই তোৰ
জাকিমাৰি সপোন নামে,

অপেচৰী ৰাতিৰ এঁৱাসুতাত ওলমি আছে
ছজনী শোটাকানিৰ পুৰ্ণিমা ,
হাতত আখৈৰ চাকি লৈ
আই তোক ইনাইছো,
মাতত পৰীয়া ৰ’দ লৈ
আই তোক বিনাইছো,
আগলি বতাহৰ লহৰ কপাই
ত‍ই কিয় উৰি অহা নাই ?
আদৰৰ কাণফুলি মিনাকৰাই
সাউদৰ ডিঙা চোন মোৰ সপোনত ভটিয়াই,
সাদৰী ৰ’দৰ পাখি মেলি
দি যাহি আই মোক
তোৰ চেনেহী হাতৰ পৰশ বুলাই,
সোণালী পাখিৰ নঙলা শুৱাই
হওহি যেন আকৌ তোৰেই জী
আৰু ত‍ই মোৰ আতোলতোল চিলনী আই !!

**********
২৯-০৯-১২

Friday 21 September 2012


আবেলিটো কবিতাৰ দৰে আছিল
======================

আবেলিটো কবিতাৰ দৰে আছিল;
কবিতাত কেতিয়াবা কিছু দুখে
পাঠকৰ চকুৰে বুকুলে সোমোৱাৰ
বাট বিচাৰি থকাৰ দৰে,
আবেলিটোতো কিছু উদাসীন শূন্যতা
উচ্‌পিচাই ৰৈ আছিল
কোনোবা একাকী কবিৰ কবিতাৰ
বোকোচাত উঠিবলৈ;

আবেলিটো কিন্তু নিসংগ নাছিল
নিঠৰুৱা হৈ আবেলিটোৰ আশে পাশে
উৰি ফুৰিছিল বেলিৰ ডুবু ডুবু গোন্ধ;
যেন আবেলিটো আকাশ
আৰু গোন্ধবোৰ দোলকটা চিলা
বতাহ আহিলেই
আবেলিটোৰ পিছফালে লুকাই
কান্ধৰ ওপৰেৰে গোন্ধবোৰে জুমি জুমি চায়
বদমাছ বতাহজাক গ’লনে নাই;

আবেলিতো তৰুণ প্ৰেমিকৰ দৰে
অহংকাৰী অথচ উত্‍সাহী আছিল;
নৈখনৰ এটা পাৰত বহু সময়
সি কিবা ভাবি বহি আছিল,
কহুৱাৰ ফুলবোৰ অস্থিৰ হাতেৰে
লিৰিকি বিদাৰি চাইছিল,
নৈখনত ঢৌপোৱালিবোৰৰ
ৰঙিয়াল দুষ্টালিবোৰ
আবেলিটোৱে যথেষ্ট আগ্ৰহেৰে প্ৰত্যক্ষ কৰিছিল;

আবেলিটোৰ কিজানি যাবৰ মন নাছিল
কিন্তু বেলি ডুবাৰ আগেয়ে
কিবা ভাবি সি গুচি গৈছিল,
যেন সি কাৰোবাৰ আপেক্ষাতহে আছিল
সময়মতে নহা দেখি
খঙাল অভিমানতে ততাতৈয়াকে গুচি গৈছিল;

আবেলিটো যোৱৰ পিছত
কিছু সময়ৰ বাবে কহুৱাবোৰ
আবেগিক হৈ পৰিছিল,
দুষ্ট ঢৌ পোৱালিবোৰে ভাবিছিল
আবেলিটো সিহতৰ বাবেই খঙত গুচি গৈছিল
সেয়ে সিহতো সুৰসুৰকৈ ঘৰ সোমাইছিল;
আবেলিটো আচলতেই এটা কবিতাৰ দৰে আছিল !!

*********
১৮-০৭-০৩


বৰষুণৰ ৰাতিত এজন কবি
=================

ওৰে ৰাতি বৰষুণ দিয়াৰ পিছত
ৰাতিপুৱালৈ আকাশখনে শোৱাৰ যো-জা কৰিছিল;
কিন্তু কবিৰ দুচকু আছিল আমেজহীন, আবেগহীন
আৰু বৰষুণে ধুওৱা সেউজীয়াবোৰ
অনুবাদ কাৰিবলৈ অনুভুতিবিহীন ;
ওৰেটো ৰাতি মমৰ বিষাদময় পোহৰত
বেষ্টিত হৈ ৰৈছিল কবিৰ ভাগৰ,
বৰষুণৰ অস্থিৰ ভুণভুণণিৰ মাজতো
যোৱাৰাতি সি শুনিছিল
এটা নৈপৰীয়া নিচুকণি গীত
বৰষুণৰ ফাকে ফাকে গা বচাই
শব্দকেইটা যেন তাৰ কাণলৈকে আগুৱাই আহিছিল,
সোঁৱৰণিত যাৰ শুই আছিল তাৰ অতীত;

ওৰেটো ৰাতি বৰষুণ দিছিল,
নিহালী তলৰ উমবোৰো
কবিৰ আপেক্ষাত এসময়ত ভাগৰি পৰিছিল,
কিন্তু কবি শুব পৰা নাছিল;
নৰীয়াগাৰে কপি কপি তাৰ মেজত
মমৰ পোহৰৰ উম লৈ পৰি আছিল এটা কবিতা,
এমুৰে দোৱাতৰ ভিতৰৰ শূন্যতাত
আন্ধাৰৰ আৰ লৈ বেচ আমেজেৰে
আওজি আছিল এটুকুৰা ক্লান্ত নীৰৱতা;

শেষ প্ৰহৰ ৰাতি
জোনাকী পৰুৱা কেইটামানে
ভুমুকিয়াই চাইছিলহি কবিৰ কোঠা,
কিন্তু কবি শোৱা নাছিল
ছাদত তেতিয়াও বৰষুণৰ ব্যস্ততাৰ অহা যোৱা ;

ওৰে ৰাতি বৰষুণ দিয়াৰ পিছত
চিনাকি কবিৰ কোঠাত
ৰাতিপুৱাটোৱে অচিনাকি গাভৰুৰ দৰে
লাজ লাজকৈ সোমাই দেখিছিল
কবি তেতিয়াও শোৱা নাছিল,
মেজতে মুৰ থৈ নিস্পন্দ বুকুৰে
কবিয়ে জানো কি ভাবি আছিল
মমদালো দেখোন তেতিয়ালে নুমাই আছিল ;

************
১০-০৫-০৩

অনুভৱত শৰত্‍
=========

ছেপ্তেম্বৰৰ বেৰা বগাই
মোৰ কেলেণ্ডাৰৰ পাতত
টিকটিকাইছেহি শৰত্‍ৰ জেঠী;
ফিৰফিৰিয়া শীতৰ চোলা পিন্ধি
বতাহো হ’লহি নতুন আলহী;

চালনীত এনেকৈ
কোনে জানো চালিছিল নিজান জোনক,
ৰাতিৰ গালে মুখে দেখোন এতিয়া
জোনাকৰ ধূলি;
সুদীৰ্ঘ শূন্যতাৰ পৰা যেন
বিয়োগ কৰি থও নিজক,
উদাসীনতাৰ সাথৰ ভাঙি পাৰ হৈ যাও মোৰ
একান্ত অতীত, বিশ্বস্ত বৰ্তমান,
পালন কৰো বিষাদৰ মুকলিত
ভালপোৱাৰ হীৰক জয়ন্তী
সুললিত, সকল্যাণ;

নিয়ৰৰ ফেচকুৰি মোহাৰি
আজি পুৱাই,
শেৱালিৰ গোন্ধটোৱে নদীখনক জোকাইছিল;
বাৰাণ্ডাত আহিনৰ চাদৰ শুকুৱাই
হঠাতে উচপ খাই উঠিছিল
বিধৱা কঁহুৱাই,
ৰ’দৰ শিতানত যেন গধুলিগোপালৰ গোন্ধ,
যোৱা ৰাতি তেওঁ আহিছিল হবপায় !!

**********
১৫-০৯-১২

Saturday 8 September 2012


ঈদিপাস ঈদিপাস
=============

সেয়া নিশ্চয়কৈ এটা পদধ্বনিৰ গোন্ধ নাছিল,
উভতি চাই যাক দেখা নাপালো
তেঁও এটা ভুল নাছিল
কিম্বা ভ্ৰান্তিৰ প্ৰক্ষেপ;
এটা সৰিসৃপ শীতলতাৰ পিছল প্ৰশ্বাসত
মাথো লাহে লাহে পাক খুলিছিল
এটা শাওলগা গাঠি;

কোনোবাখিনিত এটা চিঞৰ হালি পৰে
শূন্যতাৰ বিয়লি পাৰত এখন মুখহীন দাপোনত
থৰ লাগে এটা ছাঁ,
এটা ৰাতিৰ বাউসীত
এটা যাত্ৰাৰ বাবে প্ৰথম প্ৰস্থানৰ যি শূন্যতা
তাত গজে এটা বিশ্বাস,
অভিশপ্ত নাৰীৰ স্তনত ওঠ থৈ
এটা সোনালী মাছ;

দহজন দেৱদূতৰ সমস্বৰ বগাই যায়
ঘোঁৰা হৈ সপোনৰ নাভিত,
ম‍ই এখোজ কাষ চাপো মোৰ
পলাতক সমুদ্ৰৰ খোজৰ নুপুৰ বাজি উঠে
সেই এটা নিদ্ৰাৰ নগ্ন ভৰিত
যি মৃত্যুতকৈ কোনোগুণে উষ্ণ নাছিল;

সকলো পাপৰ বাবে ম‍ই নাড়ীত ৰুই থও
এটা জুইৰ কোমল গোলাপ,
আৰু শান্ত নিৰ্জু
কোনো নাৰীৰ দেহৰ দৰে
জ্বলি ৰয় মোৰ নিৰ্ভয় নিমাত শ্মশান;
প্ৰতিটো উশাহৰ কিনাৰত ম‍ই ৰুই গলো
এটা কান্দোনৰ পুলি,
চুই চালো মোৰ আত্মীয় নাৰীৰ নিজান নগ্নতা
উচুপনিৰ নিমাত দলঙেদি পাৰ হলো
বিচ্ছেদৰ তপত উত্‍স
তথাপিও শেষত  ম‍ই মোক হেৰুৱালো;

ঠিক মৃত্যুৰ আগত উচ্চাৰণ কৰিবলৈ
এটা শব্দৰ বাবে
ম‍ই তেঁওৰ হাতত বাকি দিম এটা আকাংক্ষাৰ মোহৰ,
তেঁওৰ-
যাৰ শৰীৰ এটা পাপৰ নিৰ্বাণ
যাৰ হাহি এটা নৈবেদ্যৰ ফুল
আৰু যাৰ বাবে আত্মাৰ অব্যৰ্থতাত বিন্ধি থাকে
মোৰ এদাল সপোনৰ হুল !!

***********
০৮-০৯-১২

Friday 7 September 2012


সূৰ্যাস্তৰ প্ৰাৰ্থনা
==========

সূৰ্য স্মৃতিৰ ছায়া
নিহত ৰ’দৰ তাপিত চিতা;
বিদ্ৰোহী এটা স্বপ্নৰ সীমান্তত
এটা  প্ৰেমিক ৰাতিৰ মৃত্যুৰ
নিৰ্মোহ হুকুমনামা;

শংকা আৰু সন্দেহৰ বহুত সুৰ্যাস্ত
এৰি থৈ আহি
জ্বলি ৰয় আন এটা বেলি
তেঁওৰ সেঁওতাৰ ৰ লগা ৰাতিপুৱা;
শূন্যতাৰ খ্যাতিময় বৃত্তত মুখ গুজি
যেন কপিহে ৰয়
এচিকুট অনিবাৰ্য বিষাদৰ সেন্দুৰীয়া;

বুকুৰ পুতলত মেলি দি
ৰাতিৰ নিতাল চাদৰ
আন্ধাৰ হোৱা হ’লেই ভাল আছিল অলপ,
স্বপ্নজ স্পৰ্শৰ সুবাদত
কিংবদন্তি এটাৰ হাতত ধৰি
গুচি যাব পাৰিলোহেতেন
নিজান হাতৰ তলুৱাত লিখি লৈ
শূন্যতাৰ উত্তাল প্ৰাৰ্থনা !

**********
০৭-০৯-১২

কথক
=====

কিছুমান শূন্যতাৰ কোনো প্ৰতিশ্ৰুতি নাথাকে,
বেচিজিল এই বিষন্নতাৰ
কৈফয়ত্‍ দিব পৰাকৈ
আয়োজন নাথাকে সকলো উদং বৰ্তমানৰ;
তেঁও কয়
ৰীতি আৰু অৰ্থৰ সকলোবোৰ দায় পাৰ হৈ
আমি হেনো এদিন সম্পুৰ্ণ হ’মগৈ;
তথাপি
আশ্বস্ত ৰাতিৰ বয়স বুটলি
আজি অলপ হৃদয় মোৰ জ্বলিছে
অলপ নিশ্চয় তেঁওৰ

সকলো উন্মাদনাৰেইতো এটা যুক্তি থাকে
যুক্তি থাকে সকলো পাপৰ !!

***********
০৫-০৯-১২

Friday 31 August 2012


ছোমালিয়া
=======

তেজৰ গহীনত নিৰলে বিষায়
এখন আধাপোৰা কলিজাৰ নক্সা-
ছোমালিয়া,
ছিৰালফটা ওঠত ওলমি ৰোৱা
এটা যেন খৰাং পিয়াহ,
শিশুৰ হাড়ে ছালে ভোকৰ ভুগোল
ৰজা শগুণৰ নখে মাটি লেখা;

খঙাল অভিশাপ এটাৰ খোজত খোজ থৈ
দুঃস্বপ্নৰ দৰে আহে এলেহুৱা আকাল,
আৰু কলীয়া ম’হৰ শুকান জকাত
কয়দ হৈ ৰয় মাটিৰ নতজানু মুখ
এনেদৰেই চিৰন্তন চিৰকাল;
আকাশ শুৱাই কেৱল উৰি যায়
চুক্তিৰ নিচুকনি বেলুন,
বতাহ কপাই নাচি ৰয়
একপৃথিৱী সমবেদনাৰ নিলাজ ফেষ্টুন;

চুক্তিৰ চিঞাহীৰে কি
সেকিব পাৰি লঘোণৰ লুণীয়া ৰুটি ?
আচনিৰ আঙুলিত ধৰি
কি থিয় হব পাৰে
শিশুৰ কামিহাড়ৰ উচুপনি?
সমবেদনাৰ প’ষ্টাৰ পেটত গাঠি
কি পাৰ কৰিব পাৰি
দুৰ্ধৰ্ষ দিন আৰু নাহৰফুটুকি ৰাতি?

আণবিক মিছাইল আৰু বিকিনীৰ দণ্ডচিত্ৰত
ৱৰ্ল্ডপীচৰ গহীন ৰাতি,
ভোকৰ ঠেৰেঙা মজিয়াত
মুখ মেলি পৰি ৰয় ছোমালিয়াত
প্ৰগতিৰ সুত্ৰৰ বিকল জ্যামিতি;

তেজৰ পৰা তেজলৈ
এতিয়াও যে বহুদুৰ,
বহুদুৰ
শস্যৰ পৰা ভোকলৈ,
পোৰা কয়লাৰ ধোঁৱাৰ পৰা
এখন গৰম ৰুটিলৈ !!

*********
১-০৯-১২



Thursday 30 August 2012


মৰ আঁউসীৰ ৰাতি
===========

ইমানবোৰ শূন্যতাৰ অসুখ লৈ
কেনেকৈনো মুখামুখি হও তেঁওৰ?
নিসংগ হাতৰ তলুৱাত
জপাই থব পাৰিমনে মোৰ
স্বপ্নভঙ্গৰ অবাক বৰ্তমান;
ছৈ দিয়া স্মৃতিৰ বিহ্বল বাটেৰে
এতিয়া বহুদূৰ
ফুল চন্দন তুলসীৰ উদ্ধাস্তু ঋতু;

কেনেবাকে ৰাতিটো পাৰ হলেই
আকোৱালি লম
কাতৰ সোঁৱৰণিৰ প্ৰেম প্ৰসাৰিত বাহু;
নিৰ্জন বিষাদৰ এটা ঘাইল মুদ্ৰাৰে
সলাই লম
মোৰ বিষন্ন আয়ুস;

আজি ৰাতিটোৰ বাবে
নিশ্বাসৰ মাতাল দূৰত্বত
জগৰীয়া ইচ্ছাবোৰ কঁপক,
আজি ৰাতিটোৰ বাবে
শোকৰ নাবিকবোৰ টোপনি যাওক
নিদ্ৰাহীনতাৰ লুণীয়া বন্দৰত;
সোণালী শংখৰ দৰে
স্বপ্নময় এই দুৰ্লভ ৰাতি
শেষ নহওক যেন আজি ৰাতিটোৰ বাবে !!

***********
৩০-০৮-১২

Sunday 26 August 2012


এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি
====================

এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি,
চোতালত পৰি থকা
দুপৰীয়াৰ ক্লান্ত ছাঁৰ দৰে
বিদায় নোলোৱাকৈ,
মনে মনে মাত নলগোৱাকৈ ?
নৈ খনৰ সিপাৰে
আবেলিটোৱে এতিয়াও মন মাৰি আছে
তোমাৰ সুহুৰিৰ মাত শুনিবলৈ;
নৈ খনত পানী একাঠুও নাই
কিন্তু আহিব পৰা নাই সি
ইপাৰে যে গছৰ তলে তলে,
আলিৰ কাণে কাণে
ৰ’দৰ মৃতদেহ !
শুকাই কৰকৰীয়া লাগিছে
পুৱাবোৰ, গধুলিবোৰ আৰু....
আৰু দিনবোৰ

এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি
সজল স্মৃতি আৰু গৌৰৱৰ নামান্তৰ হৈ
সুখৰ মোনাত সকলোবোৰ দুখ সামৰি;
জুহালৰ গৰম ভাত আয়ে এতিয়াও ৰখি আছে
তুমি যে ওলাবহি পাৰা
যিকোনো মুহুৰ্ত্ততে ভাগৰি জুগৰি !

উত্‍কণ্ঠাৰ শেষ পৰিসীমাত
দৃষ্টিৰ আঁৰৰ দুটি দৃষ্টিয়ে
ঘনে ঘনে বিবস্ত্ৰ কৰিছে
বাটচৰাৰ প্ৰতিটো শব্দময় উত্‍স,
বুজনি দিছে নিজকে বাৰে বাৰে
তুমি আহিবা কিজানি
পুৱাৰ পিছত গধুলি, গধুলিৰ পিছত ৰাতি  ;
সিহতেতো নাজানে
তুমি যোৱাৰ বাটেৰে
আগুৱাই আহিছে মৃত্যুৰ নৈখন
বাটে বাটে জীৱন বুটলি;
এনেকৈ ক’লৈ গুচি যাব পাৰা তুমি.....?

***********
( সন্ত্ৰাস দমনৰ নামত সেনাৰ হাতত মৃত্যু হোৱা প্ৰতিজন নিৰপৰাধ অসমীয়া ডেকাৰ স্মৃতিত )
২৭-০৪-০৩

Friday 24 August 2012


শংকৰদেৱ পাৰ্কত নিশিগন্ধাৰ সতে
এটা দেওবৰীয়া আবেলি
=======================

শংকৰদেৱ পাৰ্কৰ এটা নিৰ্দোষ আবেলি
নিশিগন্ধা,
তোমাৰ কথাৰ লয়লাসত
সাৰ পাব খুজিছিল
পৃথিৱীৰ সমস্ত সেউজীয়া !
ভৰলুমুখৰ হালধীয়া ৰ’দৰ মাছ,
জপিয়াই পৰিছিল
তোমাৰ গলধনৰ তিনিটোপাল ঘামৰ নৈত;

এটা !
মাথো এটা
দুঘন্টীয়া সুখৰ আলাপ,
ভালপোৱাৰ এটা সহজ সমতুল সমীকৰণ,
তোমাৰ ওঠত চুমাৰ ব্যাকৰণ আৰু
খং আৰু অভিমানৰ
নিয়মমাফিক পূৰণ-হৰণ;
অথচ
কিমান প্ৰস্তুতি কিমান আয়োজন !!
নিশিগন্ধা তুমিতো গুছি গলাগৈ,
দোপাট্টাত সামৰি লৈ গুলপীয়া লাজ
আদহীয়া চিটিবাছৰ হাতত ধৰি....
বিমৰ্ষ বাছষ্টপেজটোৰ দৰে
মোৰো বুকুৰ নামনিত এতিয়া
এটা কণমানি বিষৰ বালিমাহী,
যাৰ খোজত ভাঙি পৰে
হৃদয়ৰ পৰা হৃদয়লৈ বৈ নাহিবৰ কাৰণে দিয়া
দুখৰ পাগলাদিয়াৰ মথাউৰি !
আস !
আৰু যদি বাগৰি থাকিব দিলাহেতেন
কিছুসময় তোমাৰ কান্ধত
মোৰ বেইমান নিদ্ৰাহীনতা
আৰু যদি....

নিশিগন্ধা তুমি নাজানা,
তুমি সচাকৈ নাজানা
তোমাৰ বুকুত এটা নাৰাজ প্ৰেমৰ কবিতা
তাৰ প্ৰতিটো বৰ্ণক, প্ৰতিটো আখৰক
ওলাই আহিবলৈ অকণমান বাট এৰি দিয়া,
অকণমান বাট এৰি দিয়া
এটা সুঠাম উচ্‌পিচনিক বাহ বান্ধিবলৈ
এবুকু শূন্যতাৰ বিজ্ঞাপন
আৰি লোৱা চকুত
সাতপাহ তেজৰ গোলাপ ৰুবলৈ !
তোমাৰ ওঠৰ আদ্ৰতাত
জীপ পাই উঠে মোৰ
একৈশটা বসন্তৰ মাত নুফুটা দুখ
এবুকু সুখৰ অজুহাতত মাতাল হৈ
ম‍ই পাঠ কৰো প্ৰতিনিয়ত
ৰাতিৰ নেওঁতা,

এটা শূন্য অনুভৱৰ দৰে অনুভৱ কৰো
আন এটা অনুভৱৰ হ্ৰস্বতা;

নিশিগন্ধা এতিয়াতো তোমাৰ পৰা মোলৈ
এটা উশাহৰ দূৰত্ব,
বতাহজাক এটা দহিকতৰা চৰাই হৈ
ঠোটত গুজি আনিছে মোলৈ
প্ৰতীক্ষাৰ সমৃদ্ধ বৰ্ণ
মোক আবৰি মোৰ বেহিচাপি কোঠাত
এতিয়া আবতৰীয়া বসন্ত !!


সাজি কাচি মোৰ দুৱাৰমুখত
পুনৰ এটা দেওবাৰ,
চকুত লাজৰ কেক্‌টাছ
আৰু ওঠত ভালপোৱাৰ চাবুক লৈ
এবাৰ নহলে ৰুমলৈকে আহিবা;
তোমাৰ বাবে
খিড়িকিত আৰি দিম মেঘৰ পৰ্দ্দা,
মিউজিক চিষ্টেমত বজাই থম
তোমাৰ প্ৰিয় গান-নিসংগতা
দুচকুত লৈ দুটা কৰুণ বেলি
এবাৰ নহলে
মোৰ দুচকুলৈকে আহিবা.....!!

*********

১৬-০৫-০৪






সান্ধ্যভ্ৰমণ
=======

হঠাতেই আহি চুই দিলিহি মোক,
এইবাৰ মোৰ পাল
জীৱন
ক’তনো বিছাৰি যাও তোক ?
ককাৰ খৰমযোৰৰ খট্ খট্‌ মাতত
নে,
বৰলৰ টোপ বিছাৰি
এৰাবাৰীৰ নিখোজ দুপৰীয়াবোৰত?

শিয়ালিৰ কাণ কাটি মাই জ্বলোৱা
বাটিৰ পোহৰত
দেখা পামনে আকৌ কেতিয়াবা
মোৰ ঘুমটিৰ আদৰুৱা মুখ;
পেঁপা বজা ৰঙা জোতা পিন্ধি
থিয় দিওচোন আকৌ এবাৰ
দেউতাৰ আঙুলিত ধৰি,
থুনুক-থানাক কোলাত খিলখিলাই
শাত পেলাও মাৰ
উৰুখা বুকুৰ সকলো দুখ !

আইতাৰ খুন্দনাৰ একটিপা
তামোল মুখত ভৰাই
ৰঙা হৈ পৰে আজিও কিয়বা
প্ৰায়ে মোৰ স্বপ্নকাতৰ জিভা,
চিঁঞাহীৰ বড়ি পানীত মিলাই
বাহৰ কলমেৰে কলপাতৰ পিঠিতে
খোদাই হৈ থাকিল যেন
মোৰ সুখৰ অনাবিল বৰ্ণমালা ;

বৰষুণত চালৰ পানী ধৰি ধৰি,
কচুপাতৰ ফৰিং খেদি খেদি
সৌৱা মোৰ ল’ৰালি,
ধুলিত লুতুৰি হৈ
ঘুৰি ফুৰিছে সমনীয়াৰ লগত
তামোলৰ ঢকুৱাত উঠি চোচৰি চোচৰি....

দেউতাৰ বুকুত বহি
সাধুকথাৰ বনহংসৰ দেশত
এতিয়াও ম‍ই
কেতিয়াবা ৰজা, কেতিয়াবা খৰিকটিয়া;
বদ্‌মাচ শিয়ালটো, বুধিয়ক বুঢ়ীজনী
বা আজলি ৰাজকুমাৰীজনীৰ লগতে
কথা পাতি পাতি
টোপনি যাও, সাৰ পাও, টোপনি যাও;
ভেকুলীৰ মাততে ভয়ত
কুচিমুচি দেউতাৰ বুকুত,
উজুটিয়াই পৰিলেই
চলচলীয়া হওগে মাৰ চকুত;

দেউতা,
দেচোন মোক আকৌ এবাৰ
পুণি ভৰা পুখুৰীত সাঁতোৰ শিকাই,
চিলনি সাতোৰ মেলি
পাওগে মোৰ শৈশৱ
আকৌ উঠোগে জপিয়াই তোৰ কান্ধত,
ডুবাৰ ভয়ত চিঞৰি চিঞৰি
ওলমি ৰওগে তোৰ ডিঙিত
নঙঠা পানীৰ পুখুৰীৰ মাজত;
বাঢ়ি আহিছে যেন এডিঙি
পুনৰ কালিকালগা পুখুৰীৰ পুণি,
জোৰকে ধৰি থাক মোক
দেউতা,
এৰি নিদিবি এৰি নিদিবি;


পমাৰ গুটিৰে বিজুলী বাহৰ নলীত
বন্দুক ফুটাই,
কঠালপাতৰ চকৰী আৰু
লিচুগুটিৰ লাটুম ঘুৰাই ঘুৰাই
অ' মোৰ চেনেহী শৈশৱ,
দে হি চোন আকৌ  মোৰ
একাকী পথাৰৰ হাইঠা হুৰাই;
পদুম পুখুৰীৰ মকুৱা চোবাই,
ভোটোৰাপাতৰ ঠাৰি ভাঙি
ফুকাই ফুকাই বেলুন উৰুৱাই
কিহে জানো ৰাতি ৰাতি
মোৰ টলবল বুকু কুটেকুটাই;

গালি পাৰি
উত্‍পতীয়া ঘাম মচি দিয়া
তোৰ পুৰণি চাদৰৰ লোচটোৰেই,
বিষাদৰ বিয়লিত
অ’ মা, মা
বুকুলে মোৰ জাননে
আজিও সুখৰ পাটপলু উজায় !!

**********
২৪-০৮-১২

Monday 20 August 2012


প্ৰতি নিশিগন্ধা
===========

তুমি নজনাকৈয়ে তোমাৰ
কাজল চুলিৰ আন্ধাৰ আউসীত
মোৰ ভাগৰুৱা নিশাবোৰ সাৰে ৰয়,
কেনেবাকে তোমাৰ চকুৱে চকুৱে পৰিলেই
বুকুৰ সেউজীয়া লতাদালে পোখা মেলিব খোজে,
নিশিগন্ধা,
তুমি হয়তো নাজানা
ভালপোৱাৰ নামত সকলোৱেইতো
পুহি ৰাখে বুকুত
এজনী যন্ত্ৰণাৰ কাঠৰোকা ;

এটোপাল অশ্ৰুৰ আয়ুস লৈ
ভুলতে ফুলি ৰৈছিলো
তোমাৰ হৃদয়ৰ সজল ফেৰেঙনিত,
বিষাদৰ শিপা মেলি
তুমি চুই চাইছিলা মোৰ কাতৰতাৰ উন্মাদ শিল্প;
কাৰ ওঠত ৰুই থও এতিয়া
তোমাৰ নামৰ সেই ৰক্তজবা ?
কাৰ আব্‌দাৰৰ পলস লৈ
বাঢ়ি আহিব এতিয়া
প্ৰত্যাশী সপোনৰ সেউজীয়া
মোৰ মৃত্যুৰ অনাখৰী বিকল্প;

সোঁৱৰণিৰ সাগৰফেনা
আপদাল কৰি বুকুত
ভালপোৱা এতিয়া এটা মলিন দিৱস,
এপলক হৃদয়ৰ আবেগত
থমকি ৰব খোজা পৃথিৱীৰ শোকৰ উ‍ত্‍সৱ;

বহল পীৰা পাৰি বহিছেহি বুকুত
শিপিনি দুখ,
নিশাচৰ হাতত ব’তোলা বিষাদৰ আঁচুফুল;
আঙুলিৰ ঘাত মেৰিয়াই লৈ
যন্ত্ৰণাৰ জোনাক,
মাথো এটা ৰাতি নিশিগন্ধা
মোক পোহৰাব দিয়া
তোমাৰ বেদনাৰ আকাশ;
মাথো এটা ৰাতি
ভৰি পথানত পৰি ৰব দিয়া
সোত-মোচ খাই দুখৰ কামিজ
ভালপোৱাৰ সকলো নিয়ম ভাঙি
মাথো এটা ৰাতিৰ বাবে
নিশিগন্ধা
ডিঙিত ওলমিব দিয়া সুখৰ তাবিজ !!

(পুনশ্চ:
বিস্মৃতিৰ দ্ৰাঘিমা পাৰ হৈ আহি
কুকুহাবোৰ চৌপিনে উৰিছে;
তেওঁ যে নাজানে-
তেওঁ হ’ল বনপোৰা জুই
আৰু বুকু মোৰ বিস্তৃত বননি
তেওঁৰ বাবেইতো ৰৈ আছো বুকুপাতি
কিমান যে শতাব্দী.....)

**********
১৫-০৮-১২



কোন বাটেদি যায় কবি
===============

কবি যায় সেই বাটেদি
শ্ৰমিকৰ হাতুৰীয়ে বহল কৰে য’ত
তীখাৰ চোতাল,
মহাজনৰ ভড়ালত য’ত
উচুপি শুই থাকে
খেতিয়কৰ আঘোণী ঘাম,
হলৌ চোলাৰ জেপত ভৰাই
স্বাধীনতাৰ শুকান ধপাত আৰু
বিপ্লৱৰ দিয়াচলাই,
সেই বাটেদিয়েইতো কবি যায়;

আহত অৰণ্যত কবিতা পাঠ কৰি
চৰাইবোৰ ঘুৰি আহে যি বাটেদি,
বিষন্ন নদীৰ প্ৰশংসাত
যি নিমাত নাৰীৰ স্বপ্নৰ বাগিছাত
সাৰ পায় আখৰৰ খৰিকাঁজাই,
ওঁঠৰ ভাজত মলঙা বিৰহৰ চুৰট জ্বলাই
সেই বাটেদিয়েইতো কবি যায়;

গাৱৰ নিৰল কেকুৰিত
ঔঁটেঙাৰ ফুলবোৰ যেতিয়া
বিহমেটেকা হৈ ধোঁৱায়
তেজ আৰু বুলেটৰ খঙাল প্ৰশ্নবোধকত
শান্তিৰ জলফুল ছটিয়াই
কবিয়ে জীৱনক জীব শিকাই;
বাটে বাটে বিলাই
ভালপোৱাৰ মাহকৰাই
সেই গাৱৰ নিৰ্যাতিত বাটেদিয়েইতো কবি যায় ;

*********
২০-৮-১২






বৰষুণ: এটা অশ্লীল স্তৱক
===============

ডাৱৰৰ জেওৰা ভাঙি
অলপ যেন অশ্লীল হৈ নামিছে
অবাধ্য বৰষুণজাক;
টোপালবোৰ কুমজেলেকুৱাৰ পোৱালিৰ দৰে
বগাই গৈছে
কাপোৰৰ মাজেৰে,
শিহৰণৰ চেঁচা বাটেৰে;

নাৰীবোৰ তিতিছে পৃথিৱীৰ দৰে,
কুমজেলেকুৱাবোৰ লিপিট খাই ধৰিছে
চোৰাং হেলনীয়াৰ চাঞ্চল্যত;
জুৰুলি জুপুৰি সপোনৰ কাপোৰবোৰে
উদঙাই দিছে
নিষিদ্ধ হেৰেমৰ মানচিত্ৰ;

বন্ধ্যা উদাসীনতাৰ বাকলি এৰুৱাই
মাটিকাদুৰী বনৰ দৰে
হৃদয়ে হৃদয়ে যেন কপিছে
শালিনতাৰ আদিম চাদৰ;

সুন্দৰতাক অলপ অশ্লীল কৰি
আৰু
অশ্লীলতাক অলপ সুন্দৰ কৰি
নামি আহিছে এজাক পুৰুষ বৰষুণ
মিলনকাতৰ শৰীৰৰ মেঘেদি !!

***********
২১-০৮-১২

Thursday 16 August 2012



হিউৱেনচাং-এটা প্ৰেমৰ কবিতা
===================

কৰতোৱা, কামৰূপ আৰু কঠন্দা ফুল
তোমাৰ নঙলামুখৰ....
ধেত্‍ !
চবতে আউল আৰু আউল !
বুৰণ্জীৰ ধুৱলি বাটেৰে অৱশেষত
উপায়হীন হিউৱেনচাং বহি ৰয় মোৰ পঢ়া টেবুলত;

বাহিৰা বহীৰ শেষ পৃষ্ঠাত
কত য্তন কৰি লিখা এটা
অকোৱা পকোৱা H -
হিউৱেনচাঙৰ নহয়,
আৰু ইপাৰ সিপাৰ এদাল সোণালী কাঁড়
শালি ধৰি বুকু !
উইংচাং কলমৰ নিবেদি বিয়পি পৰে
কোনোবাটো ৰাতিৰ পৃষ্ঠাত
দুটোপাল হেঁহো-নেঁহো চিঞাঁহীৰ দূঃসাহস;
আৰু
ৰুণ দিয়া আখৰবোৰৰ দুৰ্জয় ৰাতিৰ সিদ্ধান্ত
সদায় পুৱা চেপেটা লাগে
স্কুলৰ বহীৰ জিলৰ ভিতৰত,
মাত্ৰ ৰঙা ফিটাৰ এদাল
বেণীয়েদি বগাই বগাই
হিউৱেনচাং যেন সদায় হেৰায়
এটা মৌপিয়া হাঁহিৰ ৰ’দঘাই নগৰত;

কথাবোৰ ঠিক কেনেকৈযে আৰম্ভ হৈছিল,
চিনাকি দুটা চকুৰ পৰা হ্ঠাতেই এদিন
দুটা সোণপোক উৰি আহি
বুকুৰ কুঁহিপাততে আঠা লাগি ৰৈছিল;
তাৰপিছতেই কোনোবাখিনিত এচিকুট বিষ
আৰু বিষত এসাগৰ মিঠা....
এটা ভাললগাৰ আশ্বৰ্য্য অন্যমনস্কতাত,
এটা ৰাগীৰ সোণালী জঠৰতাত
জেচন, টাৰ্জান আৰু চাঁন্দমামা
চব যেন এলাগী হৈ পৰি ৰৈছিল
এটা নতুন খেয়ালৰ শিতানত !

ডেউকা মেলি উৰি যোৱা
সেই সময়ৰ বুলবুলি,
আৰু চাঁও নাচাঁও দুটা চকুৰ আকুল সংশয়
বুকুতেই যেন ৰৈ গল এটা অভিমানৰ বাহ বান্ধি,
পিছে মৌনতাৰ জ্যোতিস্কৰ আৰত
তেওঁতো কেতিয়াও দেখা নাপাব
এই নক্ষত্ৰৰ চুবুৰী,
সেঁন্দুৰৰ কক্ষপথ পাৰ হৈ
হ’ল বুলিয়েই কেনেকৈনো কও তেওঁক
মোৰ পাছৱৰ্ডত আজিও আঠটা "H " আছে বুলি !!

***********
১৫-০৮-১২

Saturday 11 August 2012

অৰ্ধাঙ্গিনী
=======

সাতটা আমৰ পাত
আৰু এটা মাটিৰ চাকিৰ পোহৰত
তেওঁ এটা জলদগম্ভীৰ আৰাধনাৰ শ্লোক,
মোৰ আকাংক্ষাৰ কোমল ৰুদ্ৰাক্ষ ;

তেজত তেজ হৈ শিপায় মোৰ
তেওঁৰ সুখ কিম্বা অশ্ৰুশান্ত বিষাদ;

কোনো দেৱদূতৰ পৱিত্ৰ ডেউকাত ভৰ দি
থিয় হোৱা
তেওঁৰ প্ৰথমটো চাৱনিৰ সেন্দুৰীয়াত,
সম্পূৰ্ণতাৰ প্ৰথমটো অপলক স্পৰ্শত
ম‍ই ম‍ই হৈ জী উঠিম
আৰু তেওঁ তেওঁ;

তেওঁৰ অভ্যন্তৰৰ এজোপা শিৰীষৰ ছাঁত
স্থাপন কৰি মোৰ আৰাধ্য বিষাদক
তেওঁ হব মোৰ উপাসনাৰ সুনীল প্ৰজ্ঞা,
আৰু ম‍ই
তেওঁৰ দেহান্তৰিত স্পৃহাৰ কমণ্ডুল  ;

কিন্তু তৰংগমুখৰ যি নৈশনদীৰ সোঁত
বৈ থাকিব সেইজোপা শিৰীষৰ শিপাত,
তাৰ প্ৰতিধ্বনি জানো ম‍ই কেতিয়াবা
স্পৰ্শ কৰিব পাৰিম ?
পৰিচয়ৰ সকলো সুত্ৰৰে চিনাকি হৈও
আমি হয়তো অচিনাকি হৈ ৰ’ম
স্পৰ্শাতীত কোনোবাখন দাপোনৰ আগত,
অজ্ঞ হৈ ৰ’ম হয়তো ইজনে সিজনৰ
আত্মীয়তাৰ সকলো পোছাকৰ তলত;

আৰু এই সনাতন অজ্ঞতাই হ’ব আমাৰ
প্ৰশান্তিৰ আশ্ৰয়ভূমি, সমৰ্পনৰ উৰ্বৰতা
আৰু জীৱনৰ শ্ৰেষ্ঠতম আশীৰ্বাদ !!

**************
১০-০৮-১২

Wednesday 1 August 2012


তেজা আৰু তেজা
===============

বিবশ প্ৰণয়ৰ এটা হাবিয়াস হৈ
তেওঁ নামি আহিছিল
বুকুলে পোণাই বাট;
হৃদয় ভৰি তেওঁৰ শূন্যতা
আৰু শূন্যতা ভৰি তেওঁ;
কাৰ চকুলে চাই এতিয়া চেকুৰি যায়
দুঃসময়ৰ ৰঙাঘোৰা ?
শোকৰ পাতত নিয়ৰ গোটাই
এজাৰো যে নিজাৰ পৰিল অ’ তেজা,
কাৰেঙৰ দেৱালৰ এলাগী ফাটত
কেতিয়া বা গজে এতিয়া উলাহৰ ল’ৰাজবা;
প্ৰতিশ্ৰুতিৰ পিছল বাটৰ
কুমাৰী পানীৰ ডোং,
পাৰ হৈ তোৰ বুকুলে তেজা
আহেনো কোন আহেনো কোন ?

সেই বাটে নাযাবি
অ' মোৰ লাহৰী তেজা
মিনাকৰা সেঁন্দুৰীয়াত নিদিবি খোজ,
শাঁখিনী দুৱাৰগৰীয়াই মেলি দিব
অমঙ্গলৰ মজিয়া,
সতিনী কলপুলিয়ে
থপিয়াই চাব তোৰ বেথাৰ গহনা,
বহনা হিয়াত লৈ বিষাদ-শালিকী
চাউলধোৱা ঘাটে নুঠিবি তেজা
চাউলধোৱা ঘাটে নুঠিবি;

ববচা হিয়াৰ ডাল জোকাৰি
যিয়ে পাৰি লৈ যায়
তোৰ চকুপানীৰ ডালিম,
সেই বুকুতে সপি থ তোৰ
বেজাৰৰ জোঁনবিৰি,
সেই চকুতে গুজি থ তোৰ
পদুমপতীয়া সপোন;

সোণৰ সজাঁৰ ত‍ই
তেনেই নুমলীয়া বিষাদ,
জলঙাইদি উচুপনিৰ তোৰ
কেতিয়া যে সোমাব পাটমাদৈ জোনাক,
জেতুকাপাতত নুৰিয়াই উৰুলিৰ মেজাংকৰি
কি ৰঙেৰে বা বোলাইহি
সুবৰ্ণ পুৰুষে
তোৰ আকুলতাৰ কিংখাপ ?

ডালিম পককেই বা নপকক,
ৰূপৰ পাল্‌কীৰ মাতত ঘুমতিৰ বগৰী
সৰকেই বা নসৰক;
ম‍ই থাকিম তেজা
বৰকাঁছ হৈ সদায়েই তোৰ পুখুৰীপাৰত,
ম‍ইনাৰ মাত হৈ গুণগুণাম
তোৰ দুখৰ ওঠত
এজাৰ হৈ ফুলি ৰম আজন্ম
দৰদী তোৰ বিষাদবনত !!

***********
১-০৮-১২






চিঞৰ
======

হাড়ৰ সজ্জাত এটা অশান্ত চিঞৰ
মুখ ঢাকি শুই আছে,
ৰওঁ বুলিও ৰব নোৱাৰিলো !
বৰফ চেচাঁ নদীত ডুবি
ভিতৰত কেৱল বাজি থাকিল
এটা ডবাৰ বাহী মাত;

শেষৰাতি দলঙৰ মুখত
নিৰ্বাসিত আত্মাবোৰে বিনাইছিল,
শোকৰ প্ৰাচীন ডুবাৰুৰ হাতত ধৰি
ওচৰতে ৰৈছিল আহি
সোণালী সমুদ্ৰৰ ছাঁ;

এটা চিঞৰৰ পাৰত
এতিয়াও ম‍ই সাৰে থাকো
নিজৰেই ভিতৰত;
শান্তিৰ দৰে কোনে জানো
ওলোমাই থৈ গ’ল সেই এটা আহত চিঞৰ
শৰীৰ যাৰ এটা খঙাল ৰুবায়ত্‍;

**********
("The Scream"--Edvard Munch-ৰ এখ্ন কালজয়ী painting.  কবিতাটো তাৰেই আধাৰত লিখা হৈছে )
২৯-০৭-১২



Thursday 26 July 2012


শংখধ্বনি
========

পাৰ দুটাৰ বাবে নৈখনৰ
একো প্ৰস্তুতি নাছিল,
পানীৰ দৰে শোহ গৈ আছিল
আত্মাবোৰ মাটিৰ শংখত;
ঋণগ্ৰস্ত হাড়বোৰে
পিতৃলোকলৈ ডিঙি মেলি চাইছিল,
মজ্জাত ধোৱা হৈ জ্বলিছিল
বিষাদবোধৰ গধুৰ পৌৰুষ l

যি খোজ মেলি আত্মাবোৰ ওভতি গ’ল
তাৰেই চিনে চিনে এতিয়া নৈখন;
উত্‍সমুখৰ কোৰ্হালে হেচি ধৰিছেহি
হাতৰ তলুৱাৰ দুবৰি
জিভাত তেওঁলোকৰ পিণ্ডজলৰ তিনিটোপাল পিয়াহ,
খোজত পোহৰৰ স্তোত্ৰ;

অভিশপ্ত কি যে এক যাত্ৰা
এক নিৰ্বাসনৰ পৰা আন এক দেহান্তৰলৈ,
এক আৰম্ভণিহীনতাৰ পৰা
অন্য এক অন্তহীনতালৈ !!

***********
২৬-০৭-১২

Monday 23 July 2012


মেডুচা
========

চকুলে তেওঁৰ এখন ওলোমা দলং ,
এমুঠি সোণালী বালি মুঠিত লৈ
বাট বুলিছো ম‍ই
খোজবোৰ একো একোটা শিল;

দুবাহুৰ সৰিসৃপে ক্ৰমাত্‍ মেৰিয়াই আনিছে
জীৱনৰ শান্তশীল অভিশাপ,
কাৰ বা মণিবন্ধত দুলিছে সেই খাৰু
পোহৰে জিলিকাইছে যাৰ
মোৰ সিৰাৰ ঈষত্‍ নীলা?
এডিঙি তেজৰ শূন্যতাৰ অন্তত
উশাহৰ দুফাল জিভাত দুখ হৈ তিতিছে এতিয়া
মোৰ শান্তিৰ খঙাল স্বাদ;

ভালপোৱা ! কি এক অনাবিল শুভ্ৰতা
শিল হৈ শিপাইছিল
তেওঁৰ চকুৰ অগাধ সেমেকাত ;

কি দাপোনত ভাঙি দেওঁলগা চুলিৰ জোঁট
শুই ৰয় মৃত্যুৰ বিস্ময় মুখ,
কোনো নতুন প্ৰেমিকাৰ দৰে
অসহজ অপ্ৰস্তুত !!

***************
৯-০৭-১২

Sunday 15 July 2012


কবিলৈ
=======

এদোৱাত চিঞাহীৰ নিৰ্জু নীলাত
তিতি আছিল তেওঁৰ আয়ুস,
এতিয়া শ‍ইচৰ শোকাকুল পথাৰ
আৰু স্বপ্নময় চকুৰ দুৱাৰদলিবোৰ ভিজিছে,
কলমৰ সেমেকা পতাত বিৰ দি ৰৈছেহি
তেওঁৰ প্ৰিয়তম শব্দবোৰৰ ম্ৰিয়মান মুখ;

অথচ,
কবিতাৰ বাবে বৰ বিশেষ আয়োজন তেওঁৰ নাছিল;
এটোপাল শুভকামনাৰ লোতক,
চিকুটি তুলি অনা অলপ
বুকুৰ তলৰ ধূলিয়ৰি মাটি;
বচ সেয়াই !
তথাপি তেওঁৰ কবিতাত
কামিজ খুলি উদং বুকুৰে ৰ’দ লৈছিল ভালপোৱাই,
বিষাদৰ অটব্য স্তৱকে
তেওঁৰ কবিতাৰ আখৰক বাট এৰি দিছিল
মুৰ দোৱাই;

লেটা ভাঙি শব্দবোৰ যেতিয়া
পখিলা হৈ উৰি ফুৰিছিল
বুকুৰ সুগন্ধি অৰণ্যত
বিষাদৰ স্নায়ুৰে জুখি চাইছিল তেওঁ
প্ৰণয়মধুৰ স্বপ্নৰ ওজন,
চেতনাৰ উন্মিলিত দুৱাৰ খুলি
ৰুই লৈছিল মৃত্যুৰ আবেগত
চিৰআত্মীয় মাটি আৰু
স্মৃতিশুৱনি শস্যক্ষেত্ৰৰ অভিনন্দন ;

কবিতা মানেইতো-
সোৱঁৰণি আৰু শান্তিৰ বিনীত শ্লোগান, জীৱনৰ প্ৰতিবাদ বাক্য;
কবিতা মানেইতো-
দুখৰ বনছাই, শিল্পকাৰ শব্দৰ মহত্তম শিল্প;
কবিতা মানেইতো-
শোকৰ শেষ আশ্ৰয়, আৰু ভালপোৱাৰ সুশোভিত গন্তব্য;


********
১৩-০৭-১২

(হীৰুদাৰ সোৱঁৰণত.........)

Monday 9 July 2012


সাজোন
---------

অৰ্থ অনৰ্থৰ গহনাবোৰ খুলি থৈ
সকলোবোৰ এদিন উলংগ হব,
সস্নেহ উশাহৰ পহৰা পাৰ হৈ
নিখোজ হব
শিল চেঁচা এটা উত্তাপত গা থৈ;

শিল আৰু পাহাৰৰ পালেঙত
শুই পৰিব
নদীৰ গৰ্বী কংকালবোৰ,
দিনবোৰে পাতত মেৰিয়াই ৰ’দৰ বয়স
সৰি পৰিব বালিঘড়ীৰ ডালৰ পৰা

শব্দবোৰ যেতিয়া তিলফুল হৈ ধোৱাব
উচ্চাৰণৰ সীমান্তত,
মাটিৰ ছাঁই অচিনাকি সুহৃদ হৈ যেতিয়া
তুলি ধৰিব নিচুক কণ্ঠ,
ম‍ই তেওঁলৈ থৈ যাম মোৰ
শেষটো অক্ষয় অৰ্থ

*******
৩-০৭-১২

Saturday 30 June 2012


আমি হাত মেলিছো
===============

জয়াল পুখুৰীটোৰ সিপাৰে
হাত মেলিছে সদ্যমৃত সকলে;
কুৱলীময় স্বৰূপত থৰ আঙুলিবোৰো
পান্দুবৰণীয়া জোন এটাৰ ধোৱাত
তেওঁলোকৰ অভীপ্সাবোৰ জিলিকিছে নেকি বাৰু ?

পানীৰ আন্ধাৰ বাস্প‍ই তিয়াইছেহি
ইপাৰৰ চৈতন্যৰ জড়তাক,
সকলো আপেক্ষাৰত কাতৰতাৰে
হাত মেলি দেহত, আত্মাত

**********
 ০৮-০৫-১২

পানী
------

দুপৰ ৰাতি নৈখন উঠি আহিল
দোৰখছিগা পানীবোৰ পিছে পিছে;
ঠোটত তুলি লৈ এখন পানীপিয়া আকাশ
চৰাইবোৰ এতিয়া নৈৰ মূধচত,
নিশ্চুপ হাহাকাৰৰ এটা চলচলীয়া অন্তৰা
বাগৰি আহিছে
গানবোৰৰ পাৰেদি
মৌন মাটিৰ খ্যাতি কপাই;

বৰষুণৰ সাকোঁৱেদি সোতঁবোৰ
কেতিয়াযে পাৰ হৈ আহিল চকুলে,
সোণগুটিয়া ঘামৰ সপোনবোৰ কাটি কৰি
আথানি বুকুৰ মজিয়াত
মুৰ ডাঙি ৰ’ল
চপনীয়া দুখৰ ওমলা ঘৰ;

লুণীয়া বনগীত এটা বুকুত সাৱতি
মেটেকাৰ শিপাৰ আউলত যেন
বান্ধ খাই ভাহি ৰ’ল,
শস্যসম্ভৱা পথাৰবোৰৰ কৰুণ গৰ্ভ !

*********
             ২৯-০৬-১২


আলঝেইমাৰ
-------------

নাবিকবোৰে বাট হেৰুৱাইছে,
কম্পাছৰ কাটাবোৰ এতিয়া নিজলৈকে
বাট হেৰুৱাইছে লঙ্গৰবোৰেও;

নিশ্চল হ্ৰদটোৰ ধূৱলি পাৰত
এটাই মাথো প্ৰশ্নৰ ধনগুলৈ
-কোননো ম‍ই ??

******
         ১৭-০৫-১২


বিষ্ণুৰাভালৈ এটা কবিতা-

স্বাধীনতাৰ পিছত
------------------

আৰু কেইজাক ধুমুহা পি
শান্ত হৈ থাকিব এই ৰাতি ?
প্ৰতিশ্ৰুতিৰ দোল কটা চিলাবোৰ দুলি আছিল
পাৰ হৈ যোৱা চিঞঁৰবোৰৰ বিক্ষোভ কপাই !

বিৰিণাপাতৰ পেপাঁ বজাই
সাচঁতীয়া লৰালিবোৰ গ’ল যি গ’লেই,
ওভতনিৰ বাটত এতিয়া মাথো
অশুচি হাড়বোৰৰ পহৰা;

বিষ্ণুৰাভা,
ইটাভাটাৰ অঙঠাই দহি আছে এতিয়াও
ক’লাপৰা কলিজাবোৰৰ ভোক,
নোমাল হাতবোৰে এতিয়াও
ৰাজপথতে উলংগ কৰে
বিব্শ নাৰীবোৰৰ দেহা,
মাথো কাতৰ বতাহৰ সোঁ-সোঁৱনিয়ে
এতিয়া আৰু নুলুটিয়াই
"ডাচ কেপিটেল"ৰ পৃষ্ঠা;
আগৰ দৰে
বুকুৱে পিঠিয়ে লৈ হলেও বুলেটৰ দাগ
কোনোৱে নিলিখে আৰু কেঁচা কলিজাত
সেই দূৰ্দান্ত নাম-
স্বাধীনতা, স্বাধীনতা, স্বাধীনতা !

চালাম থুকি বেকা হোৱা হাতবোৰৰ বাবে যে
কাঁচিবোৰ খহতা,
নাঙলবোৰ গধুৰ
আৰু স্বাধীনতা-
সুলভ সন্ধিৰ এক জৰাজীৰ্ণ দেৱাল লিখ্ন,
আবেগৰ ৰঙীন বিগূল বজাই
ছদ্মবেশী শোষণৰ জঘন্য বিপণণ;
বাট হেৰুৱাই
বিপ্লৱো যে এতিয়া এটা
আধাজ্বলা বাৰুদৰ স্বপ্ন,
এটা বন্ধ্যা সপোনৰ নিৰুত্তাপ স্মৃতিবিভ্ৰম;

শলিতাত লৈ গৰীবৰ তেজ
এনেকৈয়ে জ্বলে এতিয়া ইয়াত
স্বাধীনতাৰ নুমাও নুমাও তৰা,
আৰু গাতে গা লগাই পাৰ হৈ যায় নিৰ্বিঘ্নে
চিকাৰী চৰাইৰ ঠোটৰ বতাহ;
কোটৰগত চকুবোৰত
তোমাৰ দৰে,
ওৰে ৰাতি সাৰে ৰয় মাথো
অযুত শ্বহীদৰ নিদ্ৰাহীন হুমুনিয়াহ !

বিষ্ণু ৰাভা-
বজ্ৰ হুংকাৰেৰে সকিয়াই এই কিন্নৰ সময়ক,
কলিজাত পুতি দিয়াহি জনতাৰ
আকৌ বিপ্লৱৰ তেজেধোৱা নিচান,
লাঞ্চিত হাতবোৰ মুষ্টিবদ্ধ হওঁক;
হুচিয়াৰ কৰি বাঘৰ ছাল পিন্ধা ফেউৰাৰ জাকক,
শিল কঠিনতাৰে এলেহুৱা সিৰবোৰ
ফুলি উঠক পুনৰবাৰ,
বুকুৰ তেজেদি ধুই খহিপৰা মুকুত
তুলি দিও আইৰ পৱিত্ৰ শিৰত আকৌ এবাৰ !!

**********
            ১৪-০৫-১২



কাহিলীপাৰাৰ গধুলি
---------------------

কাহিলীপাৰাত গধুলি হৈছে
কাৰোবাৰ সেঁওতাৰ বাটেদি
নামি গৈছে বেলিটো
ৰঙা কৰি কাৰোবাৰ হৃদয় !

আকাশ মানেতো সদায় আকাশ নহয়,
ভালপোৱাৰ শপত খাই জীয়াই থাকে মাথো
আকোৰগোজ যন্ত্ৰণাবোৰ;
বুকুতে আফালি ৰাতি
কাৰ বুকুত কোন সাৰে ৰয়
নিশ্বাসেতো নাজানে;

টোপনিৰ অগোচৰে
স্বপ্নৰ নিমাখিত ওঠত গজি উঠে
অহোৰাত্ৰ বিলাপৰ দীঘল কাইট,
বুকু খুলি বিদ্ধ ৰাতিয়ে
যাপন কৰি ৰয়
আমৃত্যু প্ৰণয়ৰ বিষাদ বিলাস l
নিভৃত আত্মাত উজুটি খাই
যাৰ ওঠৰ সংগীত বাজি ৰয়
বেদনাৰ দিপিকা ছন্দত,
নিৰালম্ব নিশ্বাসৰ কম্পন বৈ যায় মাথো
সেই নাৰীৰ কল্পিত উ‌ত্‍সলৈ,
প্ৰতিধ্বনিত হৈ ৰয় সেই একান্ত তৰংগ
মৃত্যুৰ সিপাৰৰ নিবিড় প্ৰাৰ্থনাত ;

বিষাদ মানেতো সদায় বিষাদ নহয়,
এয়াই সেই নীলকন্ঠ ৰাগ
য্ন্ত্ৰণাৰ আলম লৈ প্ৰেমৰ সহজ আত্মপ্ৰকাশ !!

**********
              ১৫-০৫-১২

Thursday 28 June 2012


মুক্তি সংগীত
-------------

বুটলি আনিছো মই সেই নদীৰ খোজ,
আদ্ৰ ভৰিত পিন্ধি খাজকটা প্ৰবাল
যি তিয়াই যায় মোৰ দুপাৰ;

পোহৰৰ সুৰংগটোৰ সিটো মুৰত
তেওঁ ৰৈ আছিল
শূণ্যতাৰ ব্ৰহ্মত্ত্বত আওঁজাই থৈ তেওঁৰ স্পৃহা;
এটা ঘন্টাধ্বনিৰ উচ্চাৰণত ম‍ই খুন্দা খাইছিলো
আৰু প্ৰতিধ্বনিত হৈছিলো,
আকাশবাণী এটাৰ শব্দহীন কন্ঠ‍ইদি
শব্দৰ বৈদেহী টোপালবোৰ চৌপাশে সৰিছিল

নৈখন এতিয়াও বুৰ যোৱা নাছিল !

তিলফুলৰ ৰেণুৰে উজাই অহা
মোৰ চৈতন্য (নে অচৈতন্যৰ) সৰ্বোচ্চ আনন্দ
ভাহি ৰৈছিল ম্ৰিয়মান এজন ম‍ইৰ ওপৰত

যি দাপোনত ম‍ই জিলিকিম
মোৰ প্ৰতিবিম্বৰ অতীত হৈ ;
তাতে থমকিব আত্মাৰ সকলো কাচোন,
মোহৰ সকলো অভিজ্ঞান
সেই পৰম সংগীতত লীন হৈ !

**********
              ১১-০৫-১২

Tuesday 26 June 2012


আত্মহত্যা
========

সুহৃদ জৰীবোৰত দ্ৰবীভূত হৈ থাকে
নিজম মৃত্যুৰ হেন্দোলনি,
যেন দাপোনৰ আগৰ
কোনো সুন্দৰী নাৰীৰ আত্মবিভোৰতাহে !

চল চাই পিছলি যায়
নেগুৰীয়া শংখৰ বগা খোলাৰ পৰা
গুৰগুৰীয়া সময়ৰ নিমখ,
উশাহৰ গুহাই গুহাই শিপায়
এটা চোৰাং স্পৃহাৰ পিছল শেলুৱৈ

শাৰী শাৰী অৱচেতনাৰ বনস্পতি
নিস্পলক এটা খেয়ালৰ আঙুঠিত
ওলমি ৰ’ল,
মৃত্যুমুখী কোনো বৃদ্ধ আচামীৰ
শেষ ইচ্ছাৰ নিস্পৃহতাৰে !

**********
২৪-০৬-১২


Tuesday 8 May 2012


বৈধব্য
-------

দুখৰ চহৰখনৰ তেওঁ নতুন প্ৰতিবেশী,
সদ্যহতে তেওঁৰ পৰিচয় ঘটিছে
এটা শূণ্যতাৰ সৈতে
যাৰ ব্যাসাৰ্দ্ধ তেওঁৰ বুকুৰ ব্যাসাৰ্দ্ধতকৈ অলপ বেছি ;
বৰ কষ্টৰে তেওঁ
তাক চেপা মাৰি থয় বুকুত...বৰ কষ্টৰে...

চাৱনিত এখন নদী লৈ
তেওঁ প্ৰায়ে বহি থাকে বেদনাৰ বালিচৰত,
উচুপনিৰ শালিকাই ঠুটিয়াই ৰঙা কৰা চকুত
কোনোমতে নিচুকাই লৈ আকোৰগোজ দুখক
পাৰ কৰে শুভ্ৰতাৰ হাহাকাৰ;

যন্ত্ৰণাই বাউলী কৰা ৰাতিবোৰত কাতৰ হৈ তেওঁ
শেষত জোনবাইকে বেজী এটা খোজে
দীঘে দীঘে ফাটি যোৱা হিয়াৰ দুফাল সী থবলৈ !

***************

(অকালতে বৈধব্যক সাৱতি লোৱা মোৰ এজনী ভন্টিৰ হাতত....)
                                                                            ৬-০৫-১২

Wednesday 2 May 2012


মোহ
-----

যাও বুলি মাত লগাই আহিও
তাতেই ৰৈ আছো এতিয়াও,
আকন্ঠ ঈপ্সাৰ সকলো প্ৰস্তাৱ নাকচ কৰিও
এতিয়াও বাহাল আছো বৈৰী চেতনাৰ মুগ্ধতাত;

আচলতে ম‍ই বা ক’ত আছো
ইয়াত নে তাত ?
সমান্তৰালতাৰে মাথো আগুৱাই গৈ আছো
এটা গতিৰ উপলক্ষ্য হৈ;
কাৰো দুৰো হব পৰা নাই, ওচৰো হোৱা নাই;
মাত্ৰ
নিজৰ ওচৰ পাবলৈ
ক্ৰমে আতৰি গৈ আছো নিজৰ;

পৃথিৱীৰ স্যমন্তক জড়তা দুহাতত আৰু নচপাও বুলি মুঠি  বন্ধ কৰিও
হাত মেলি ৰৈ আছো তাৰেই স্পৰ্শৰ বাবে ;

************
                 ১-০৫-১২

হে নাৰী
--------

এটি মেঘমল্লাৰ সম্ভাৱনা হৈ
তুমি তিয়াই যোৱা মোৰ প্ৰতিটো ঋতুৰ আয়োজন;
হে নাৰী,
খুলি দিয়া সেই নীলকন্ঠ জঁটা
বৈ আহক আখেজহীন প্ৰণয়,
ধাৰক হৈ ম‍ই পুনৰ বহন কৰি চাও
তোমাৰ অমোঘ কৰুণা,
অপূৰ্ণতাৰ এচটা শীতল শিল হৈ ফলিয়াই ৰও
তুমিহীনতাৰ শাপ !

ঢেঁকীয়া ফুলা কোনোবাটো ৰাতি
সপি দিও তোমাৰ অব্যৰ্থ হাতত
মোৰ গ্লানিবোধৰ চাৰিটা পোৱাল;
ফুলি ৰওক দ্ৰাক্ষালতাৰ গাত
সেই বিষাদ পুস্পৰ অম্লান মণি,
বুকুৱেদি সৰকি যাওক দেওলগা ৰাতি
উজাগৰে ৰওক মোহৰ ৰাতিফুলা চোতাল

সুন্দৰতাৰ মুগ্ধ দাপোনেইদি তুমি
পাৰ কৰি নিয়া
মোৰ পাপৰ অজৰ প্ৰতিবিম্ব,
মোৰ তাত শেষ হৈ মই
পুনৰ আৰম্ভ হও তোমাত,
হে নাৰী,
আৱৰ্ত্তিত কালৰ জিহ্বাইদি বৈ আহিব দিয়া
সেই মোহাতীত সংগীত তৰংগ !

***********
                ২৯-০৪-১২

Tuesday 24 April 2012


তুলসী
-----

তেঁওৰ হাতৰ চোতালত
তুলসী তলৰ ছাই লগা কুঁৱলী,
বাহপাতৰ শলিতাত জোঁটপোট শেতা জোন,
ওলমি ৰোৱা এটা যেন চাৱঁনি
কোনোবা চকুৰ আপেক্ষাত;

ডাঠ সন্ধিয়াৰ তলেদি ওলাই থকা
ঢেলা সেই ভৰি তলুৱাৰ নিথৰ হালধীয়া;
খোজত খোজ থৈ ৰৈ গ’ল
এটা পূৰ্ণতাৰ বাট, মোলৈ নহয়

কি পাবলৈ গৈ কি হেৰুৱালো ,
কাক পাবলৈ এৰি আহিছো কাক ?
চম্পাৱতী হুৰাই দে
ধান খোৱা চৰাইৰ জাক;
শেষ ৰাতিলৈ কপি কপি জ্বলক
নৈ পাৰৰ ওখ জুই !

*********
             ২৩-০৪-১২

Thursday 19 April 2012


কৃষক প্ৰাৰ্থনা
------------

এই যে অমৃত বৰষুণ,
নিখুঁত মাটিৰ নোমছিদ্ৰইদি থোৰ মেলা
হৰিত্‍ পৃথিৱীৰ ভ্ৰূণ,
এয়াই মোৰ কৰ ফুটা হাতৰ সৰল ঐশ্বৰ্য্য,
আন্দোলিত নিপুন সপোন

পৰিভ্ৰমী মেঘ-
যুদ্ধভূমিৰ ওপৰেদিয়েই লৈ আন শস্যৰ সংবাদ,
মোট সলাই তেজবোৰ ঘাম হৈ বওক
কাৰ্টিজৰ দৰে সিচি পৰক বিধানৰ সঁচবোৰ
তিতি উঠক ম্ৰিয়মান মাটি;

যুদ্ধবোৰ বৰ বিস্বাদ !
তাতকৈ খৰাঙেই আহক,
বাৰুদৰ সলনি লাগিলে আমাৰ
কামিহাড়বোৰেই জ্বলক;
ভোটা হৈ লাগিলে কাঁচিবোৰ ওলমি ৰওক বেৰতে,
তথাপি নৈয়ে নৈয়ে মৃতদেহবোৰ নোপঙক;
যুদ্ধবোৰ দূৰতেই থাকক

বেয়নেটৰ জোঙেতো নচহায় মাটি,
চহাই যায় মাথো বুকুবোৰ;
শস্য সিচাৰ দৰে
যুদ্ধ‍ই সিচি দিয়ে কেৱল বুলেটবোৰ,
সেয়ে যুদ্ধবোৰ দূৰতেই থাকক,
বোমাৰু বিমানৰ সলনি
সখিয়তী আকাশত
উৰি যাওক গানগোৱা চৰাইবোৰ;

******************
                                     ১৯-০৪-১২

Tuesday 17 April 2012


পুৰুষ
------

নিখোজ আঠুৱাৰ চৌহদত
এয়া কাৰ ধোঁৱাৰ শৰীৰ ?
মোৰতো নহয়,
লাওখোলাৰ কব্জা খুলি কোনে
লিৰিকি চাই মোৰ মগজুৰ গোপন তৰল;
হে প্ৰিয়তমা, মোক ভুল নুবুজিবা;
ৰাজহাড়েদি বগাই অহা ফোচঁফোচঁনিৰ মণি
জুনুকা হৈ বাজা দুভৰি
তোমাৰতো নহয়;

প্ৰতিখন দুৱাৰ খুলি উঠাৰ পিছতো
মোৰ আঙুলিত বাজি থাকে এটা টোকৰ;
সকলো ঠিকনা জনাৰ পিছ্তো
ম‍ই বাৰে বাৰে যেন হৈ পৰো নিৰুদ্দেশ;

সুখৰ দৰে সুখীতো ম‍ই হব নোখোজো
অথবা দুখৰ দৰে দুখী ;
হয়তো সেয়ে
প্ৰাপ্তিৰ চুড়ান্ত অহংকাৰেৰে গ্ৰহণ কৰিও
ম‍ই যুগে যুগে পাহৰি যাও শকুন্তলাক,
হয়তো সেয়ে
মৰ্য্যদাৰ সৰ্বোত্তম প্ৰেমৰ প্ৰাপক হৈও
ম‍ই অগ্নিপৰীক্ষা লও জানকীৰ, বাৰম্বাৰ;

হে সময়, কি বিচাৰি ফুৰো ম‍ই ?
কি পাব খোজো ম‍ই-
পৃথিৱী, নৰক, স্বৰ্গ নে আকাশ ?
কি হব খোজো ম‍ই -
ঈশ্বৰ নে কিন্নৰ ?
অধীশ্বৰ হৈও স্বৰ্গৰ সিংহাসনৰ
ম‍ই যাপন কৰো অহল্যাৰ শৰীৰী নিষিদ্ধতা ;
ক’ত স্থবিৰ হব মোৰ আকাংক্ষাৰ প্ৰগতি ?
কি সোৱাদত আতৰ হব মোৰ জিভাৰ প্ৰাপ্তোত্তৰ বিস্বাদ ?
কাৰ উত্তপত গলি মোৰ প্ৰত্যাশাৰ তপত বৰফ
বৈ যাব কাৰ কাষলৈ ??

পানীৰ ভৰত দো খাই পৰে মোৰ সমুদ্ৰ,
শামুকৰ খোলাত লাগি ধৰে ঢৌৰ স্থানু সাঁতোৰ
ডিঙি মেলি চাই ৰও ম‍ই সেই নাৰীৰ হৃদয়ত
মোৰ সত্তাৰ ধ্ৰুপদ বৰ্ণালী,
যাৰ নখত খোদিত থাকে মোৰ মৃত্যুৰ নিৰ্ভুল ৰাশি !

দাপোনত ম‍ইতো মোক নেদেখো,
দেখো মোৰ সেই দূৰ্দান্ত প্ৰতিৰূপক;
সৰ্বস্ব জয় কৰি আহি
বাৰে বাৰে পৰাজয় হয় মোৰ যাৰ ওচৰত

সুখৰ ৰঙীন লাটুম ঘুৰাই
ম‍ই নিচুকাই থও আত্মাক মোৰ আত্মজ শৰীৰত;
আৰু নিজৰ পৰা লুকুৱাই থও নিজক,
নিজৰ বাবে বিষাদৰ চোৰাং সংগ্ৰহত !!

**************
                    ১৫-০৪-১২

কোনোবাদিনা
-------------

হঠাত্‍ হয়তো লগ পাই যাম তেওঁক
কোনোবাতো ষ্টপেজত ৰৈ ৰৈ;
হঠাতেই হয়তো ইটোৱে সিটোৰ কাষত ৰমগৈ
মাজত পোহৰবৰ্ষৰ দূৰত্ব লৈ
কোনোবাদিনা অচিনাকি হৈ;

গধুৰ হৈ হয়তো খহি পৰিব সিদিনা
চাৱনিৰ কক্ষপথৰ পৰা
এপলক শূন্যতাৰ হেজাৰটা উল্কা;

কেনে হব সেই আকস্মিক সাক্ষাত্‍ ?
কেনে হব সেই উল্লাস অথবা বিষাদ ?

চাও নাচাও চকুৰে
কপালৰ আগৰ চুলিখিনি আতৰ কৰি
কায়্দাৰে তেওঁ হয়তো চাই ৰব মোক
কাৰোবাক আঁৰ কৰি ;
অস্থিৰ হৈ বাৰে বাৰে হয়তো মবাইলৰ চুইচ টিপি
কোনোমতে হেচি ৰাখিব
পুনৰ লৰচৰ কৰি উঠা এটা উচুপনি;

এটা শূন্যতাৰ প্ৰস্তাৱ তুলি যেন
হঠাত্‍ ৰৈ যাব সমস্ত কোলাহল;
সোৱৰঁণিৰ গ্ৰহণ লাগি অকস্মাত্‍
হয়তো আন্ধাৰ হৈ পৰিব সুখৰ নিবিড় নভোমণ্ডল;

হাহাকাৰৰ চোৰাং আদ্ৰতা হৈ এটা
ম‍ই তিয়াই যাম নেকি তেওঁক
আৰু তেওঁ মোক ?
চুই চাম নেকি কঁপা বুকুত এবাৰ
তেওঁক ম‍ই মোৰ ভিতৰত;

কেনে হব সেই এটা লহমাৰ বিন্যাস ;
কোনোবাদিনা
হঠাত্‍ যদি লগ পাই যাও তেওঁক,
কি হব মোৰ নৈশব্দৰ পৰিভাষ ??

*************
                 ১৬-০৪-১২

Monday 16 April 2012


‎(কাব্য উপন্যাস)-
ভঙাগড়ত এপ্ৰিলৰ এটা নতুন এপিটাফ
_____________________________

ঠিক সন্ধিয়া হও নহওতেই
ভঙাগড় গাভৰু হ্য়;
আবেগেৰে চপচপীয়া হয়
ভঙাগড়ৰ বুকু ভঙাগড়ৰ চকু !
কিনকিনিয়া বৰষুনত আঠা লাগি ধৰে
ভঙাগড়ত দুপৰীয়াৰ হালধীয়া কামিজ !
************

আৰু আন এজাক বৰষুণত ক্ৰমশ
তিতিব ধৰিছো মই;
ক্ৰমান্বয়ে হেৰুৱাব ধৰিছো
মোৰ সমস্ত শব্দ, সমস্ত আখৰ;
মোৰ বুকুৰ ভিতৰত
ঠিক কাইটিয়া লতা এদালৰ দৰে
লহপহকৈ বাঢ়ি আহিছে
এটা উচপিচনিৰ বীজ;
তেজৰ চোলা পিন্ধি
ক্ৰমাত্‍ ৰঙা হৈ পৰিছে মোৰ হৃদয় !

এটা যন্ত্ৰণাৰ এপ্ৰিল-
-----------

এপ্ৰিলৰ চাৰিআলিত এদিন মই বাজি আছিলো
উচুপনিৰ কৰুণ সুৰ এটা হৈ....
অন্তহীন শূন্যতাৰ পলসত
জীপাল হৈ মই বাঢ়িব ধৰিছিলো
ইউকেলিপ্তাছ হৈ শূন্যতাক চুবলৈ ;
আৰু বহাগৰ পেৰাগ্ৰাফ এটাত
এদিন হঠাত্‍ দেখিছিলো তোমাক-
মোৰ সপোনৰ প্ৰেমময় নাৰীক
......................
আৰু তেতিয়াৰে পৰা ক্ৰমশ মই অনুভৱ কৰিছো
কাইটিয়া লতাদালে মোক মেৰিয়াই ধৰিছে
পৃথিৱীৰ সমস্ত প্ৰেমিকৰ সপোনেৰে,
ক্ৰমশ মই অনুদিত হৈছো
এটা তীব্ৰ যন্ত্ৰণালৈ,
ক্ৰমশ জ্বলি জ্বলি ছাই হৈ উৰিছো মই
মোৰেই বুকুৰ ভিতৰত,
ক্ৰমশ য্ন্ত্ৰণাৰ এটা উজ্জ্বল ৰঙা ৰঙ হৈ পৰিছো মই,
তোমাৰ প্ৰিয় ফুল গোলাপৰ দৰে;
আস.....
যদি কব পাৰিলোহেতেন তোমাক
কিমান প্ৰেমিকৰ বুকুৰ তেজ সানি
এপাহ গোলাপ ৰঙা হয়,
যদি বুজাব পাৰিলোহেতেন তোমাক
কিমান তেজৰ খটখটি পাৰ হৈ,
তুমি স্থাপিত হৈছা মোৰ বুকুৰ শেষ পৰিসীমাত ...
*****************

কি হৈছে মোৰ.......?
কি মোৰ বুকুতো পোখা মেলিব ধৰিছে
সেই নিষিদ্ধ বৃক্ষৰ গুটি ?
কি ময়ো ডুবাৰু হব ওলাইছো
সেই নিষিদ্ধ সাগৰত....?
নাই নাই নাই
উৰুখা চালৰ সুৰুঙাৰে দেখা জোনতো
মই যে থপিয়াই অনাৰ কথা আছিল
মোৰ আইৰ বাবে......
কিন্তু....................
************

পুনৰ এপ্ৰিল ,
পুনৰ এজাক উদাস বৰষুণ
মই যে আজন্ম বৰষুণৰ প্ৰেমিক ;
..............
আজি পুনৰ মই মাতাল হম
বৰষুণত তিতি !
হোস্টেলৰ ১১৯ নম্বৰ ৰুমত
আজি উদযাপিত হব এটা য্ন্ত্ৰণা !
আজি পুনৰ লিখিম তোমাৰ নাম
ফিৰফিৰিয়া জোনাকৰ ৰঙীন কাগজত,
আজি পুনৰ
বৰষুণৰ গভীৰ টোপাল হৈ তোমাৰ খিৰিকিমুখ্ত
ওলমি ৰব মোৰ ভালপোৱা-মোৰ সীমাহীন য্ন্ত্ৰণা !!
................
বৰষুণৰ চিপচিপ মাতে ক্ৰমাত্‍ লৈ আহিছে
তোমাক মোৰ কাষলৈ.....
ক্ৰমাত্‍ ওচৰ চাপি আহিছো
মই তোমাৰ
অথবা তুমি মোৰ !
এয়া ক্ৰমশ অনুভৱ কৰিব পাৰিছো মই
তোমাৰ উশাহৰ তন্ময়তা...
তোমাৰ নিশাহৰ দীঘলীয়তা...
তোমাৰ ওঠৰ বাঙ্ময়তা !!
ক্ৰমশ....
ওভতি জানো তুমি যাব নোৱাৰা.....??
************

Excuse me নিশা..... sorry sorry নিশিগন্ধা
অলপমান শুনাছোন
............
তোমাক বিছাৰিব গৈ মই নিজকহে হেৰুৱালো
এতিয়া মই কি কৰো কোৱা ?
নিজকেই বিছাৰো নে.........!
তোমাৰ ওঠৰ নিশ্চুপ প্ৰণালীত
মই এতিয়া সন্ধিয়াৰ নিৰুদ্দেশ নাও !
ভালপোৱাৰ সমস্ত কৰুণতাৰে মোক তোমাক চুব দিয়া
উন্মোচন কৰিব দিয়া
তোমাৰ শৰীৰৰ সমস্ত ৰহস্যৰ সেউজীয়া ;
হে মোৰ সপোনৰ প্ৰেমহীনা নাৰী-
মাতাল জোন হৈ মোক
উদয় হবলৈ দিয়া তোমাৰ ওঠৰ অহংকাৰী আন্ধাৰত ........
*************

"সাগৰ সাগৰ .....কি হ’ল তোমাৰ ?
ইমান দিনৰ মুৰত লগ পাইও
তোমাৰ ওঠত নিঃশব্দতাৰ গান যে ?
এবাৰো যে মোৰ ফালে চোৱাৰ
তন্ময়তাৰ অভাৱ আজি তোমাৰ চকুত !
এবাৰো কি তোমাৰ জানিব মন যোৱা নাই
কেনে আছে তোমাৰ নিশাজনী,
কেনেদৰে এটা য্ন্ত্ৰণাৰ উকমুকনি লৈ
দিন কটাইছে তোমাৰ নিশাজনীয়ে....
........................................
প্লিজ সাগৰ কি হৈছে তোমাৰ কোৱা ?
মোৰে শপত
তুমি কিবা এটা কোৱা;
তুমি মৌন হৈ ৰলে
এনেদৰে মোৰ কাষত ,
সময়ো যে থমকি ৰব খোজে
অপ্ৰেমৰ কঠিন দুখত..."
...................
মৌনতাৰ এটা দীঘ্ল পেৰাগ্ৰাফ
...................
"মই যাবলৈ ওলাইছো নিশা
কেতিয়াও ঘুৰি নহাৰ প্ৰতিশ্ৰুতিৰে,
আইৰ চকুৰ সেই ভাগৰো ভাগৰো সপোনটোক
নতুন তেজ দিবলৈ,
অলেখ ভোকতুৰ আৰু আশ্ৰয়্হীনৰ বাবে
এটা শব্দ হবলৈ ;
মই যাবলৈ ওলাইছো তোমাৰ ওচৰৰ পৰা,
মোৰ জীৱনৰ ওচৰৰ পৰা..."
............................
পুনৰ এটা নীৰৱতাৰ পেৰাগ্ৰাফ ,
এটা উচুপনিৰ সমাহিত কবিতা
আৰু........
"জানা সাগৰ
যোৱা ৰাতি মোৰ একচিপ টোপনি নাছিল;
আপেক্ষাৰ অধীৰ আগ্ৰহত
চকুপানী হৈ টোপটোপকৈ সৰিছিল
মোৰ ঘুমতি;
তোমাক লগ পোৱাৰ কাইটিয়া কাইটিয়া সপোনত
ভাঙি পৰিছিলো মই
কাচৰ খাৰুৰ দৰে l
শাওনৰ শিমলুৰ দৰে
সময়ে অসময়ে তিতিছিল মোৰ গাৰু,
তোমাৰ চকু দুটাই যে বাগৰ সলাই থাকে
মোৰ বুকুৰ কেকুৰিত,
তোমাৰ নিশাহে যে বাট বিচাৰি
ঘুৰ্মুটিয়াই ফুৰে মোৰ সপোনৰ চুবুৰিত.....
মই কেনেকৈ শুম কোৱা...?
ইমান সপোনৰ কবৰ বুকুত লৈ
মই উশাহ কেনেকৈ লম কোৱা.....?
কেনেকৈ উশাহ লম....
কেনেকৈ.....?"
.............................
.............................
"নিশা সপোনেৰেতো পেট নভৰে,
পেট ভৰে-
কাৰোবাৰ এডোখৰ ৰুটিৰে
আৰু কাৰোবাৰ এডোখৰ কেকেৰে !
এই এডোখৰ ৰুটি আৰু কেকৰ মাজত
যিখিনি দূৰত্ব,
সেয়াইতো পৃথিৱীৰ শেষ সত্য;
এই সত্যৰ বাবেইতো ভাঙি পৰে
মোৰ দৰে অলেখ কাঙাল প্ৰেমিকৰ
সপোনৰ গম্বুজ ;
এই সত্যৰুপী আকোৰগোজ কুকুৰটোক
পৃথিৱীৰ শেষ দিগন্তত কবৰ দিবৰ ববেই
মই যাব ওলাইছো নিশা
সমস্ত দুখৰ নতুন পৰিচয় পত্ৰ লৈ....
তুমি নাকান্দিবা নিশা
নহলেযে তোমাৰ চকুপানীয়ে
ঢাকি ধৰিব আহিবলগীয়া পূৱাটোক
তুমি নাকান্দিবা...."
**************

পুনৰ ৰুম নম্বৰ ১১৯
----------

এয়া এপ্ৰিলৰ শেষ স্টপেজটোত
অকলে মই.....
তোমাৰ বুকুৰ ডাক বাকচটোত
পেলাই থৈ আহিছো আজি
মোৰ সুখৰ সমস্ত চিঠি !
আজি শেষবাৰৰ বাবে মই
পুনৰ মাতাল হম
এজাক তেজৰ বৰষুণত তিতি....
আজি পুনৰ উদযাপিত হব
১১৯ নম্বৰ ৰুমৰ কৰিডৰত
এপেগ দুপেগ মোৰ ভালপোৱা....
আজি শেষবাৰৰ বাবে উদয় হব
অভিসাৰি জোন মোৰ খিৰিকিমুখত !
............................

এয়া বাহিৰত পুনৰ প্ৰেমিক বৰষুণজাক,
চিটিকনিয়ে তিয়াই পেলাইছে মোক
কলিজালৈকে....
(হয়তো তোমাকো!)
মোক মাফ কৰি দিবা নিশা
তোমাৰ হব নোৱাৰিলো !
.......................
তোমাক দেখাৰ দিন ধৰি যে
মোৰ শূণ্যতাৰ অসুখ,
কুষ্ঠ ৰোগীৰ দৰে
ক্ৰমাত্‍ ক্ষয় হৈ গৈ আছো মই
তোমাৰ চকুৰ সংক্ৰামক স্পৰ্শত !
সেউজীয়াৰ সমস্ত সপোনৰ যেন
মোৰ বুকুত আলহী ঘৰ !
........................
তুমি মোৰ নিসংগতাৰ আলহী,
মোৰ সুখৰ সমস্ত নদী
তোমাতেই আৰম্ভ হৈ তোমাতেই শেষ;
তেজে যিমানলৈকে ঢুকি পায়
তাতকৈ বেছি গভীৰলৈ তুমি
শিপাই আছা মোৰ বুকুত !
ক্ৰমাত্‍ নিজক খান্দি মই
তোমাক আৱিস্কাৰ কৰো
মোৰ উশাহৰ বাগিচাত !
তুমি মোৰ সুন্দৰতাৰ সমস্ত সংজ্ঞা
তুমি মোৰ সমস্ত য্ন্ত্ৰণা
তুমি .....মাথো তুমি......!
.................
মই যে প্ৰোথিত হোৱাৰ কথা আছিল
তোমাৰ ওঠৰ আদ্ৰতাত ,
মইতো বাঢ়ি অহাৰ কথা আছিল
তোমাৰ চুলিৰ আন্ধাৰত
এটা ধূনীয়া অমাৱস্যা হৈ!
তোমাৰ চকুৰ মাতাল ঘোৰা দুটাই
খহাই যোৱাৰ কথা আছিল
মোৰ যন্ত্ৰণাৰ সমস্ত গড়া..
......................
আৰু এতিয়া ,
ক্ৰমশ এটা খঙাল এন্দুৰে চক্ৰাকাৰে
পৌনঃপৌণিক ভাৱে খামুচি খহাই পেলাইছে
মোৰ হৃদয়ৰ প্ৰতিখন দূৱাৰ,
প্ৰতিখন খিৰিকি !
আ...স.............

বাহিৰত বৰষুণজাকে কাতৰ হৈ
মোক বাৰে বাৰে মাতিছে....
বাৰে বাৰে উজুটি খাইছো মই
তোমাৰ বুকুলৈ যোৱা বাটতো বিছাৰি......
তোমাৰ চকুৰ উপত্যকাত মই
মৌ মাখি হৈ গুনগুনাব খুজিছিলো ;
তোমাৰ বুকুৰ ফেৰেঙনিত পোখা মেলিব খুজিছিলো
পৰজীৱি হৈ...........
.......................
আস বাৰে বাৰে উজুটি খাইছো মই.....
.......................
বৰষুণজাকে চাগে
তোমাকো শুবলৈ দিয়া নাই নহয়..?
গাৰুটোকে বুকুত হেচি
তুমিও চাগে উচুপি উচুপি মোৰেই কথা ভাবিছা !
হোষ্টেলৰ এমুৰে তোমাৰো ৰুমত
এতিয়ামানে দুখে এঙামুৰি দিছে কিজানি...
.........................
বাৰে বাৰে উজুটি খাইছো মই
বাৰে বাৰে.....
..........
নিশা মোক মাফ কৰি দিবা.....
..........
i will live in thy heart
die in thy lap
and be buried in thy eyes
মোক মা...ফ....কৰি দিবা.....

----##-----

Saturday 14 April 2012


নিশিগন্ধালৈ এটা ব’হাগ
---------------------

সোঁৱৰণিত ব’হাগ লৈ, নিশিগন্ধা
স্বাগতম জনালো তোমাক
মোৰ বিষাদ বসন্তলৈ;

চানমাৰিত জানো এইবাৰ
মোৰ আঙুলিত গজি উঠিব ২৫ এপ্ৰিলৰ চকুপানী ?
আন্ধাৰ চুলি মেলি সন্ধিয়াৰ গলধনত
এইবাৰো জানো শুই পৰিবা তুমি
ফেকুৰি ফেকুৰি....??

ঢৌৰ বিষন্নতাৰে আছাৰ খাই পৰিছিলো তোমাৰ পাৰত,
আসমুদ্ৰ আত্মীয়তাৰে তুমি তুলি লৈছিলা মোৰ স্পৰ্শ ;
ইমান কৰুণতাৰে তুমি কেনেকৈ পালন কৰা
যন্ত্ৰণাৰ আসন্ধ্যা ৰাতি ?

যিমানেই তোমালৈ চাও
নতুনকৈ দেখাৰ আশ্বৰ্য্যই ভীৰ কৰে আহি চকুত;
তোমাৰ পৰা আতৰি আহি আহি
শেষত ম‍ই উপস্থিত হওহি তোমাৰেই মাজত !

তুমিনো কোন ৰূপকথাৰ সৌম্য দুখ
মুক্তিৰ শ্লোক হৈ প্ৰোথিত হৈছা যি
মোৰ অবধাৰিত বিষাদৰ ওঠঁত;

চন্দ্ৰঁতাপৰ ছাঁই এইবাৰ ছাঁ দিব এটা দুপৰ ব’হাগক,
অভিমানৰ শেষ পৃষ্ঠাত
চানমাৰী অভাৰব্ৰীজত উচুপি ৰব
নিশিগন্ধা নামৰ এটা স্বপ্নহাৰা সন্ধ্যা;

ব’হাগত জোট লাগি এইবাৰ এটা বেলি
অলপ বেছি ৰঙা হৈ ডুবিব-সেঁন্দুৰতকৈও বেছি....

****************

 ১৩-০৪-১২                                  

Thursday 12 April 2012


নিবেদন
--------

ক’তনো লুকুৱাই থও এতিয়া নিজক
সন্মুখীন হব নোৱাৰাকে নিজৰ;
উপলব্ধিৰ বৰ্ণিল তুলাপাতত
ক’ত লিখি থও মোৰ স্বীকাৰোক্তিৰ শীৰ্ণ  আখৰ ?

যি সময়্ত ম‍ই মোৰ মাজত নাথাকো
অথবা তুমি তোমাৰ,
মুগ্ধ মোৰ ওঁঠৰ সমৰ্পনে
কেনেকৈ চুম্বন কৰে তোমাৰ প্ৰীতিৰ কৰুণা,
ঐশ্বৰ্য্যৰ নিৰ্জু  নিৰ্মাণ তোমাৰ  অতনু শৰীৰ,
প্ৰশ্বাসৰ দৰে সৰল তোমাৰ স্বপ্ন নক্ষত্ৰ

মোৰ অপৱিত্ৰতাত ৰোপন কৰি তোমাৰ প্ৰেম
ম‍ই পাত মেলিম তোমাৰ পলসত
শিপা হব এখন ঘনিষ্ঠ আকাশ ;

নিজলৈ ওভতি অহাৰ পৰত
তোমালৈ মেলি দিম মোৰ ইচ্ছামৃত্যুৰ প্ৰস্তাৱনা;
উত্তাপৰ আকুলতাৰে তুমি স্পৰ্শ কৰিবা
মোৰ চেঁচা হাতৰ অন্তিম আলিঙ্গন;
চন্দ্ৰকলাৰ দৰে শেষ হৈ আহিব জীৱন
-বিষাদৰ প্ৰিয়তম বাণিজ্য,
স্মৃতিবিদ্ধ সময়ৰ যি এক সহজ সোৱৰণ !

ক’তনো লুকুৱাই থও এতিয়া নিজক
সন্মুখীন হব নোৱাৰাকে নিজৰ,
যি বাটেদিয়েই যাও সকলোতে দেখোন
তোমাৰ হাতৰ উজ্জ্বল স্বাক্ষৰ !!

*************
                  ১২-০৪-১২

স্মৃতিত নিশিগন্ধা
----------------

দস্যু ৰাতিটোৱে ক্ৰমা‍ত্‍ চেপি আনিছে
মোৰ নিৰ্দোষ কলিজা;
বিষত কোঙা হৈ থিয় হব খুজিছো ম‍ই
তোমাৰ স্মৃতিত হেলাম দি
কাষত মোৰ কাতৰ অনিদ্ৰা...!!

এপ্ৰিলৰ জোনজনী গাভৰু হৈ উঠিছে,
তোমাৰ বুকুৰ দৰে
আৰু একলা দুকলাকৈ বাঢ়ি আহিছে
মোৰ বিষাদ  চতুৰ্থী
...........
কলেজ উইকৰ ভৰ্ত্তি হ’লত
এদিন হঠাত্‍ খুন্দা খাইছিল মোৰ নিৰল হৃদয়
তোমাৰ চকুৰ জিকাফুলীয়া গোন্ধত;
চাও নাচাও এক আকুলতাৰ ইন্ধনত
ম‍ই ঘুৰি ফুৰিছিলো এটা তুমিময় বৃত্তৰ চৌপাশে
এক কৰুণ স্পৰ্শক হৈ,
চিটিকি পৰা তোমাৰ হাহিৰ কুটা কঢ়িয়াই কঢ়িয়াই
এদিন মোৰ বুকুত বাহ বান্ধিছিল আহি
এটা অঘৰী পানীপিয়াই;

আৰু এতিয়া
এপ্ৰিলৰ এই খহনীয়া ৰাতিত
যাপন কৰি সহস্ৰ যন্ত্ৰণা
ম‍ই জাহ গৈছো নিজৰেই মাজত;
বেদনাৰ সকলো চিকাৰী চৰাইৰ বাবে
মুকলিকৈ সজাই থৈ মোৰ ৰক্তাক্ত হৃদয়
ম‍ই আয়োজন কৰিছো তুমিহীনতাৰ তুমুৰুলি উত্‍সৱ....

ভালপোৱা,
এবাৰ চাই যাহি এই বিবৰ্ণ ৰাতিত
নিমগ্ন মোৰ দুখৰ ক’লাজ;
কঠিন ৰাতিৰ খোলা ভাঙি
বৰষিব দে মোৰ হৃদয়ত
তেওঁৰ যাতনাৰ কাইটীয়া বৰষুণজাক;
বোৱাই নে মোৰ
বিদীৰ্ণ বুকুৰ তেজ
তেওঁৰ প্ৰিয়তম ফুলৰ ৰং হবলৈ...

মৃত্যুৰ সকলো কৌশল কাতি কৰি
অ’ ভালপোৱা,
জী উঠিব দে মোক শেষবাৰ
তেওঁৰ চকুৰ সজল উপত্যকাত
উদভ্ৰান্ত অৰ্কিড হৈ !!


*************
                 ১১-০৪-১২

আত্মোত্‍কৰ্ষ
-----------

সকলো শেষ হৈ যোৱাৰ পিছতো
কৰবাত কিবা অলপ ৰৈ যায়;
মৃত চহৰৰ সকলো চিতা
জ্বলি শেষ হৈ যোৱাৰ পিছতো
দুখবোধৰ চিপজৰীত ওলমি ৰয়
কেতবোৰ স্মৃতিৰ শ -
আকোৰগোজ বেতালৰ দৰে !

অব্যক্ত,
কাকো কব নোৱাৰা কথাবোৰ
ৰোহঘৰত থৈ
প্ৰতিজনেই প্ৰহৰী হয় এখন বন্ধ দুৱাৰৰ;

সম্ভাৱিতাৰ বেজোখ সুত্ৰৰে নিজক হিচাপ কৰি
আমি আজন্ম ধৰুৱা হৈ ৰও
নিজৰ ওচৰত;
ঈপ্সিত কোনোবাতো বিন্দুত
শৃংগবোৰ যিদৰে কপি ৰয়
সকলো উত্তাপৰ অতীত হৈ !!

************
                ৯-০৪-১২

Monday 2 April 2012


ফুলশয্যা
---------

এতিয়া কি দিও তোমাক !
অধোমুখ এই স্পৰ্শাতীত লহমাত
স্পৰ্শৰ কোন হাতেৰে চুই চাও
তোমাৰ বাখৰুৱা দেহৰ সংশয়;
নীলা ফুল হৈ এপাহ
তুমি অৰ্পিতা হৈছা এই নৈবেদ্য ৰাতিত,
কম্পিত কোনটো প্ৰাৰ্থনা  হৈ অনুৰণিত হও ম‍ই
তোমাৰ শব্দহীনতাৰ ধ্বনিত ;

নিৰ্জন কোনো মন্দিৰৰ আগত জ্বলা
এটা একাকী মাটিৰ চাকি
ৰৈ ৰৈ কপিছে
তোমাৰ দেহৰ ভিতৰত;
পোহৰে উদ্ভাসিত কৰিছে আহি মোৰ মুখ,
ওভতি খোজ লও ম‍ই সেই উপাসনাৰ বাটেৰে
তোমাৰ মাজলেই;

মোৰ নষ্ট দুহাতত তুলি দিয়া তোমাৰ অপাপ মুখ
দহো আঙুলিৰে বাগৰি যাওক পৰিপূৰ্ণতাৰ কন্ঠহাৰ;
বিনীত এই উপাস্য লগ্নত
অব্যৰ্থ এটি ৰক্তপ্ৰবাল হৈ
ম‍ই সম্পূৰ্ণ কৰো তোমাৰ তত্ত্বমসি শৃংগাৰ !!

****************
("তত্ত্বমসি"-অৰ্থাত তুমিয়েই ম‍ই, উপনিষদৰ এটা মূল দৰ্শন)
                                    ০৩-০৪-১২

Friday 30 March 2012


বান
------

দলং ভৰি নৈৰ পিয়াহ,
অভিমানৰ দৰে বাঢ়িছে থাউনিহীন সোত
মাটিয়ে মাটিয়ে যেন শিপাইছে পানীৰ আক্ৰোশ;

পাৰবোৰৰো হেপাহ বহুত,
মুঠিত পুহি থয় সাগৰীয়া ভ্ৰুণ;
জলকুৱঁৰীৰ নাভিয়েদি বাগৰি যায়
স্বপ্নভংগৰ এটা বছৰেকীয়া বিলাপ;
মত্‍স্যকন্যাৰ শৰীৰ নিমখীয়া কৰি
সাতুৰিব নজনা চকুপানীবোৰ ডুবি মৰে
থোকাথুকি দুখত....
ঘৰ হেৰুওৱা পানীয়ে চলাথ কৰে
ঘৰবোৰ, বাটবোৰ আৰু বুকুবোৰ !

আকাংক্ষাৰ দাম যে বহুত,
সাগৰ হব খোজা নৈৰ আকাংক্ষাও যে বহুত.....!!

**************
                    ৩০-০৩-১২

Wednesday 28 March 2012


প্ৰেম ইত্যাদি
------------

ৰোজগাৰৰ জোকে শুহি উদং কৰা
পৃথিৱীৰ জৰায়ুত আমিবোৰ জীয়াই থাকো
অনিশ্চয়তাৰ ভ্ৰূণ হৈ;
আঠুকাঢ়ি দিনবোৰ চাপৰ হয়
দ’তৰ চুলিৰ দৰে দীঘল হয় ৰাতিবোৰ;
বিৱৰ্তনবাদৰ সুত্ৰৰ পৰা উঠি আহি
ডাৰ‍উইনৰ বান্দৰটোৱে খিকখিকাই;
এনেদৰেই জীৱন, যৌৱন আৰু বহুতো....
এচকুৱা ফেঁচা হৈ
আমাৰ প্ৰেমে পৰ দিয়ে,
এটা জলগুইৰ খোৰোং   ;
উভালি পৰা ৰমণৰ শিপাত   পাখি মেলি জিৰাইহি
সুখৰ জটায়ু-যি কেতিয়াও ৰুধিব নোৱাৰিলে সীতাহৰণৰ সত্যক  l
তথাপি আমি সুখী হও-মৃত্যুৰ দৰে
আমি হাঁহো -কন্ধৰ দৰে;
প্ৰেম আমাৰ স্থিতিবৃত্তৰ নিৰ্বোধ কেন্দ্ৰ,
সুখৰ অশিক্ষিত জ্যামিতি,
এটা উত্তৰ  যেন  বহু প্ৰশ্নহীনতাৰ..... !
স্বৰ্গৰ সোণৰ জখলাৰে আমি বগাব খোজো নিৰন্তৰ
কিবা এটা নোপোৱাৰ দুখত,
কিবা এটা নোহোৱাৰ শোকত;
কেৱল ভালপোৱা এডাল সমান চিন হৈ
আমাক বান্ধি ৰাখে-
এটা অবয়বহীন সম্ভাৱনাৰ সতে;
ছিঙি পৰা জেঠীৰ নেজ হৈ ধৰফৰায়
প্ৰাচীন বুকুবোৰ  l
আমি সুখী হঁও ;
পৃথিৱীয়ে হাঁহে-ঈশ্বৰেও,
কিন্তু আমি সুখী হঁওনে সচাকৈ...???

**************
                   ২৮-০৩-12

Sunday 25 March 2012


এপ্ৰিল
-----

হত্যাকাৰীৰ উন্মাদ চকুৰ দৰে এটা ৰঙা বেলি
টোপনিয়াই আছে এপ্ৰিলৰ পাছবাৰান্দাত,
অলপ আগেয়ে
সেই পিনেদিয়েই চেঁকুৰি গ’ল
ধুলি উৰুৱাই ফাগুনৰ বলিয়া ঘোৰা;
এতিয়া ঘৰবোৰৰ আগে আগে ব’হাগ (নে বিষাদৰ ?) পৰ্দ্দা,
নাৰীৰ বুকুৱে বুকুৱে ৰোমাঞ্চৰ গোপন যো-জা !

ভালপোৱাতো ব’হাগৰ পুৰণি বেমাৰ;
অসুখীয়া গাৰেই ব’হাগে পহৰা দিয়ে বেদনাৰ তোৰণ,
অথচ চোৰৰ খোজেৰে এপ্ৰিলে তাতো
আৰি যায় বাসনাৰ ফৰমান;
জুৱাৰী বাসনাৰ দৰেই এপ্ৰিলৰো যে আছে এটা তীব্ৰ নিচা
কামনা যাৰ আদৰুৱা নাম ,
বিহ্বল চুমাবোৰ আৰু এন্ধাৰবৰণীয়া আবেগবোৰ
এপ্ৰিলৰ পানীতোলা ঘাটত ৰৈ থাকে
প্ৰিয়জনৰ বাবে, বদনামৰ দৰে ;
এই কথাবোৰতো সকলোৱেই জানে
অথচ যেন কোনেও নাজানে;
আচলতে নাৰীৰ দৰেই হয়তো এপ্ৰিলেও বহুকথাই লুকুৱাব জানে !!


**********
               ২৬-০৩-১২

Thursday 22 March 2012


যীঁশু
-----

জীৱনৰ বাবে যি ধৰুৱা নাছিল
উশাহৰ ওচৰত,
তেঁওৰ বাবেই এদিন মূক হোৱাৰ বাঞ্চা কৰিছিল
মৃত্যুৰো বৈদেহী কথক

এদিন এটা তৰা নামি আহি চিকুণাই থৈছিল
সেই পুত্ৰৰ আগমনি বাট,
যি পিতৃ আছিল সকলো পীড়িতৰ;
আঙুলিত পিন্ধি এটা উজুটিৰ ঋতু
এদিন  তেওঁ  খোজ দিছিল  এটা শিলাময় অবতৰত,
নিঃস্ব দুয়োহাতত গুজি মাথো কৰুণাৰ বৈভৱ !
সকলো ঘৃণাৰ দলি গোটাই
তেঁও মহীয়ান কৰিছিল প্ৰেমৰ দেউল;

সিদিনা আছিল পৃথিৱীৰ অসুখ;
মঙহ আজুৰি নিয়া প্ৰতিডাল
খঙাল চাবুকৰ বাবে
তেঁও মেলি দিছিল মুৰ্মূৰ্ষু হাতৰ প্ৰেম, ,
নিৰ্যাতিত ওঁঠত তেঁওৰ
উচ্চাৰিত হৈছিল সিদিনা
পৃথিৱীৰ শ্ৰেষ্ঠতম কবিতাটো ;
সিদিনা আছিল পৃথিৱীৰ ভীষণ অসুখ l

ক্ষমাৰ ৰ’দেৰে এদিন যি শুকুৱাই লৈছিল
যন্ত্ৰণাৰ প্ৰতিটো টোপাল,
তেঁৱো আচলতে মানুহেই আছিল;
পৃথিৱীয়ে মাত্ৰ তেঁওক ঈশ্বৰ সজাই
নিজে তেঁওৰ দৰে হব নোৱাৰাৰ
এটা যুক্তি বিচাৰি লৈছিল !!

**********
              ২২-০৩-১২


কেনেকৈ কও কুশলে আছোনে নাই
---------------------------------

কেনেকৈনো কও কুশলে আছোনে নাই  ?
দিনবোৰ ঘাতক,
ৰাতিবোৰ চোপ লৈ কুকুৰনেচীয়া,
তিনিদিনিয়া লঘোণীয়া ভোক
ভাগৰৰ হাতত ধৰি শুই আছে,
কমৰেড,
ৰাইফলটো কান্ধতে থাকক !
উমেৰে জিৰাই লওক
নিৰাপদ ৰাতিটো আৰু কিছু সময়;
জীৰ্ণ ভৰিৰেইতো পাৰ হৈ আহিছো
শোষণৰ জোঙাল শিলনি,
লাঞ্চিত হাতত আকি লৈ কেৱল মোৰ আইৰ মুখ,
কমৰেড,
ৰাইফলটো কান্ধতে থাকক !

কটোঁৱাল দিনৰ দুঃস্বপ্ন সামৰি
বেয়নেটৰ জোঙৰ দৰে তীক্ষ্ণ হৈ পৰিছে
আমাৰ ওঁঠৰ মুক্তিৰ সুহুৰি;
ফাগুন আৰু ব’হাগৰ ৰুমালতো
কেতিয়াবাই জাপি ললো আইৰ চকুলো মচিবলৈ,
আমাৰ কামিহাঁড়তেই খোপনি পুতি
কোনোবাদিনা নামি আহিব এটা ৰঙীন বেলি
সেন্দুৰীয়া দিনৰ প্ৰস্তাৱ লৈ

কেনেকৈনো কও কুশলে আছোনে নাই ?
বিপ্লৱতো কোনো জীৱিকাৰ ৰোমাঞ্চ নহয়,
কোটৰগত লঘোণীয়া চকুৰ
ই যে অনিবাৰ্য স্বপ্ন বিলাস,
নিঃকিন দিন আৰু বঞ্চনাৰ শেষহীন ৰাতিৰ
ইতো দধীচি ইতিহাস...
নিৰুত্তাপ ব’হাগ এটাই খোচাবিন্ধা কৰিছে আহি বুকুত
আধানাঙঠ শিশুৰ উদং কামিহাঁড়বোৰ,
স্বপ্নহাৰা নাৰীৰ সেমেকা হাঁতবোৰ
ব’হাগেনো কি ফুলৰ গামোচাৰে ঢাকিব ??
হতাশাৰ চিৰালফাটে কোঙা কৰা
কৃষকৰ খৰাং বুকুবোৰত,
ব’হাগনো বিহুৱা হ’ব কি সুখত..??

তোমালৈ কেতিয়াবা বৰকৈ মনত পৰে ....
ব’হাগৰ সকলো অভিমান সামৰি
এটা নিৰ্যাতিত ৰাতিৰ অজুহাতত
তুমি গুচি যোৱা বহু দিনেই হ’ল;
বলাত্‍কাৰী বুটজোতা আৰু বন্দুকৰ আগত
সেই  হাতজোৰ কাতৰ মিনতিবোৰ,
হিয়াভঙা চিঞৰবোৰ.......
মুল্যতো কোনোদিনেই নাছিল !!
এটা কৰুণ উচুপনি হৈ ব’হাগৰ কোনোবাতো ডালত
তুমি ওলমি ৰোৱাতো বহুদিনেই হ’ল....
এই ঠিকনাহীনতাত তথাপি
তোমাৰ ৰিণি ৰিণি আবদাৰবোৰে
আতুৰ কৰিছে মোৰ স্বপ্নহীন ব’হাগক;

শুই থাক অ’ ব’হাগ
মোৰ সীহ লগা বুকুতে;
তেজপিয়া হাতবোৰৰ কুঠাৰ কাঢ়ি আনি
এদিন থাপন কৰিম তোক
মোৰ দেশৰ প্ৰতিইঞ্চি মাটিত, প্ৰ্তিজোপা বৃক্ষত !
ম’হৰ শিঙৰ পেঁপাৰে এদিন সলাই ল’ম
হাতৰ ৰাইফল ;
তেতিয়ালে শুই থাক অ’ ব’হাগ
মোৰ আইৰ শিতানতে
শোষণৰ ভৰত আইৰ দেহ
আজি যে তেনেই দূৰ্বল......

*********
                        ২২-০৩-১২

Tuesday 20 March 2012


নিমাতী ঘৰ
-----------

দীঘলী পুখুৰী পাৰৰ
ৰাধাচুঁড়া নে কৃষ্ণচুঁড়াৰ তলৰ
অ’ নিমাতী ঘৰ;
তোৰ হেনো চুলিত জিৰাইহি
অবুজন মেঘৰ কথা নুশুনা ভাগৰ,
প্ৰতিদ্বন্দ্বী যি এখন প্ৰেমিক আকাশৰ;

পাণ বজাৰৰ মস্তান দূপৰীয়া
তহল দি যায় সদায় তোৰ চাৱনিৰ কেঁচা বাটেদি,
ডিঙি মেলি ভুমুকিয়াই চায়,
আবেলিৰ নিলাজ ছাঁই, তোৰেইতো দীঘল বাৰাণ্ডা;
ক’চোন  ক’, এবাৰ
কাৰ ওঁঠৰ বেজাৰ সামৰি থমথমকৈ বহি থাকে
তোৰ খিড়িকিৰ আমন-জিমন পৰ্দা ??
গোটেই উজানবজাৰখনেইটো
এখন উতনুৱা চিঠি,
আৰু ত‍ই অভিমানৰ লেফাফা ;
কেতিয়াবাতো খুলি দে
বুকুৰ অহংকাৰী ডাকঘৰ;
চাবিচোন
বেদনাৰ ঠিকনা লিখি কপালত,
হামখুৰি খাই পৰিবগৈ
তোৰ হিয়াৰ ডাকবাকচত,
কিমান যে আপেক্ষাৰ কৰুণ আখৰ...!!

তোৰ নঙলাৰ P.C.O-ত বিলবোৰ,
কিয় দীঘল হৈ যায় নিদ্ৰাহীনতাৰ দৰে
ত‍ইতো নাজান’ ??
দ’ বুকুৰ বেঙুনীয়া ট’প পিন্ধি
ভুলতো হালি নিদিবিদেই,
মুঠিৰ পৰা সৰি পৰা স্বপ্নৰ মুদ্ৰা বুটলিবলৈ;
আজিকালিৰ মহানগৰৰ যিহে ব’দনাম.....
চকু ঘুৰাই দিয়ক চাৰি
তোৰ বুকুত পিছলি, ৰৈহে যাব চাবি
গুৱাহাটি ক্লাবৰ এহেজাৰটা ট্ৰাফিক জাম !

তোলৈ কেৰাঁহিকৈ চাই
আলিবাটৰ শিলগুটিবোৰে উজুটিয়ালে
জান’নে,
উদণ্দ চিটিবাছবোৰো গহীন হৈ পৰে-
বৃদ্ধ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ দৰে;
দুটকাৰ কেঁচা চানা গলিয়াই গলিয়াই
তোৰ হাহিৰ পাকঘুঁৰণীত সদায়
দীঘলী পুখুৰীৰ পাৰ যে মাতাল হয় সন্ধিয়াই
ত‍ই জান’, ক’ ?
আনকি, ৰাতিৰ পিছত ৰাতি
এটাও চকুৰ টিপ নমৰাকে,
থিয় হৈ থাকে আদহীয়া স্ট্ৰীটলাইটবোৰো,
মাত্ৰ তোকেই হেপাহ পলুৱাই চাবলে.....
(প্ৰেমৰতো আৰু কোনো বয়স নাথাকে !! )

দীঘল হৈ যোৱা ঘাইল বুকুৰ হুমুনিয়াহবোৰ
আৰু দীঘল কৰি,
আৰুনো কিমান আচুৰি নিবি
প্ৰেমিকৰ কাঙাল হৃদয়;
কেতিয়াবাতো খুলি চা দুৱাৰ-মৌন ওঁঠৰ
চাবি, পলকতে উটি যাব
সমস্ত এলান্ধু- তোৰ বিষাদৰ ;
ত‍ই কি নাজান’
ভালপোৱাৰ এই শেহতীয়া খবৰ-
দুহাতত মুখ গুজি তোলৈয়ে চাই
ৰ’ লাগি ৰয় যে এখন স্বপ্নাতুৰ মহানগৰ....

ৰাধাচুঁড়া নে কৃষ্ণচুঁড়াৰ তলৰ
অ মোৰ নিমাতী ঘৰ,
তয়েইতো সেই অনিবাৰ্য্য ঋতু
মোৰ বিষাদ উদ্‌যাপনৰ......!!

*********

(দীঘলী পুখুৰী পাৰৰ কটন কলেজৰ গাৰ্লছ হোষ্টেল দুটাৰ হাতত)
                                                                    - ২০-০৩-১২

Saturday 17 March 2012


শব্দ‍ই ওঁঠ খুলি
-------------

শব্দ‍ই ওঁঠ খুলি যি কথা কৈ নগ’ল মোক,
আঙুলিত ডেউকা মেলি পৰিছিল আহি
সেই আহত সাৰেঙ;

শ্ৰান্ত আহুতিৰ ছাঁ হৈ
কোন কথকৰ জিভাত হাওলি ৰয়
উচ্চাৰণৰ গহনা পিন্ধা শৰীৰ..??

নদীৰ কপালত সেওঁতা মেলি বহা
এটা শিলালিপিৰ জোন
যি বাটেদি উজাই আহিছিল,
তাতেই হেৰায়
কম্পিত হাতৰ অশ্ৰু মোহৰ;

কথাৰ আঁৰৰ কথাবোৰ,
মৌনতাৰ সিপাৰৰ প্ৰাৰ্থনাবোৰ
অহা বাটতে থমকি ৰ’ল, অশ্ৰুত হৈ ;
দুৰ্লঙ্ঘ্য যাৰ লিপি, দুৰূহ যাৰ সাম্য অৰ্থ !
মাথো প্ৰাচীন সেই পাঠকৰ লূণীয়া জিভাত
শিয়াৰ মেলি ৰৈ গ’ল
ক্ষমাহীন শোকৰ আয়ত নিসৰ্গ;

কাঁচোনৰ অলেখ মুখ পোহৰ কৰি যোৱা
একুৰা পৱিত্ৰ আন্ধাৰতো,
অনুচ্চাৰিত হৈ ৰয় সেই সকলোবোৰ
শব্দ‍ই ওঁঠ খুলি যিবোৰ কৈ নগ’ল তেওঁকো  !!

*******************
                          ১৭-০৩-১২

Tuesday 13 March 2012


এজন সেউজীয়া কবি
-------------------

বিষাদৰ বৰ্ণমালাৰ
অস্থিৰ দুই এটি বৰ্ণ তুলি
তেও যেতিয়া কবিতা লিখে,
দুখৰ ভাগৰবোৰে
স্মৃতিৰ বাটতো পাৰ হৈ আহি
আপেগোপে তেঁওৰ কবিতাতে জিৰাইহি;

তেঁওৰ কবিতাৰ অনুভৱী দুহাতত
বিষাদৰ সেউজীয়া পাণ্ডুলিপি
দুখৰ পোকে কুটি শেষ কৰা তাৰ প্ৰতিটো পৃষ্ঠা;
আলফুলে লুটিয়াব খুজিলেও
যেন নিশাহৰ ভৰতে সুলকি পৰে
নিহীত ভালপোৱাৰ বিনম্ৰ আস্থা;
কেৱ্ল আঙুলিৰ আগৰ ৰুক্ষতাত লাগি ৰয়
সেউজীয়া কবিৰ
আন এটা অনুভৱৰ কবিতা !
কবিতো নহয় তেঁও
মাথো নষ্ট হাতেৰ
কাগজৰ শুভ্ৰতাত সানি যায়
কবিতাময় কলংক;
বিৰামহীন হৈ স্তব্ধতাৰ মুগ্ধতাত
মনে মনে তেওক দেও দি যায়
তেঁওৰেই অস্থিৰ সংগ
.....কবিতো নহয় তেঁও ...!
তথাপি পৰি ৰ’ল কবিতাৰ যুৱঁলিত
নষ্ট কবিতাৰ প্ৰহৰী হবলৈ;
কবিতাৰ বহীত কবি এতিয়া মৃত
কিন্তু কবিতা এতিয়াও জীৱন্ত.....

************
                 ১২-০৬-০৩

ৰাতিৰ প্ৰেমিকা
-----------

চুই চাব খোজোতেই
ঘৰচিৰিকা চৰাইৰ দৰে জপিয়াই গুচি গ’ল
ৰাতিৰ অজলা সপোনটো;
অলপীয়া দুখত আবেগৰ প্ৰলেপ লৈ
অধোমুখে থিয় দি ৰ’ল
সহজ সৰল অমায়িক ৰাতিটো !

কেনে নিজান নিজান অথচ উদাস
ৰাতিৰ পলৰীয়া বাটবোৰ,
দুখৰ সংজ্ঞা দি
বিস্মৃতিৰ কেকুৰিতে নেদেখা হৈ পৰে !
কেনে সন্দেহী এই গাভৰু আন্ধাৰবোৰ
হেলাৰঙে নেওচা দি যাব পাৰে
সুঠাম আবেগবোৰ;

প্ৰেমিকবোৰ সাগৰৰ দৰে হব লাগে
তেতিয়া দুখবোৰ
মুকুতাৰ দৰে আলৌলৌৱা হৈ পৰে !
সাগৰৰ বহু নদী থকাৰ দৰে
ৰাতিৰো বহুবোৰ জীয়া সুতি থাকে,
যিবোৰেৰে দুখবোৰ ৰাতিৰ ঘৰলৈ
চিনাকি আলহীৰ দৰে আহি থাকে;
সেয়ে ৰাতিয়ে প্ৰেমিকৰ দৰে কান্দিব নোৱাৰে !
কান্দিব খুজিলেই যে
দুখবোৰে কাথিত বহি ঠেহ পাতে;
কবিৰ দৰে
ৰাতিয়েতো আৰু কবিতা লিখি
দুখক ফুচুলাব নাজানে...!!
এইকাৰণেই ৰাতিয়ে
কবিবোৰক ঈৰ্ষা কৰে;

ৰাতিবোৰ কিন্তু তথাপি অসুখী নহয়,
দুখৰ কাৰণে
সিহতেই চ’ৰাঘৰবোৰত
শীতল পানী আৰু ফুলৰ ডাল সজাই থয়;
সেয়ে কিছুমান কবিয়ে ভাবে
ৰাতি নাথাকিলে
দুখবোৰো কিজানি নাথাকিলহৈ...

কিন্তু কবিবোৰে নাজানে
ৰাতিৰ এজনী প্ৰেমিকা আছে,
যাৰ বাবে ৰাতিয়ে
কৃপণৰ দৰে দুখবোৰ
সাৱতি লৈ ফুৰে...
কবিবোৰৰ উপৰিও আন বহুতেও
এই কথা নাজানে !!

********
            ১৭-০৭-০৩

Monday 12 March 2012


হে পিতৃ !
-------

এবাৰ চুই দিয়াহি মোক; এবাৰ,
সাৰ পাই উঠো এই অকাম্য নিদ্ৰাৰ পৰা
জাগি চাও এবাৰৰ বাবে
এই সনাতন আবেশৰ পৰা,

কৰুণাময় আত্মাৰ প্ৰান্তৰত
মোট সলাব খুজিছে
চিৰন্তন এটা ভ্ৰান্তিৰ পিপাসাই;
কুণ্ডলীকৃত নাভিৰ এটা নৈঋত গোন্ধে
হাতবাউল দিছে আত্মমগ্ন চেতনাক;

হে মোহাতীত অমৃত পিতৃ;
এই মুগ্ধতাৰ পৰম অসত্যৰ পৰা
বোৱাই নিয়া মোৰ আত্মজ সত্তা,
এটোপাল পোহৰৰ পদ্ম হৈ লীন হৈ ৰও
এটা শূন্যৰ অপাৰ বিস্তৃতিত

সময়ৰ এক অপাপ জঁটাত
জীৱন এক দুৰাৰোগ্য অসুখ
সংক্ৰমিত কৰি মৃত্যুৰ শৰীৰ;
কাৰোবাৰ মেলা চকুৰ  নিথৰতাইদি চেকুৰি যায়
স্পৰ্শাতীত পৃথিৱীৰ গোলাম ঘোৰা;
কাৰোবাৰ চকুৰ লুণীয়া কোণত
এটা চিঞৰ, হুমুনিয়াহ বা বাৰ্তা হৈ শুই পৰে
সুখ, প্ৰাপ্তি, অহংকাৰ আৰু বেদনাৰ সকলো আদ্ৰতা;
এটা আৰম্ভণিৰ শেষ অথবা
এটা শেষৰ আৰম্ভণি....!!!

হে নিৰ্গুণ পিতৃ
এবাৰ চুই দিয়াহি মোক,
এটা তুতিৰ নিস্কাম অজুহাতত !

************
                  ১২-০৩-১২

Tuesday 6 March 2012


ঈশ্বৰৰ ডায়েৰী
--------------

সোমবাৰবোৰ তেজাল আৰু ৰঙা
ৰবাব টেঙাৰ দৰে;
সেইকাৰণে ৰাতিপুৱাই
ঈশ্বৰ ওলাইছিল চহৰৰ ফালে
চিগাৰেট হুপিবলৈ,
কলা গগলচযোৰৰ কাৰণে
ৰ’দে চিনিপোৱা নাছিল ঈশ্বৰক;
লেঙেৰাই লেঙেৰাই ঈশ্বৰ
পৰি আছিল ঘামৰ ছাঁত

মংগলবাৰে হেনো ঈশ্বৰে
জন্ম লোৱাৰ কথা আছিল,
সেয়ে ঈশ্বৰে
সেইদিনা ম’দ নাখায়,
ৰাতিলৈকে মাখিৰ দৰে ঘুৰি
ঈশ্বৰ শুই থাকে
চহৰৰ ফুটপাথত  কেৰেলুৱা হৈ;

বুধবাৰে ঈশ্বৰ প্ৰেমত পৰিছিল,
কোৱাৰিয়েদি ঈশ্বৰৰ সিদিনা বৈ আছিল
প্ৰেমৰ লেলাৱতি;
আৰু ৰাতিটো এচকুৱা ফেচা হৈ
উৰি যোৱাৰ পিছ্ত
ঈশ্বৰে পাত লুটিয়াই বৃহস্পতিবাৰৰ;
শেষৰটো পৃষ্ঠাৰ শেষত
ঈশ্বৰ বগাই ফুৰে শুক্ৰবাৰৰ দেহত
কুমজেলেকুৱা হৈ
গোটেই ৰাতি সাৰে ৰয় কেৱল শনিবাৰ
ঈশ্বৰৰ দুৱাৰমুখত !!

ৰবিবাৰ ঈশ্বৰৰ খুব প্ৰিয়
হুইস্কিৰ দৰে !
ৰাতিপুৱাই হস্তমৈথুন কৰি
ঈশ্বৰ ওলাই যায়
শূন্যতাৰ খৰিকটীয়া বজাৰখনৰ পিনে
শুকান মাছৰ দৰে পচিব খোজে
সিদিনা দূপৰীয়াটো অযত্নত
ঈশ্বৰৰ ঘৰত;
গধুলিলৈকে মাতাল হৈ ঈশ্বৰ
পৰি থাকে বেশ্যাৰ গলিত
বতিয়াই বতিয়াই
আৰু হালধীয়া হৈ ৰাতিটো
গোন্ধাই থাকে ঈশ্বৰৰ বীৰ্যৰ দৰে
ওৰে ৰাতি.....


(নীতসে-ৰ হাতত)

*********

অৰ্থ
----

সকলো কথাৰে জানো অৰ্থ থাকে,
অথবা সকলো শব্দৰ ?
নিৰ্যাতিত শব্দবোৰ শুই পৰাৰ পিছত
ম‍ই তেঁওক বিছাৰি ফুৰিছিলো
এখন অবিশ্বাসৰ চহৰত !

প্ৰাৰ্থনাৰ এটা আখৰ হৈ তেঁও
বাগৰ সলাইছিল মোৰ চেতনাৰ সংজ্ঞাত

প্ৰস্তাৱিত আত্মাৰ সকলো অৰ্থ
শেষ হৈ অহাৰ পিছত;
পৰিচয়ৰ নিৰ্বিকাৰ গজালটোত ওলমি ৰৈছে
মোৰ অচিনাকি ম‍ই এজন

অ নিৰন্ন সময়,
সংকীৰ্ণতাৰ সকলো কফিনৰ পৰা
তুলি ধৰ মোৰ পাপৰ পূৰ্ণিমা !
উদযাপিত হওক আকৌ
সেই পৰম অৰ্থহীনতাত
মোৰ বিষাদৰ আহুজ
আৰু সমৰ্পনৰ কৰুণতা !!

**********

(নীলমণি ফুকনৰ কবিতা এটা পঢ়ি...)

ৰ’দ
-----

মোৰ পিৰালিৰ আগত পৰি আছে
এচোতাল ৰ’দ  !
হয়তো সুখৰ
........নহলেও দুখৰ;
দুৱাৰ মুখত বহি আছো মই
সময়্হীনতাৰ সময়ৰে পৰা
অনুভৱত কিছু তোমাৰ অস্থিৰ প্ৰহৰ !

 ৰ’দজাক গছকি
কেতিয়াবাই পাৰ হৈ গলা তুমি,
উদাসীন বুকুত উপায়হীন হৈ ৰৈ গ’ল
উথপথপ কলপতীয়া ভাগৰ...
মোৰতো নহয়, তোমাৰো নহয়
কষ্ট মাথো ৰ’দজাকৰ !
সুখবোৰ নহলেও
দুখবোৰ যে সদায় একান্তই নিজৰ;

ৰ’দজাক ছাঁ হোৱাহেতেন ,
ময়ো গুচি যাব পাৰিলোহেতেন
তাৰ ছাঁ গছকি,
এই আৰুঢ় অনুভুতিৰ আমেজ ভাঙি !
কিন্তু এতিয়াও যে বহি আছে তাই
মোৰ চোতালতে
পুৰঠ দুখৰ চুলি মেলি ;
সোণালী চাদৰৰ আহে আহে লাগি আছে
তোমাৰ বিনম্ৰ উপস্থিতি !!
***********
                 ৬-০৬-০৩

Monday 5 March 2012


নৈ
=====

আগুৱাই আহিছে নৈখন ক্ৰমে
বিস্মৃতিৰ প্ৰফুল্লিত ভগ্নাংশৰ দৰে;
ধৰিব নোৱাৰাকৈ লাহে লাহে
মোৰ ওচৰ চাপি আহিছে
সম্বন্ধৰ প্ৰাক্তন ঢৌবোৰ !
মোৰ চকুত পৰিছে সিহতৰ
কাব্যিক ছন্দময় উঠানমা,
প্ৰমত্ত আবেগৰ আস্ফালন
সিহতৰ ওঠত সনা বণিতাৰ হাঁহি-
অসংখ্য কৃত্ৰিমতাৰে প্লাবিতা

নিত্য যৌৱনা পাৰঘাট এয়া,
পাৰত বহি ম‍ই আপেক্ষাৰত
তেজীমলাৰ অনঘ সপোনৰ;
কেতিয়া আহিব ৰ’দালিৰ পানচৈ...?
শুকুলামেঘত নীলাৰ প্ৰস্তাৱনা,
মোহনামুখত এজাক বালিমাহি পৰিছে আহি
মুখত কিচিৰমিচিৰ নীৰৱতাৰ বন্দনা;
মোৰ সমুখত মূমূৰ্ষ সূৰ্য
তৰংগত পোহৰৰ শেষ শিৰোনামা.....

************
 ২৪-০৩-০৩

-সীমা হেৰোৱা অসীম-
---------------

কাঞ্চনমতীৰ পাৰৰ সোণফুলা কমল নগৰ
চম্পা, চন্দনৰ দেশ অতি মৰমৰ;
খেলমাটিৰ ম’হযুজত আৰম্ভ হয় দুখন হিয়াৰ কাহিনী
দুটি প্ৰাণ এটি হব খোজে -বকুলপুৰৰ চন্দন, ৰঙাটিলাৰ গৌৰী;
ৰূপালীপামত আৰম্ভ হয় দুয়োৰে অভিমানী যুজ
চেনেহৰ নবৌ উমাই বুজে দুয়োৰে প্ৰেম অবুজ অবুজ;
চম্পাইও ভাল পাইছিল চন্দনক হিয়া উজাৰি
দিয়া নাছিল কিন্তু কোনোদিনে গোপন হিয়াৰ গোপন বাতৰি;
প্ৰেমৰ সুবাস বিয়পাৰ আগেয়ে ঘুৰে কালৰ চকৰী
ধ্বংসৰ শ্লোগান লৈ আহি পায় শত্ৰু সেনানী;
অৱশেষত তিনিদিনৰ যুজত কমলনগৰে হেৰুৱায় সকলো
চৌপাশৰ বিভীষিকা দেখি মাথো মাতৃ পাৰ্বতীয়ে নীৰৱে টোকে চকুলো;
হিয়াৰ বিষাদৰ ওপৰত দি হাঁহিৰ ঢাকনি
যুজৰ শেষত চম্পা যায় সকলোৰে পৰা আতৰি;
যদিও শেষত মিলন হয় গৌৰী চন্দনৰ
নোৱাৰে ৰুধিব সিহতে মৃত্যু কমলনগৰৰ;
আবেগ আৰু চকুপানীৰে টলবল এই গাথা ব্যথাভৰা
অসীমত যাৰ নুবুজাকে হেৰাল সীমা;

কাঞ্চন বৰুৱালৈ-
----------
সীমাৰ মাজত        ৰৈ বিচাৰিছিল
      অসীমৰ সীমা
নিলীম সময়ৰ       অসীম বিস্তৃতিত
   ক’ত আজি তুমি কাঞ্চন বৰুৱা...

অসীমৰ কেনভাচত     হাহি চকুলোৰ ৰং লৈ
    আকিছিলা এদিন সসীমৰ সীমা;
তাৰেই চকু জুৰাই   পাওগৈ আজিও সেই সীমনা
    অসীমত য্ত হেৰায় সীমা
        ******

............মোৰ এখন প্ৰিয় উপন্যাস "অসীমত যাৰ হেৰাল সীমা"লৈ শ্ৰদ্ধাৰে

নিশিগন্ধালৈ পুনৰ..
----------------

নিশিগন্ধা,
তোমাৰ দুচকুৰ আকাশত
শেষ উত্‍সৱৰ ক্লান্তিৰ মেঘ,
শেলুকীয়া ওঠৰ যুৱঁলিত
বিষাদময় অপৰিচিত অৱসাদ !
তুমি দেখিছানে
তোমাৰ নিশাহৰ হেলনীয়তাত
উপেক্ষিত পৰ্বতীয়া বিষাদৰ দীঘল ছায়া...

দোভা পথাৰৰ বৰষুণজাক
এতিয়াও আহি পোৱাহি নাই !
কিন্তু বতাহত বগুৱাবাই আহিছে
বৰষুণৰ কৌতূহলী ভাবৰ গুণগুণণি
লগত কিছু তুমি তুমি লগা তোমাৰ অনুভৱ,
আবেলিৰ শূন্যতাত ভৰি পৰিছে ক্ৰমে
শুকান মাটিৰ ভিজা ভিজা গোন্ধ
তোমাৰ গাৰ দৰে !

নিশিগন্ধা,
প্ৰেমিকৰ উশাহ আৰু
ফাগুনৰ দূপৰীয়াৰ দৰে
অনুভুতিৰ তীব্ৰতাত সাৰ পাইছে
তোমাৰ প্ৰতিবেশী ৰাতি-এটা সপোনৰ কবি !
জানানে ৰাতিৰ সপোননো কি -??
কিছু নিস্তেজ স্মৃতিৰ বৰ্ণময় অথিৰতা
আৰু এটা প্ৰবসুৱা উশাহৰ নতুন ৰিক্ততা;

ব’লা নিশিগন্ধা
পুনৰবাৰ বিচাৰি চাওগৈ
বিস্মৃতিৰ সত্যত ৰাতিৰ আবেগ,
পৰিপুৰ্ণতাত মাৰ যাওক ধোৱাৰ সপোন-
এটা উজাগৰি ৰাতিৰ ভ্ৰান্তিৰ প্ৰলাপ...!
এই জাৰজ পৃথিৱীৰ পৰিচয় বিচাৰি
আহা নিশিগন্ধা হেৰাই যাও দুয়ো
শৈলজ ভাৱৰ ঠিকনা হৈ,
কাঁচিয়লি সপোনৰ ভগ্নাংশ হৈ,
আৰু কিছু তুমি তোমাৰ ম‍ই মোৰ হৈ......

*********
                          ১৪-০৩-০৩

Thursday 1 March 2012

বুঢ়া ডাঙৰীয়া
===========

বগা ঘোৰাত উঠি
পূৰ্ণিমাৰ ৰাতি বুঢ়া ডাঙৰীয়া যেতিয়া গাও ফুৰিব ওলায়
নিঃপালি গাওখনে ওৰণি লয়;
নৈ পৰীয়া বুঢ়া শিলিখাই মিচিকিয়াই,
দাত নোহোৱা সোলা মুখৰ হাহি
আলৰ ওঠৰ পৰা সৰি 
বিয়পি যায় বহু মাইল
শেলুৱৈ ধৰা বতাহত পিছলি....

পথাৰখনৰ কাষত 
বুঢ়া ডাঙৰীয়াই গল হেকাৰি মাৰিলেই
উত্‍পতীয়া ধনগুলৈবোৰ সুৰ সুৰকৈ গাতত সোমায় !
স্বস্তিৰে নৰানিখনে মুৰ দোৱায় ডাঙৰীয়াৰ আগত,
দুটোপাল নিয়ৰে ধুই নিয়ে ডাঙৰীয়াৰ ভৰি !!

সিদিনা বৰহোলাটোৰ পাৰত 
জোনটোৰ হঠাতে থৰকাছুটি হেৰায় !
বুকুত মেঠনি মাৰি পানীত নামোতেই যে
ডাঙৰীয়া সাকোৰে পাৰ হৈ যায়....
মুখত হাত দি 
দুষ্ট কেইটামান দৰিকণাই খিকখিকাই উঠে,
লাজত নে ভয়ত ঘোলা হব খোজে
বৰহোলাৰ পানী ;

ধীৰ কদমত আগুৱায় বুঢ়া ডাঙৰীয়াৰ ঘোৰা
কেচা পাটৰ বৰণৰ গাৱৰ কেচা আলিৰে,
বতাহ কপায় ধোৱা বৰণীয়া এড়ি চাদৰে !

খেতিয়কৰ ওজৰহীন চিকুণ গাও
হাতৰ মুঠিতে ফুলে পথৰুৱা সপোনৰ বনফুল;
ইকৰাৰ বেৰৰ জলঙাৰে সোমাই আহে বুকুলে
শালিধানৰ আলৌলৌৱা গোন্ধ,
মৰণাৰ চোতালত এটা সপোন পুস্পিতা হয়,
থাপনাৰ শলিতাগছি উলাহতে যেন অলপ বেচিকৈ জ্বলে
পোহৰ কৰি বুঢ়া ডাঙৰীয়াৰ মুখ !

গোসাইঘৰৰ পুখুৰীত 
বুঢ়া দেউতাৰ ঘোৰাই পানী খায়,
নাৰিকল পাতৰ আগৰ বতাহে সি যায়
ফাহি যোৱা ঢৌৰ নিৰিবিলি কামিজ !

ভাগৰুৱা তৰাবোৰে খিৰিকি বন্ধ কৰিলে
শেষৰাতি বুঢ়া ডাঙৰীয়াৰ ঘুৰি যাবৰ হয়;
ভোটোৰাৰ পাতৰ তলত বাগৰ সলায় সোণপৰুৱাই,
মেতেকাতলীৰ পৰা উজাই আহে
এটা ফেহুজালিৰ গোন্ধ.......... !
বুঢ়া ডাঙৰীয়াই এবাৰ ঘুৰি চায়
সকলো ঠিকেই আছে.... সকলো  ঠিকেই আছে....
আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে বুঢ়া দেউতা গুচি যায় !

সেমেকা চকু মোহাৰি ,
নৈ পৰীয়া বুঢ়া শিলিখাই আৰু এবাৰ মিচিকিয়াই !!

*********
 ২৯-০২-১২


Thursday 23 February 2012


বেশ্যা আৰু আপুনি
-----------------

প্ৰেমৰ একেবাৰে শেষৰ বাইলেনটোত তেওৰ বসবাস;
প্ৰতি ৰাতি তেও আওৰায়
আদিম সেই নিষিদ্ধ পাটিগণিত;
আৰু নিৰ্লিপ্ত হৈ প্ৰত্যক্ষ কৰে
ঘাতক প্ৰেমিকৰ পৌণঃপৌণিক কুচকাৱাজ

আজি ৰাতিৰ বাবে আপুনি তেওৰ প্ৰেমিক;
মহাশয়,
নিসংকোচে সোমাই যাওক তেওৰ কোঠাত ,
তেওৰ বেপৰোৱা চুলিত বাহ বান্ধি
নিশ্চিন্ত হৈ আপুনিও ভাও দিব পাৰে আজি
প্ৰেমিক বাদূলিৰ !
অথবা জুখি চাব পাৰে
তেওৰ বুকুৰ হ্ৰদ কিমান গভীৰ,
 কিমানেই বা  দ তেওৰ চকুৰ কুৱা...?

আজি ৰাতিৰ বাবে আপুনি তেওৰ প্ৰেমিক;
নিসংকোচে সুধি চাওক
তেওৰ খিৰিকিমুখত ভীৰ কৰেহি দৈনিক
কিমানটা উদঙীয়া জোন ?
অথবা তেওৰ বুকুৰ হ্ৰদৰ পানীত শিল দলিয়াই
শুনি চাওক সুখৰ জলতৰংগ.......
বস্ত্ৰহীন খৰাঙৰ সমদল লুকুৱাই
তেও হৈ পৰিব আপোনাৰ ক্লিওপেট্ৰা
আৰু আপুনি তেওৰ এঘন্টীয়া চিজাৰ ;
চকুপানীৰে ধাৰ দিয়া কাঁচিৰে
তেও কাটি যাব এডাল দুডালকৈ
আপোনাৰ দুখৰ অপতৃণ, পাকৈত দাৱনী হৈ

আপোনাৰ অহংকাৰৰ একুৱাৰিয়ামত মেলি দি
সুখৰ দৰিকণা,
তেও আধাৰ হব এটা শ্বাপদ ৰাতিৰ;
আৰু মকৰা হৈ আপুনি চিকাৰ কৰিব
তেওৰ পতংগ শৰীৰ-
ৰেচমী পাপেৰে মেৰিয়াই মেৰিয়াই

মহাশয়,
সুখী হোৱাৰ চিৰন্তন সুত্ৰৰে আপোনাক সুখী কৰি তুলিবলৈ
তেও মুখাগ্নি কৰে প্ৰতিনিয়ত তেওৰ আত্মাৰ;
আৰু তাতেই হাত সেকি
আপুনি গোপনে আতৰ কৰে আপোনাৰ পপীয়া জাৰ... !!
তথাপিও কিন্তু সকলো একেই থাকি যায়-
একেই নিখুত দিন, নিখুত পোহৰ;
কেৱল তেওৰ হাড়ৰ শৰ্য্যাত
এঙামুৰি দি ৰয়
এজন নপুংসক ঈশ্বৰৰ পৌৰাণিক ভাগৰ  l

    ******
                  ২৩-০২-১২

Wednesday 22 February 2012


ষ্টেশ্যন
-------

বুভুক্ষু ইতিহাসৰ যাত্ৰিক আমি I জীৱন এটা চৰম অবাস্তৱ I
উকামুৰিৰ গৰ্ভৱতী সপোনৰ কলংক বহন কৰি
বেচিজিল ৰেল ক্লীৱ ঘোৰা I

স্বৰলিপিৰ বহীত
অযুত ফেহুজালিৰ ফেকুৰৰ গান I নিৰ্বানৰ
কাঢ়া ধপাত টানি ৰৈ আছে প্ৰাণহীন ষ্টেশ্যন,
ৰাতিৰ অৱসাদত I

বলিশালত কিমানটা ছাগলীৰ কটা মুৰ বন্ধু ??
কিমান টকাৰ পূণ্যৰে ধুই ললা
পাপৰ উফি I পলাশত জুইৰ ঘা আৰু
চহৰীয়া কৃষ্ণচূড়াত বীৰ্যৰ চেকুৰা ;
বেশ্যাৰ স্তনৰ কাঠৰ ঘোৰাত শ্বাপদ বুৰন্জীৰ
ভোকাতুৰ জাপ ,
কিন্তু ষ্টেশ্যন ক’ত.........?

মহানগৰৰ কলাফুলত চেলাপতীয়া জোক ,
হুমুনিয়াহৰ শিল্পত সোণৰ হৰিণ আৰু
ফেপেৰি পতা জোনাক,
সকলো অৰ্থহীনতাৰ পাণ্ডুলিপি ;
আৰু আমি পয়ালগা ঘূণৰ জীৱাশ্ম !
চিলনীৰ জীয়েকৰ হাড়ত গজা নষ্ট নক্ষত্ৰৰ
নেগুৰত ধৰি, দহহাত চুলিৰে বগাই আহে
কত নিৰুদ্দেশ আত্মা ;
উন্মাদনাৰ দেহত বাগৰে সহস্ৰ মৃত্যুৰ ঘাম-
অ'.....ঈশ্বৰহীনতাৰ ঈশ্বৰ
জীৱনৰ বাবে আয়োজনৰ আমাৰ যে একান্তই অভাৱ II

ষ্টেশ্যনৰ কোনোবা কাপ চাহৰ ধোৱাত এদিন
ভোকৰ পলসত গজিব কোমল চাবুক ,
ভৱিষ্যত আমাৰ এটা ব’দ অভ্যাস, এটা মাতাল বেলি ;
বতিয়াই পৰি থাকে প্লেটফৰ্মত I
দশৰথৰ শব্দভেদী কাড়ৰ আগত আমি সদায় মৰো
মৈথুনৰত হৰিণ হৈ,
প্ৰতিটো ষ্টেশ্যনৰ বেটুপাতত ;

প্ৰেয়সী চহৰত এতিয়া ৰিক্সাৱালা জোন,
কেকোজেকোকৈ টানিছে এখন ভঙাছিঙা আকাশ ;
আমাৰ কংকালত বাজে
মেকুৰীৰ ডিঙিৰ টিলিঙা ;
পাহৰণিৰ সৰ্বোত্তম শিল্পত
স্মৃতি আমাৰ পোৰামাটিৰ বাচন I
পৃথিৱীৰ শেষৰটো শ্টেশ্যনত টিকত আমাৰ
মাথো শামুকভঙা চৰাইৰ দুখ !!

   ********
                 (১৫-০১-১২)

আপেক্ষা
-------

ৰৈ থকাতো এক সুঠাম বিস্ময়
ওঠত লৈ কবৰৰ ভাগৰ ,
সকলো ৰৈ থাকিব খোজে
নিদ্ৰাহীন মেটেকাৰ দৰে ;

মহানগৰৰ কান্ধত
ৰ’দৰ বৈ পৰা চুলি,
অভাৰব্ৰীজৰ জেপত
বিপ্লৱৰ চিগাৰেট;
আৰু
সন্ধিয়াৰ পাৰ্কত এটা
তুমি নামৰ ভ্ৰান্তি-
সকলো ৰৈ থকিব খোজে
য্ন্ত্ৰনাৰ শামুক হৈ !!

  *****

ভালপোৱাৰ বাটে বাটে
--------------------

হৃদয় এৰি কোনটো বাটেৰে যাব তেও ?
মৃত সৰিসৃপৰ দৰে নিথৰ হৈ পৰি আছে
গোটেইকেইটা বাট,
খোজ দিলেই যে বাটৰ ধূলিত লাগি ৰব
নিঃশব্দ ভালপোৱাৰ শব্দহীন শব্দালাপ !

তেও যোৱাৰ কথা আছিল ,
কোনোবা এটা বিমুগ্ধ নাৰ্চিচাছৰ ৰাতি
যুতি ফুলৰ মালা এধাৰিৰে
মই তেওক বিদায় জনোৱাৰ কথা আছিল
গোলাপ বাগিচা ভ্ৰমণৰ স্মৃতি ৰুমালত বান্ধি
কাৰণ,
গুচি যোৱাটো যে ঘুৰি নহাৰ দৰেই
প্ৰেমৰ এটা অসহজ সংলাপ;

এতিয়া অবাক হৈ
পৰি ৰয় সময়বোৰ দূঃসময়ৰ দৰে;
উদাসীন ৰাতিৰ প্ৰান্তত
সুখৰ এহাত ডাঠ আৱৰণ গুচাই
লৰচৰ কৰি উঠে অলপমান দুখ,
ৰাতিটোত ভেজা দি থিয় হয় কবি
এন্ধাৰত উক দি উঠিছে আজি পুনৰ
কবিৰ বহুপুৰণি ভালপোৱাৰ অসুখ !

আজিও শুব নোৱাৰো মই
মৌনতাৰ পিয়লাত মুখ ৰাখি
আজিও ঠেহ পাতিব আহি
মোৰ কাষত কঠন্দা ফুলাৰ সময়,
আজিওতো শুব নোৱৰো মই..

  *******
                                     22-02-04

-নিশিগন্ধালৈ-
   ----------

এয়া যে উত্‍সৱৰ সপোন
আৰু মই পৰি ৰলো নিশিগন্ধা ,
তোমাৰ ওঠৰ কেকুৰিত
এজাক কঠিন গোলাপৰ ভৰত!

বৰ দীঘল খোজ দি পাৰ হয় সময় !
দীঘল সুহুৰিৰে জোকাই থৈ
স্মৃতি নামৰ ধূনীয়া ছোৱালীজনীক
...........
কানিমুণি কুৱলীত
টিউচনৰ দীঘল বাট,
চকুত তৰাফুল বিচাৰি ধৰাপৰাৰ
আটিল লাজ,
বহীৰ ভাজত কুচি মুচি
উমাল সেই ৰদৰ চিঠি.....
এই সকলোবোৰ সামৰি,
নিশিগন্ধা
মই ৰৈ থাকিলো
তোমাৰ স্কুলৰ বাটতে ,
এটা অসুখীয়া জোন হৈ

বৰশীৰ পুঙাতো তোমাক দেখাৰ
অসহায় বাৰিষাৰ আবেলিবোৰ,
তিতিব মন যোৱা সেই প্ৰথম বৰষুণজাক....
প্ৰথম মেখেলা পিন্ধাৰ
তোমাৰ চকুৰ লাজৰ ফৰিং ধৰি
নিশিগন্ধা,
মই আজিও ৰৈ আছো
সেই একেজাক বৰষুণতে তিতি তিতি

এতিয়া ভালপোৱাৰ বতৰত
কঠিন ৰদত মেলি দিছো
মোৰ অসুখীয়া হৃদয়,
দুখৰ ৰুমালেৰে ঢাকি লৈছো
মোৰ অনাত্মীয় স্মৃতিৰ সমূহ;
চেতনাৰ ব্যাপ্তিত  ৰুই লৈছো
তোমাৰ ওঠৰ উশাহ-
মোৰ মাতাল হোৱাৰ সকলো হেপাহ !
   ********