Thursday 23 February 2012


বেশ্যা আৰু আপুনি
-----------------

প্ৰেমৰ একেবাৰে শেষৰ বাইলেনটোত তেওৰ বসবাস;
প্ৰতি ৰাতি তেও আওৰায়
আদিম সেই নিষিদ্ধ পাটিগণিত;
আৰু নিৰ্লিপ্ত হৈ প্ৰত্যক্ষ কৰে
ঘাতক প্ৰেমিকৰ পৌণঃপৌণিক কুচকাৱাজ

আজি ৰাতিৰ বাবে আপুনি তেওৰ প্ৰেমিক;
মহাশয়,
নিসংকোচে সোমাই যাওক তেওৰ কোঠাত ,
তেওৰ বেপৰোৱা চুলিত বাহ বান্ধি
নিশ্চিন্ত হৈ আপুনিও ভাও দিব পাৰে আজি
প্ৰেমিক বাদূলিৰ !
অথবা জুখি চাব পাৰে
তেওৰ বুকুৰ হ্ৰদ কিমান গভীৰ,
 কিমানেই বা  দ তেওৰ চকুৰ কুৱা...?

আজি ৰাতিৰ বাবে আপুনি তেওৰ প্ৰেমিক;
নিসংকোচে সুধি চাওক
তেওৰ খিৰিকিমুখত ভীৰ কৰেহি দৈনিক
কিমানটা উদঙীয়া জোন ?
অথবা তেওৰ বুকুৰ হ্ৰদৰ পানীত শিল দলিয়াই
শুনি চাওক সুখৰ জলতৰংগ.......
বস্ত্ৰহীন খৰাঙৰ সমদল লুকুৱাই
তেও হৈ পৰিব আপোনাৰ ক্লিওপেট্ৰা
আৰু আপুনি তেওৰ এঘন্টীয়া চিজাৰ ;
চকুপানীৰে ধাৰ দিয়া কাঁচিৰে
তেও কাটি যাব এডাল দুডালকৈ
আপোনাৰ দুখৰ অপতৃণ, পাকৈত দাৱনী হৈ

আপোনাৰ অহংকাৰৰ একুৱাৰিয়ামত মেলি দি
সুখৰ দৰিকণা,
তেও আধাৰ হব এটা শ্বাপদ ৰাতিৰ;
আৰু মকৰা হৈ আপুনি চিকাৰ কৰিব
তেওৰ পতংগ শৰীৰ-
ৰেচমী পাপেৰে মেৰিয়াই মেৰিয়াই

মহাশয়,
সুখী হোৱাৰ চিৰন্তন সুত্ৰৰে আপোনাক সুখী কৰি তুলিবলৈ
তেও মুখাগ্নি কৰে প্ৰতিনিয়ত তেওৰ আত্মাৰ;
আৰু তাতেই হাত সেকি
আপুনি গোপনে আতৰ কৰে আপোনাৰ পপীয়া জাৰ... !!
তথাপিও কিন্তু সকলো একেই থাকি যায়-
একেই নিখুত দিন, নিখুত পোহৰ;
কেৱল তেওৰ হাড়ৰ শৰ্য্যাত
এঙামুৰি দি ৰয়
এজন নপুংসক ঈশ্বৰৰ পৌৰাণিক ভাগৰ  l

    ******
                  ২৩-০২-১২

Wednesday 22 February 2012


ষ্টেশ্যন
-------

বুভুক্ষু ইতিহাসৰ যাত্ৰিক আমি I জীৱন এটা চৰম অবাস্তৱ I
উকামুৰিৰ গৰ্ভৱতী সপোনৰ কলংক বহন কৰি
বেচিজিল ৰেল ক্লীৱ ঘোৰা I

স্বৰলিপিৰ বহীত
অযুত ফেহুজালিৰ ফেকুৰৰ গান I নিৰ্বানৰ
কাঢ়া ধপাত টানি ৰৈ আছে প্ৰাণহীন ষ্টেশ্যন,
ৰাতিৰ অৱসাদত I

বলিশালত কিমানটা ছাগলীৰ কটা মুৰ বন্ধু ??
কিমান টকাৰ পূণ্যৰে ধুই ললা
পাপৰ উফি I পলাশত জুইৰ ঘা আৰু
চহৰীয়া কৃষ্ণচূড়াত বীৰ্যৰ চেকুৰা ;
বেশ্যাৰ স্তনৰ কাঠৰ ঘোৰাত শ্বাপদ বুৰন্জীৰ
ভোকাতুৰ জাপ ,
কিন্তু ষ্টেশ্যন ক’ত.........?

মহানগৰৰ কলাফুলত চেলাপতীয়া জোক ,
হুমুনিয়াহৰ শিল্পত সোণৰ হৰিণ আৰু
ফেপেৰি পতা জোনাক,
সকলো অৰ্থহীনতাৰ পাণ্ডুলিপি ;
আৰু আমি পয়ালগা ঘূণৰ জীৱাশ্ম !
চিলনীৰ জীয়েকৰ হাড়ত গজা নষ্ট নক্ষত্ৰৰ
নেগুৰত ধৰি, দহহাত চুলিৰে বগাই আহে
কত নিৰুদ্দেশ আত্মা ;
উন্মাদনাৰ দেহত বাগৰে সহস্ৰ মৃত্যুৰ ঘাম-
অ'.....ঈশ্বৰহীনতাৰ ঈশ্বৰ
জীৱনৰ বাবে আয়োজনৰ আমাৰ যে একান্তই অভাৱ II

ষ্টেশ্যনৰ কোনোবা কাপ চাহৰ ধোৱাত এদিন
ভোকৰ পলসত গজিব কোমল চাবুক ,
ভৱিষ্যত আমাৰ এটা ব’দ অভ্যাস, এটা মাতাল বেলি ;
বতিয়াই পৰি থাকে প্লেটফৰ্মত I
দশৰথৰ শব্দভেদী কাড়ৰ আগত আমি সদায় মৰো
মৈথুনৰত হৰিণ হৈ,
প্ৰতিটো ষ্টেশ্যনৰ বেটুপাতত ;

প্ৰেয়সী চহৰত এতিয়া ৰিক্সাৱালা জোন,
কেকোজেকোকৈ টানিছে এখন ভঙাছিঙা আকাশ ;
আমাৰ কংকালত বাজে
মেকুৰীৰ ডিঙিৰ টিলিঙা ;
পাহৰণিৰ সৰ্বোত্তম শিল্পত
স্মৃতি আমাৰ পোৰামাটিৰ বাচন I
পৃথিৱীৰ শেষৰটো শ্টেশ্যনত টিকত আমাৰ
মাথো শামুকভঙা চৰাইৰ দুখ !!

   ********
                 (১৫-০১-১২)

আপেক্ষা
-------

ৰৈ থকাতো এক সুঠাম বিস্ময়
ওঠত লৈ কবৰৰ ভাগৰ ,
সকলো ৰৈ থাকিব খোজে
নিদ্ৰাহীন মেটেকাৰ দৰে ;

মহানগৰৰ কান্ধত
ৰ’দৰ বৈ পৰা চুলি,
অভাৰব্ৰীজৰ জেপত
বিপ্লৱৰ চিগাৰেট;
আৰু
সন্ধিয়াৰ পাৰ্কত এটা
তুমি নামৰ ভ্ৰান্তি-
সকলো ৰৈ থকিব খোজে
য্ন্ত্ৰনাৰ শামুক হৈ !!

  *****

ভালপোৱাৰ বাটে বাটে
--------------------

হৃদয় এৰি কোনটো বাটেৰে যাব তেও ?
মৃত সৰিসৃপৰ দৰে নিথৰ হৈ পৰি আছে
গোটেইকেইটা বাট,
খোজ দিলেই যে বাটৰ ধূলিত লাগি ৰব
নিঃশব্দ ভালপোৱাৰ শব্দহীন শব্দালাপ !

তেও যোৱাৰ কথা আছিল ,
কোনোবা এটা বিমুগ্ধ নাৰ্চিচাছৰ ৰাতি
যুতি ফুলৰ মালা এধাৰিৰে
মই তেওক বিদায় জনোৱাৰ কথা আছিল
গোলাপ বাগিচা ভ্ৰমণৰ স্মৃতি ৰুমালত বান্ধি
কাৰণ,
গুচি যোৱাটো যে ঘুৰি নহাৰ দৰেই
প্ৰেমৰ এটা অসহজ সংলাপ;

এতিয়া অবাক হৈ
পৰি ৰয় সময়বোৰ দূঃসময়ৰ দৰে;
উদাসীন ৰাতিৰ প্ৰান্তত
সুখৰ এহাত ডাঠ আৱৰণ গুচাই
লৰচৰ কৰি উঠে অলপমান দুখ,
ৰাতিটোত ভেজা দি থিয় হয় কবি
এন্ধাৰত উক দি উঠিছে আজি পুনৰ
কবিৰ বহুপুৰণি ভালপোৱাৰ অসুখ !

আজিও শুব নোৱাৰো মই
মৌনতাৰ পিয়লাত মুখ ৰাখি
আজিও ঠেহ পাতিব আহি
মোৰ কাষত কঠন্দা ফুলাৰ সময়,
আজিওতো শুব নোৱৰো মই..

  *******
                                     22-02-04

-নিশিগন্ধালৈ-
   ----------

এয়া যে উত্‍সৱৰ সপোন
আৰু মই পৰি ৰলো নিশিগন্ধা ,
তোমাৰ ওঠৰ কেকুৰিত
এজাক কঠিন গোলাপৰ ভৰত!

বৰ দীঘল খোজ দি পাৰ হয় সময় !
দীঘল সুহুৰিৰে জোকাই থৈ
স্মৃতি নামৰ ধূনীয়া ছোৱালীজনীক
...........
কানিমুণি কুৱলীত
টিউচনৰ দীঘল বাট,
চকুত তৰাফুল বিচাৰি ধৰাপৰাৰ
আটিল লাজ,
বহীৰ ভাজত কুচি মুচি
উমাল সেই ৰদৰ চিঠি.....
এই সকলোবোৰ সামৰি,
নিশিগন্ধা
মই ৰৈ থাকিলো
তোমাৰ স্কুলৰ বাটতে ,
এটা অসুখীয়া জোন হৈ

বৰশীৰ পুঙাতো তোমাক দেখাৰ
অসহায় বাৰিষাৰ আবেলিবোৰ,
তিতিব মন যোৱা সেই প্ৰথম বৰষুণজাক....
প্ৰথম মেখেলা পিন্ধাৰ
তোমাৰ চকুৰ লাজৰ ফৰিং ধৰি
নিশিগন্ধা,
মই আজিও ৰৈ আছো
সেই একেজাক বৰষুণতে তিতি তিতি

এতিয়া ভালপোৱাৰ বতৰত
কঠিন ৰদত মেলি দিছো
মোৰ অসুখীয়া হৃদয়,
দুখৰ ৰুমালেৰে ঢাকি লৈছো
মোৰ অনাত্মীয় স্মৃতিৰ সমূহ;
চেতনাৰ ব্যাপ্তিত  ৰুই লৈছো
তোমাৰ ওঠৰ উশাহ-
মোৰ মাতাল হোৱাৰ সকলো হেপাহ !
   ********

বেশ্যা
------

আৰু ঈশ্বৰৰ বিয়াৰ দিনা
তেও ৰৈ আছিল
আধালৈকে উদং কৰি সন্ধিয়া;
ৰ লাগি চাই ৰৈছিল
আন্ধাৰৰ সুৰুঙাৰে পোহৰৰ সস্তীয়া ভাওনা l

সুখী হোৱাৰ কামনা তেও সুখী হোৱাৰ বাবে কৰা নাছিল;
কোনোবা ব্যাকুল প্ৰেমিকাৰ দৰে
আপেক্ষাৰ তেওৰ ওচৰত কোনো প্ৰতিশ্ৰুতিও নাছিল,
কিন্তু তথাপি তেও আছিল !!
আৰু এজন আৰবী ৰইচৰ দৰে
সুখৰ মুদ্ৰাৰে
ভালপোৱাৰ বিশাল বুকুৰ পৰা দুখৰ বিনিময় কৰিছিল l
আন্ধাৰৰ শেলুকীয়া প্ৰাচীৰৰ হেলনীয়তাত আওজি
পোহৰৰ বাবে দুবাহু প্ৰসাৰিত কৰিছিল,
অম্লান পোহৰৰ ববে ..ll

নৰীয়া আত্মাক পৰ দি উপাসনাৰ চৌহদত
তেও বিয়পিছিল এটা আহত হাহিৰ সৌষ্ঠৱত;
ভাগৰুৱা বেলিৰ কোলাত মুৰ থৈ
এদিন তেও সপোন দেখাৰ বাবে প্ৰেমত পৰিব খুজিছিল,
আস প্ৰেমত পৰাৰ,
কি যে বেৰসিক !
অপ্ৰেমৰ চহৰত প্ৰেমৰ পথিক ! প্ৰেমৰ পথিক !!
সাতভাৰ দুখৰ কৰুণ আখৰ
আৰু এটা অনিচ্ছুক প্ৰেমৰ কবিতা, বেচ প্ৰাসঙ্গিক l
বেচ প্ৰাসঙ্গিক, জেপত দুখৰ ঠিকনা
আৰু হাতত সুখৰ বক্‌চিচ্ ll

  ********

বোধ
-----

উলটি অহাৰ শেষত দেখিছিলো তোমাক l
ছয়াময়া পোহৰ
(নে আন্ধাৰৰ শোকত ?)
কপি আছিল নাঙঠ ডিচেম্বৰ ;
কুৱলীৰ গোন্ধত ভাহি থকা
প্ৰেতাত্মাৰ শৰীৰৰ উত্তাপত,
শীত আছিল সিদিনা এটা নষ্ট প্ৰস্তাৱ !!

উলটি অহাৰ শেষত দেখিছিলো তোমাক l
এটা প্ৰাচীন শব্দৰ হাতত ধৰি
তুমি ৰৈ আছিলা তাহানিৰে পৰা
ইন্দ্ৰিয়াতীত ঈপ্সাৰ গুল্ম হৈ;
ৰ’দ হৈ মই সংশ্লেষিত হৈছিলো
তোমাৰ দেহৰ পত্ৰৰিতত;
পোহৰৰ দৰে দূৰন্ত তোমাৰ ক্ষমাৰ উৰ্বৰতাত
নুমাইছিল বাহতলীয়া বাকৰ ৰাতি !
ছায়াহীন চকুৰ অবিচল বালিচৰত
মই শোহ গৈছিলো দুটোপাল লুণীয়া হৈ
এটা গন্ধৰ্ব কৌতূহলৰ ঊষ্ণতাত !!

উলটি অহাৰ শেষত দেখিছিলো তোমাক l
বিচক্ষণ পাপৰ দেহ কৰ্ষণ কৰি গজাৰ
এটা প্ৰাৰ্থনাৰ বিনম্ৰ আয়োজনত ....

   **************
                     ৮-০১-১১

ভালপোৱাৰ আনন্দ বিষাদ
----------------

দেৱদাসী তোৰ বুকুত
ক্ষত্ৰিয় মোৰ ভালপোৱা;
চকুপানীৰ বতৰত ৰুই থৈছো
হালধীয়া জীৱনৰ শিমলু,
নিয়ে যদি নিয়ক উৰুৱাই
হেপাহে তোৰ ,
দুখৰ মোৰ সমস্ত তুলা !

সাগৰতলি তোৰ বুকুত
যন্ত্ৰণাৰ মই বোবা শংখ;
কতনো শুনিবি আৰু
নাৱৰীয়া ৰাতিৰ তোলনীয়া সুৰ,
লংগৰৰ হাকোতাই বাকুহি নিয়া
চকুপানীৰ মাতাল বন্দৰ;
থাকক দে নিতাল মাৰি তাতেই
নাবিকৰ কাঙাল চহৰ !!

তেজেদি চেকুৰি আহে মোৰ
কোনজাক বনৰীয়া ঘোৰা,
তইনো কিটো বুজিবি ?
চাবি
বতাহৰ নাৱ বাই ,
থৈ যাম ছটিয়াই
শিমলু তোৰ চহৰত
বিষাদৰ এমুঠি পনীয়া !!

  *****
                ১৫-০১-১১

মৃত্যু
-----

হিৰণ্ময় পোহৰৰ উদ্যানত ৰুই আহি
এটা মইহীনতাৰ আয়োজন,
সম্প্ৰতি মই এটা নিৰ্বিবাদ মৃত্যুৰ স্বীকাৰোক্তি ;

নিজৰ পৰা পলাই যাও যদিওনো ক’ত ?

আকাংক্ষাৰ বাস্প হৈ এদিন যিটো শাওনক তিয়াইছিলো,
এতিয়া তাতো আৰিব নোৱাৰো মোৰ মৃত্যুৰ ইস্তাহাৰ;
শূণ্যতাৰ প্ৰহৰীয়ে অহৰ্নিশ ঘেৰাও কৰে
মোৰ দয়িতা অহংকাৰক
-প্ৰাপ্তি যাৰ পোছাকী নাম !

মৃত্যুৰো হাবিয়াস বহুত......!
প্ৰহেলিকাৰ আহ্নিক চহৰত
শব্দ নিখোজ হয় প্ৰতিটো কিশোৰ দিনত;

বাট হেৰুওৱা সন্তাপে আত্মাৰ গভীৰত
মেলি ধৰে সূৰ্যাস্তৰ বেহানি;
চেতনাৰ বিস্তৃতিত উদযাপিত হৈ ৰয়
কবিতাৰ লঘোণীয়া দিনৰ মাঘ ,
সৃষ্টিসম্ভ্ৱা শব্দৰ কাৰুণিক ঐশ্বৰ্য্য !!
    ******

                       (২৫-০১-১২)

পৰিচয়
--------

দিব নোৱাৰা চিঠিৰে ভৰ্ত্তি
আপুনি আৰু মইবোৰ এটা এটা মুখবন্ধ বটল,
প্ৰাপ্তিৰ সকলো পোছাক খুলি
ওপঙি থাকিব খোজো অপ্ৰাপ্তিৰ বন্দৰত

আপেক্ষাৰ শেলুৱৈ বৰ পিছল...!
জপিয়াই গুছি যায় ভালপোৱাৰ লালুকি;
কেৱল
পৰিচয়্হীনতাৰ কৰুণ এক জালত
আপুনি আৰু মইবোৰ লাগি ৰও
এক বোবা পৰিচয়ৰ ছদ্মবেশত !!
  *******
                                  (৮-১০-১১)

 তেজীমলা
-----------------

নদীখন এটা ওভতনি গান,
তেজীমলা
তোৰ বুকুত আপেক্ষাৰ শামুক !
কিমান শতিকাৰ লেফাফা খুলি
ৰৈ আছ তই শোকৰ ইস্তাহাৰত ?
জলচৰ ঈৰ্ষাৰ নাৱেদি বগাই আহিছে
বেদনাৰ মিচিচিপি
আৰু এজাক সামুদ্ৰিক নিদ্ৰা
তেজীমলা !
জৰাকাজিৰ এটা কুমাৰী গোন্ধ
উৰি আহিছে উছুপনিৰ চিঠি লৈ,
উশাহৰ ভুকভুকনিত  গোট মাৰা
তোৰ বুকুৰ গান্ধাৰ অমৃত চেলেকি চেলেকি
মৃত্যু এটা নোদোকা ভেকূলী,
নিৰক্ষৰ সময় আৰু স্থিতিহীনতাৰ শিলালিপি !
তয়োতো জান-
য্ন্ত্ৰণাৰ কুমজেলেকুৱা কিমান এলেহুৱা.... !!

এটা কান্দোনৰ সিপাৰে
শালিকাৰ ঠোটত গুজি নিঃকিন দূপৰীয়া,
তেজীমলা তোৰ চুলিত ওলমিছে
এটা গৰখীয়া সুহুৰি l
কিমাননো লেখিবি আৰু বনিজৰ নৌকা ?
এৱা সুতাৰ গধূলিত এতিয়া
বগাব ধৰিছে বেদনাৰ সৰিসৃপ ;
দে দে মেলি দে
আহত সময়ৰ বেজাৰমুৱা নক্সা,
অতীত হওক আৰ্তনাদৰ গাও
আৰু সম্বন্ধৰ সকলো দোমোজা !!

(পুনশ্চঃ
নিৰুদ্দেশ চহৰৰ সম্ৰাট হৈ এদিন
ঈশ্বৰে মেলি দিছিল দুহাতৰ হুমুনিয়াহ
তেজীমলা, তেজীমলা, আৰু তেজীমলা....)

Tuesday 21 February 2012


সিহত ভিক্ষাৰী
-------------

মানুহ নামটোৰ সিহত উপলুঙা,
ভাষা চকু, কাণ আৰু দুঠেঙীয়া -
এয়াই যদি মানুহৰ সংজ্ঞা,
জীয়াই থকাতোৱেই যদি জীৱনৰ একমাত্ৰ চিন্তা,
তেন্তে সিহতো মানুহ,
সিহতো সভ্য.....
ফুটপাথৰ কোণত, বাছ নোৰোৱা বাছষ্টেণ্ডৰ চুকত থাকে
সিহতৰ সভ্যতাৰ লাম-লাকটুৰ বেহা,
আধুনিকতাৰ উন্মত্ত ঘোৰাই উৰুৱা ধূলিত
সদায় একাকাৰ হয় সিহতৰ ভোকৰ ধোৱা;

চেঙেলীয়া মহানগৰীৰ গাভৰু কোলাহলত
সহজেই হেৰাই যায়
সিহতৰ মুখৰ বুভুক্ষু কবিতাৰ স্বৰলিপি,
জোনাকত সিহতেও উজাগৰে থাকিব জানে,
জোনৰ বাবে সিহতেও কবিতা লিখাৰ হাবিয়াস কৰে-
"আস; জোনটো যদি ৰুটি হলহেতেন..."

হিন্দু, মুচলমান বা খ্ৰীষ্টান -?
একো নহয় সিহত-কেৱল ভিক্ষাৰী,
ঈশ্বৰৰ প্ৰতিখন দুৱাৰমুখতে আৰম্ভ হয় সদায়
সিহতৰ শেষ হব নজনা শাৰী,
তথাপি
এসাজ পেট ভৰ্তি খানা
সিহতৰ বাবে এক আদিম সাধুকথা ;
মহানগৰৰ প্ৰতিটো অলি-গলি, বাইলেনত,
কলেজ গে’টৰ সমুখত
সিহতে খেপিয়াই ফুৰে কেৱল
জীয়াই থকাৰ কিছু খুচুৰা প্ৰেৰণা

জন্ম সিহতৰ বাবে মাত্ৰ
কামনাৰ লাজহীন প্ৰকাশ ,
ফুটপাথৰ ৰাতিৰ যৌৱনৰ এক গোপন বিশ্বাস !
আৰু মৃত্যু-?
মৃত্যু সিহতৰ কাৰণে কোনো শিল্প নহ্য়
চকুলোৰ শৃংখলিত খোজৰ বিশ্বজনীন শব্দও নহ্য়;
মৃত্যুটো সিহতৰ বাবে এক চূড়ান্ত অশিল্প,
আকৰ্ষণীয় অভিনৱত্বৰ এক প্ৰাত্যহিক মৈথুন মুদ্ৰা
আৰু মিউনিচিপেলটিৰ গাড়ীৰ
অনিচ্ছাকৃত আগ্ৰহৰ বাধ্যবাধকতা !

চেৰেলা কুকুৰৰ লগত একেলগে
টোপনিৰ খেতি কৰি
সিহতেও স্থান পায় কবনোৱাৰাকৈয়ে
কোনোবা বাতৰি কাকতৰ চুকত;
সভ্যতাৰ এৰেহা বুটলি
সিহত জীয়াই থকাৰ বাবে জী থাকে
নিতান্তই মানুহ হোৱাৰ দুখত;

কিন্তু সিহততো মানুহ নহয় !!
বীৰ্যহীন সভ্যতাৰ ডাষ্টবিনত
বিবেক আৰু ঈশ্বৰ বিচাৰি ,
সিহত কেৱল ভিক্ষাৰী
অ সিহত কেৱল ভিক্ষাৰী....!!
   -----
                   ২২-০২-০৩

Sunday 19 February 2012


এখন হাত
---------

মোৰ কোঠাৰ দুৱাৰ টুকুৰিয়াই গুচি যায়
কাৰোবাৰ জালি কোমল এখন হাত ;
ডুলি থকা ধানৰ ডাঙৰিৰ দৰে
চিৰ চিৰ শব্দ তাইৰ যোৱাৰ....

বাহিৰত তেতিয়া ৰাতিপুৱাৰ গুণগুণণি
চৌপাশৰ ভালপোৱাৰ প্ৰথম নীৰৱতাত l
দুৱাৰ খুলি মই দেখিছো,
(নে অনুভৱ কৰিছো ?)
বাৰে বাৰে পিছলি পৰিছে কোমল ৰ’দজাক
স্মৃতিহীন মোৰ দুখৰ গভীৰতাত !!

তাই যোৱাৰ বাটত পৰি ৰয়
মোৰ অসহজ বালিঅহীয়া দুখ,
দৃষ্টিৰ সীমা উলংঘি
বিচাৰি ফুৰিছে মোৰ দৃষ্টিয়ে
তাই উভতি অহাৰ বাট;
মোৰ বিষাদ পজাৰ দুৱাৰ টুকুৰিয়াই
ঘুৰি নহাৰ প্ৰতিশ্ৰুতিৰে
গুচি যায় নীৰৱে
যাৰ সেউজী কোমল হাত......

--------------              ৭-০৪-০৩

Wednesday 15 February 2012


বীক্ষণ
------

এটা মুহুৰ্ত্তৰ কাৰচাজিত কেতিয়াবা
আমি অচিনাকি হৈ পৰো পৰস্পৰৰ,
আৰু খেপিয়াই ফুৰো সম্পৰ্কৰ অণুবীক্ষণত
চিনাকি অচিনাকিৰ জীৱাণু

ভালপোৱাৰ আফিঙ হুপি জানো পৰি থাকিব আজন্ম
নিজৰ পৰা দূৰত ??
দেহাতীত এটা লহমাৰ কৌশলত কেতিয়াবা
আমি বেয়াকৈ ধৰা পৰি যাও নিজৰ ওচৰত !!
আচলতে
পাপৰো আছে এক নিস্পাপ সৌন্দৰ্য্য;
নিৰাকাৰ এক প্ৰহেলিকাৰ হাতত ধৰি
সময়ৰ এটোপাল শিল্পত
দেহৰ দেৱাল ভাঙি যাব খোজে মোৰ অস্থিৰতা
আত্মাৰ পৰা অৰ্থলৈ,
ভালপোৱাৰ পৰা কৰুণালৈ....!!

প্ৰত্যাখিত আত্মাৰ নাভিত চিৰকাল বাজি থাকে
এটা নাৰাজ উচপিচনি;
হাতত ধৰি ওলাই আহ
অ অচিনাকি শূন্যতা
বুকুত লাগি ৰওক অপূৰ্ণতাৰ খোজ
আৰু এক পৰমাৰ্থিক স্পৰ্শ....;
এটা প্ৰেমৰ কবিতা
------------

ৰ’দৰ ৰঙৰ চোলা এটা পিন্ধি
থিয় হৈ আছিল
চেঙেলীয়া পুৱাটো 
তোমাৰ হোষ্টেলৰ গেইটত আওজি !

চাদত আচুৰি থাকোতে 
বেপেৰোৱা চুলি
এদিন তোমাৰ প্ৰেমত পৰিছিল
এটা যুৱক বেলি;
ৰাতিৰ ভাজ খুলি
ৰ’দ হৈ বৈ আছিল সিদিনা 
দুখ
-দুখৰ প্ৰথম চিঠি,
এটা প্ৰেমিক জোনৰ স্বীকাৰোক্তি ;

জোনাকত খিৰিকি মেলি
তুমি সাৰে থাকিলে ,
এটা চুমাৰ উচপিচনি বৈ পৰে 
নাৱৰীয়া ৰাতিৰ কিনাৰে কিনাৰে-
এটা য্ন্ত্ৰণাৰ সোতৰ দৰে....

ফাগুন-২
---------

এটা যন্ত্ৰণা !
ঠিক যেন এজন উদাস ডেকা প্ৰেমিক,
ধনগুলৈৰ শুকান জুইত জ্বলি জ্বলি ঘুৰি ফুৰে
বুকুৰ গলিয়ে গলিয়ে;

ফেৰেঙনিৰ ফ্ৰেমত মনমৰা জোন,
ৰ’দৰ চুবুৰীয়ে চুবুৰীয়ে
শুকান পাতৰ অৰ্কেষ্ট্ৰা,
বতাহত ধূলিৰ ঐনিঃতম..... ;
আস
কোন নিৰ্বোধ প্ৰেমিকে পাৰে উদাস নোহোৱাকে,
য্ন্ত্ৰণাৰ কাঢ়া এবুকু মদ পি
ফাগুনৰ ৰাতি মাতাল নোহোৱাকে ?
সকলোৱেইতো জানে
ফাগুনে জেপত কাৰ চিঠি লৈ ফুৰে...!!

ফাগুণ
------

চোৰাং চিকাৰীৰ দৰে ফাগুণ আহে,
শীতৰ সংৰক্ষিত উদ্যান হৈ,
আৰু যন্ত্ৰণাৰ বাহ বান্ধে
বুকুৰ পিছল ফেৰেঙনিত;
হিয়াই হিয়াই ফাগুণে লালন কৰে
বান্দৰৰ ঘাৰ দৰে বহল হৈ গৈ থকা শূণ্যতা
আৰু বৃদ্ধ শিমলুৰ ৰিক্ত নষ্টালজিয়া ;

সকলোকে কব নোৱাৰা
ফাগুণৰো কিছু কথা থাকে l
বাঘ মকৰা হৈ কথাবোৰে
ফাগুণৰ চকুত জাল বান্ধে
য’ত
চকুপানীবোৰ ফাচ লাগি মৰে ;
সেয়ে প্ৰেমত পৰিও ফাগুণে কান্দিব নোৱাৰে !

ফাগুণত ছোৱালীবোৰৰ ওঠৰ বিষাদ
সুহুৰি হৈ শুই থাকে গাৰুৰ তলত,
জোনাক এজন সুঠাম ডেকা হৈ
খোলা খিৰিকিয়েদি সোমাই আহে উদং গাৰে

ফাগুণৰ ৰাতি তেওৰ খিৰিকিমুখত
বাদুলী হৈ ওলমি ৰয় মোৰ ভালপোৱা !!