Tuesday 23 December 2014

১৬ পেচাৱৰ
==========

A-ৰ পৰা B-লৈ এখন ওমলা অলং
C-ৰ পৰা D-লৈ এখন ওলোমা দলং
এই অলঙেৰে, সেই দলঙেৰে
যিসকল আৰু ওভতি নাহিল
তেঁওলোকৰ বাবে নুমুৱাই থোৱা হওক
প্ৰতিখন উলম্ব পতাকা,

কবলৈনো আৰু কি থাকিল,
ছিঙি পৰা আঙুলিবোৰৰ কুঁহিপাত কুমলীয়া
এথোপা তেজত ডুবি
সেই শৈশৱ যি ধুনীয়া
বুটলি বুটলি বুকুবোৰ এতিয়া
বাউলী হোৱা প্ৰাৰ্থনা এটা ;

মাথো এই ঘটনাৰ বাবেই
তোমালোকে খুলি থোৱা তোমালোকৰ পোছাকবোৰ,
হাতবোৰ, নিহত হাড়বোৰ ;
মাথো তোমালোকৰ বাবেই উন্মুক্ত হওক
নৰকৰ শেষখন দুৱাৰ,
অন্ধ চকুবোৰত জ্বলি উঠক
ছাই হোৱা তোমালোকৰ আত্মাৰ এঙাৰ !

মাথো এই ঘ্টনাৰ বাবেই
বোবা হৈ পৰক
প্ৰতিজন অবাক দৰ্শক,
বধিৰ হৈ পৰক
প্ৰতিজন মৰ্মান্তিক ঘোষক,
কোমল কফিনবোৰৰ সেমেকাত
এই মাটিয়েই সামৰণি শিল্প হওক
চকুপানীৰ অন্তিমটোপাল প্ৰশংসাৰ !

এই দিনটোৰ পিছতেই
কাটাতাৰৰ কাপোৰ খুলি উলংগ হৈ পৰক
ৰাষ্ট্ৰ নামৰ প্ৰতিজনী বেশ্যা,
লাইটপষ্টত ওলোমাই থোৱা হওক
ভেকোভাওনাৰ প্ৰতিখন সংবিধান;
যি ঈশ্বৰৰ ইচাৰাত
মাটিৰ চিলেটত গজি উঠে
কান্দোনৰ তুমুৰুলি উদ্যান,
সেই ঈশ্বৰৰ হাড়ত লিখা হওক
নতুনকৈ আন এখন
গীতা, বাইবেল অথবা কোৰাণ !

কবলৈ আৰু কিয়েইবা থাকিল
এটা তৰা বিচাৰি মেলা জোনবাইৰ দুহাতত
তোমালোকে গুজি দিলা
বুলেটৰ অন্ধ অমাৱস্যা,
তেজত তিতা ৰঙাফিটাৰ পখিলা খেদি
সময়েও চকুদুটা খুলি থৈ ফেঁকুৰে...

স্বাধীনতা মানে হয়তো এতিয়া
মৃত শিশুৰ কপালত
পৃথিৱীয়ে খাই যোৱা শেষটো চুমা !!

****************
২৩-১২-১৪

উত্‍সৱ
=====

উদং উচুপনি বগাই যায় আঙুলিৰ শামুক
সি কোনো অপৱিত্ৰতাৰ ৰক্তৰাগ ফল,
জৰায়ুত আদিম নাৰীৰ পিছলি পোৰা
মৰ্মন্তুন্দ অনুৰাগ;

আমাৰ হাঁড়ৰ সন্ধ্যাত শোকৰ গুহা,
পাহৰণিৰ পাথৰত কটা
তেজ আৰু মৃত্যুৰ অমোঘ মৈথুন,
কি কঠিন নিৰ্জনতাত ডুবিছে
ৰাতিৰ শস্য !

মাটিৰ মাদল বজাই উলংগ হোৱা
সেঁওতাৰ নতুন জোন
প্ৰাচীন পূৰ্ণিমাবোৰে ঢাকি থব,
তেজৰ গধূলি পোহৰাই
ৰাতি জুৰি বাজি আছে এতিয়া
ঋতুমতী নাৰীৰ নৃত্যৰত নগ্নতা ;

বাঁহ গছ হৈ গজিব যি তেঁওলোকৰ নাভিত
মোহাচ্ছন্ন জুইৰ মুখ নে সেয়া গান,
স্তনত দোঁ খায় তেঁওলোকৰ
নৈশব্দৰ শংখ,
খোজত ডুবি উঠি আহে
শিলত খোদিত গান্ধাৰ শিৱ !!

**********
১৫-১২-১৪

Tuesday 4 November 2014

ভালপোৱা
=========

তোমাৰ নাভিৰ পৰা উঠি অহালৈ চাৰিটা ঋতু,
চাৰিটা ঋতুৰ জপনা খুলি তুমি গুছি যোৱালৈ
মই চাৰিবাৰ মৃত্যুৰ অনুবাদ I

তোমাৰ আঙুলিত থোকাথোকে গধূলিৰ আঙুৰ
ৰৈ থকা নদীৰ হাত চকুৰ শিপাত, 
উজুটিযাই অহা প্ৰতিটো শিলৰ শ কবৰত লৈ
ম‍ই শুই আছোহি;
মোক ওভতাই দি য়োৱা মোক,
মই তোমাৰ লাহী আঙুলিৰ পাপ !

দুখৰ হাতমোজা পিন্ধি তোমাৰ ওঁঠত ৰ’দৰ এটোপাল ৰাতি
ম‍ই সেমেকি ৰ’লো,
কাতৰতাৰ সোত-মোচ কাপোৰ উদঙাই
উন্মোচিত হ’ল তোমাৰ নগ্নতাত মোৰ দুপৰ বেলি,
সেই বাটবোৰ আদিম সাঁকোৰ
ওভতি যোৱাৰ, ঘুৰি অহাৰ-
কাৰ আপেক্ষাত
আমাৰ খোজবোৰে কেতিযাও নাজানিলে,
অথচ সকলো ৰাতিযেই জানে এতিয়া তোমাৰ ঠিকনা;

প্ৰাচীন চকুবোৰত দোঁ খাই থকা এই অনুতাপ
তুমি নুমুৱাই দিয়াহি,
তোমাৰ ঘাহনিত ডুব যাওক উচুপনিৰ সন্ধ্যাবোৰ,

জুই লগা মুখবোৰ লুকুৱাই ম‍ই আকৌ এবাৰ কান্দো
তোমাৰ স্তনৰ ইমান চেঁচাত !!

***************
২-১১-১৪

Monday 25 August 2014

যি কথা তেজাই নাজানিলে
=================

যি কথা তেজাই নাজানিলে
তাৰ বাবেই দো খাই পৰে আক্ষেপৰ ওঁঠ,
যি কথা তেজাই নাজানিলে
সেই কথাই এতিয়া বাৰীকোঁৱৰৰ প্ৰতিটো সাধুত;

চুলি মেলি তেজাৰ হাঁহি
উজাৰ খাই পৰে আইতাৰ বহল চোতালত,
মাটিত আকি ভাটিবেলাৰ নেঁওতা
তেতিয়া কুঁহিপাতৰ কোমল খিনি তাইৰ হাতত
কুটকুট কুটকুট এঠেঙীয়া এটা যেন শালিকা
আৰু দলিয়াই দিয়া ঘিলাটো
বাগৰি বাগৰি চিধাই মোৰ বুকুট,
কোনোবাদিনা হুদু-মুদুৰ টেকেলি ভাঙে
তেজাৰ হাত দুখন সিদিনা চিলনীয়ে নিয়ে,
ইফালে বেলি আৰু বতাহৰ কাজিয়া
তৰ্জনী আঙুলিৰে তৰ্জনী আঙুলিৰ কাট্টি
আৰু দুদিনৰ নামাতা নামাতি,
তথাপি সৰা দাতটো মোৰ নিগনিক দি
তেজাৰ হাত দুখন ময়েই মোকলাই আনিলো
তাতেই কি যে হাঁহি.....

কোনোবা এদিন পুৱাই এজাৰ ফুলিল
ক’ৰ জানো ডালিম এটা পকি মাটিতে সৰিল,
জৰাকাজিৰ গোন্ধ এটা লৈ সিদিনাৰ পৰা
শালিকা জনী বব নোৱাৰা নদী হ’ল,
চাব নোৱাৰা আৰ্চি হ’ল;
সপোনে সপোনে তেতিয়া
ইমান ইমান পানী,
মাটিৰে যামনে ?
পানীৰে যামনে?
ইখন হাতৰো অলৌগুটি
সিখন হাতৰো তলৌগুটি
কচুপাতৰ লাই হালে জালে,
দুবৰি এহালে উৰুলি এটাত জোবোৰা মাৰি
তাইৰ কপাল চোৱে;

এদিন বগৰী পাৰি থাকোতে
তেজাক বেলিটোৱে দেখিলে
আৰু তলৰ পৰা দেখিলো মই,
সাৰ নোপোৱা ঘুমতিবোৰ ভাঙি
তেজা ডাঙৰ হ’ল
আৰু ৰজাৰ হুকুম লৈ এদিম ছেদিম বাই
পাৰ চৰাইটোৱে ঢুকি নোপোৱা নদীখন পাৰ হ’ল,
সিদিনা আকৌ
ডালিমৰ ডালত ম‍ইনাজনীৰ ঠেহ,
মাতো নামাতো মাত থোকাথুকি হিয়াত
দৌৰি গৈ ময়েই মাতিলো ফুলকোৱৰক,
ঢাৰি পাৰি বহা চোতালৰ তৰাবোৰে সুধিলে
সোণালী পোক সেঁওতাত ধৰি ৰাণী সজাবা কাক ??

সপোনে সপোনে সিদিনাও
বগাই আছিল ইমান ইমান পানী,
চম্পাৱতী, চম্পাৱতী
ঢৌ ফালি এদাল হালধীয়া অজগৰ
ক্ৰমশঃ মেৰিয়াইছে মোক,
ধানো খাই চাউলো খাই
ক’ৰেনো হুতা চৰাই

এতিয়াতো এজাৰো নিজাৰ পৰিল
ঘনচিৰিকাই কটা তামোল লৈ
শিয়ালি পালেগৈ ৰতনপুৰ
আৰু ম‍ই...
ম‍ই হলোহি আঙঠাই পোৰা,
নিগনিয়ে কুটি টুকুৰা টুকুৰি কৰা
তেজীমলাৰ সেই পাটকাপোৰ জোৰা

কোনেও নোকোৱা সাধু এটা কবলৈ
সিদিনাৰ পৰাই ম‍ই
বিছাৰি ফুৰিছো বুঢ়ী আইক,
এই কথা তেজাই নাজানে !!

*******************
১২-০৮-১৪

সুহুৰি
========

পাহৰণিৰ পৰা এটা দিন ধাৰে লৈ
এদিন উভতি যাম তোমাৰ কাষলৈ;

মোৰ নাভিত দো খাই পৰে
প্ৰাচিন কোনো উছৱৰ ৰাতি,
তুমি কোন অনন্তৰ বিভোল বৈভৱ ?
বাউল হাতেৰেই বিচাৰি ফুৰিছো যাক
আন্ধাৰৰ সত্যৰ পৰা
পোহৰৰ প্ৰথম ঘোষনালৈ;

সেই যে আহি এবাৰ চুই দিলা
দেহ জুৰি বাজি ৰ’ল তোমাৰ খোজৰ প্ৰতিধ্বনি,
মুৰ দোৱাই ম‍ই শিলৰ বন্দনা হ’ম;
আৰু কোনো কাৰুণ্যৰ এৰাতি
বুকুত তুলি ল’ম
ভালপোৱাই মাতাল কৰা মাটি;

মোক তুলি ধৰা মোৰ অনুতাপৰ উচ্চতালৈ
তোমাৰ স্তনেৰে বৈ আহক
ভালপোৱাৰ সকলো পাৰ্থিৱতা,
মুৰ দোৱাই ম‍ই ভীক্ষুক হম
অনুচ্চাৰিত অনুভাৰ,
নিৰ্যাতিত আঙুলিত ধাৰণ কৰি
তোমাৰ নতজানু নগ্নতা !!

*****************
( ২৫ এপ্ৰিলৰ হাতত )

গ্লুমি চানডে’
=========

বৰষুণৰ জৰীত ওলমি ৰয়
উশাহৰ কানিমুণি বতৰ,
মাটি চো চো ৰ’দৰ বুঢ়া আঙুলি
এহাত ওপৰতে দুলি ৰ’ল;

গ্লূমি চানডে’, গ্লূমি চানডে’
খবৰটো থৰ হৈ আছিল সিদিনা
দূপৰীয়াৰ গোমা জেপত....

বুকুতে এটা মোচৰ,
উচুপনিৰ এঢোক শূন্যতাত আওজি
নুফুটা এটা চিঞৰৰ আখৰ,
ঢেলা পৰা এটা এতোলা চাৱনি
জানো কাক বিছাৰি বিছাৰি ??

সেই বিৰহ বুকুতেই মুৰ থৈ শুইছিল,
শোকৰ ডিঙিত উজাগৰ হ্ৰদ হৈ ডুব গৈছিল
জয়াল ৰাতিৰ বিষন্ন খবৰ,
যেন কোনো অনুতাপৰ আতুৰ আবেলি
যেন কোনো বিদায়ৰ শেষ বিয়লি,
গৈ থাকে গ্লূমি চানডে
ৰৈ থাকে গ্লূমি চানডে

বুকুতে জানো কোনে উভালি থৈ গ’ল প্ৰাণৰ
এনে এটা প্ৰাচীন কান্দোন !!

================

(( "গ্লূমি চানডে" ১৯৩৩ চনৰ এটা বিখ্যাত ( কুখ্যাত ?) গান.....এই গানটো হাংগেৰিয়ান চুইচাইদ চং
বুলিহে বেছিকৈ জনা যায়......কথিত আছে যে প্ৰায় ১০০ জন মানুহে এই গানটো শুনাৰ পিছত এতিয়ালে
আত্মহত্যা কৰিছে....আনকি গানটোৰ লিখক  Rezső Seress য়েও শেষত আত্মহত্যা কৰে.....))
কথাবোৰ
=======

এটা কথা আছিল
যাৰ দৰে আৰু কোনো কথা নাছিল,

পানী তুলিব যোৱা ওঁঠৰ নাওবোৰ
মুখ গুজি শুই পৰা ঊটৰ নাকবোৰ
ধূমুহাৰ এটা প্ৰশ্নবোধক
আপোনালৈ মোলৈ ;

এই নিশাৰ জৰ্জৰ দুহাত
যাৰ বাবে থিয় হয়
সদ্যমৃত সকলোবোৰ হাড়,
যাৰ বাবে উদ্বিগ্ন আলিঙ্গন হয়
নাবিকৰ হেৰোৱা দিশবোৰ
সকলো ঘুৰি আহিব
নিনাদৰ নিৰাভৰণ নাভিলৈ,

ঢৌৰ সতে সলাই পানীৰ কবৰ
আমি ওপঙি ফুৰিম মুখবন্ধ বটল হৈ
বিষন্নতাৰ বন্দৰে বন্দৰে,
নুডুবা দিনৰ সূৰ্যোদয়ত
বিচাৰি ফুৰিম আমাৰ
হাতবোৰ,
ওঠবোৰ,
অনুন্নাসিক নিশাৰ কন্দৰে কন্দৰে;

আৰ্ত আঙুলিবোৰৰ অনুচ্চ প্ৰাত্যহিকতা
য’ত আমি কেতিয়াও নাছিলো
আদ্ৰ দাপোন হৈ তাত
আমি জুমি চাও আমাক
আমাৰ কোলাহলৰ নিৰ্জনতাত,

আঠুকাঢ়ি তুলি ধৰিবলৈ
প্ৰাৰ্থনাৰ অগাধ আন্ধাৰ
এই নিসৰ্গত ঈশ্বৰ
পৃথিৱীৰ প্ৰিয়তম পাপ ;

মোৰ পৰা মোলৈ আহোতে
আমাৰ হাতে হাতে লাগি আহিল
যি দূঃসহ দিনৰ বৰ্তমান ,
তাৰ বাবে আমি চিৰদিন দায়ী হৈ থাকিম !!

***************
২৩-০৮-১৪

Thursday 26 June 2014

তেজীমলাৰ কাহিনী
===============

হাতো নেমেলিবি ফুলো নিছিঙিবি
ক’ৰেনো ছোৱালী ঐ
শোটাকানিৰ লগতে আইদেৱে খুন্দিব
তেজীমলাহে ত‍ই;

ফুটুকীয়া ফুলনি এখন পিন্ধি তেজীমলা এদিন আলহী হৈ আহে,
পুৰণি দুটা ফ্ৰক আৰু ফটাকানিৰ এহাল দৰা-ক‍ইনা সখী হৈ
তাইৰ কাষলতি তলৰ মটৰত উঠি আহে,
মিনাকৰা সাউদৰ মহল
দলিচাৰ মজিয়া এধানমানি তাইৰ সপোনটোতকৈও চোন কোমল,
দেঁও দি চায়, তাই উলাহে নধৰা ফৰিং,
হাত পাতি ধৰে ৰ’দৰ মণিহাৰী
লহিয়াই যায় ভোকৰ দোভাগ বেলি
ৰুণুকজুনুক তাই নুপুৰ পিন্ধা হৰিণ;

আকুল নে বিয়াকুল এৰি অহা পুৱতিৰ সুৰ ,
মনমাৰি বহা ওঁঠৰ ঘৰমুৱা বাটত
ফুলো নুফুলো তাইৰ হাঁহিৰ চম্পাফুল উগুলথুগুল
আইলৈ নেকি মনতে পৰে ?
পিতাইলৈ নেকি মনতে পৰে ?
যেন বাগৰিহে যাব নুমলীয়া বেজাৰৰ বাখৰ
যেন বেণী গুঠি গুঠি উৰি আহিব ৰজা ৰণীৰ চিনাকি খবৰ,
চকুত মুৰ থৈ তাইৰ ওৰে ৰাতি সাৰে ৰয়
কোনোবাদিনা দুটোপাল আতোলতোল জোন;

ফেঁহুজালিতেই আন্ধাৰ নিৰাই
পুঁৱাটোৱে মেলা মুজা তাইৰ চকুহাল টুকুৰিয়াই,
তিতা তাৰত আহিন মেলি দি তাই নিমাতী ঘাটৰ ধুবুনী
ঠেঁটুৱৈ লগা আঙুলিৰে জাৰ পখালি পখালি
তাই ৰান্ধনী ঘৰৰ নুপুওৱা বেলি,
পঁইতা ভাতৰ কাহীত দুপৰীয়াটোৱে কলমলাই
বাঢ়নীৰ আগৰ ফাগুন হৈ আবেলিটো পিছলি যায়
নুফুটা কান্দোন এটাৰে ওঁঠ সী
আজৰি হৈ তাইৰ সতে পাটি পাৰে এটা দুপৰ ৰাতি !

উইচিৰিঙাৰ মাত মেলি উৰি আহে এটা শোকৰ সাধুকথা,
লঘোণৰ আঙুলিৰে তাই চুই চায়
সেয়া জোনাক নে ৰুটিৰ টুকুৰা ?
ভাঙো বুলিও ভাঙিব নোৱাৰা
চকুপানীৰ আখৰ জোটনি
জুটিয়াই জুটিয়াই
কেটেৰা দিনবোৰ পাৰ হৈ যায় ;

মাজতে উচুপনিৰ শেলুৱৈত পিছলি
চীনামাটিৰ জোনটো এদিন পৰি ভাঙে
সিদিনা আইদেৱে তাইৰ গাত গৰম পানী ঢালে,
সাউদে গাত ইস্ত্ৰিৰ সেক দিয়ে;
ক’তো আগলতি কলপাত নলৰেও নচৰেও
ফেকুৰি ফেকুৰি ৰাতিটোৱে
ফটাকানিৰ সখীহালকে কয়
"চিলনী আইলে আজি বৰকে মনতে পৰে" !!

ইতি:
হাতো নেমেলিবি ফুলো নিচিঙিবি
ক’ৰেনো ছোৱালী ঐ ,
শোটাকানিৰ লগতে আইদেৱে খুন্দিব
বনকৰা ছোৱালীহে ত‍ই !

===================
২৬-০৬-১৪

Monday 23 June 2014

নেদেখাকৈয়ে দেখিলো তোমাক
=====================

নেদেখাকৈয়ে দেখিলো তোমাক,
দুহাতেদি বৈ গ’ল যেন
হেজাৰ নদীৰ মিনতি;

মাটিৰ মাতাল মাতে মোক মাতে
জিভাত মুৰ দোৱাই ৰয় আহত নীৰৱতা,
পিয়াহৰ তোৰণেদি যি নামি আহিছিল
সি ভালপোৱা নাছিল !
উচুপনিৰ হাতত হাত থৈ এতিয়া
এই তোলপাৰ ৰাতি
তোমাক কি বুলি মাতো কোৱা ?

প্ৰতিজন ভীক্ষুকে তুলি ৰব এদিন
এই আলোড়িত অৰ্থ,
প্ৰতিজন নিৰ্যাতিত‍ই শিৰত গুজি লব
সেই প্ৰাৰ্থনা
সহস্ৰ সন্ধিয়াৰ নিৰাগ দ্যুতি পাৰ হৈ অহা;
ওভতনিৰ বাটবোৰত
আমি যিদিনা ঘুৰাই পাম আমাৰ আত্মাক
প্ৰাচীন হাতবোৰে ওভতাই দিব আমাক সিদিনাই
ওৰ নপৰা পোহৰৰ নিজান নিসৰ্গ ,

নেদেখাকৈয়ে দেখিলো তোমাক,
নিৰল পাৰ্থিৱতাৰ নাভিত ফুলি ৰ’ল
সন্মোহিত শূন্যতাৰ সুনীল ৰুদ্ৰাক্ষ !!

*******************
১৭-০৬-১৪
বাটৰ খবৰ
========

এই কাৰণেই পৃথিৱীয়ে ভাল পায় চৰাইবোৰক,
ডাৱৰৰ বিশ্বস্ত বৰষুণজাকক;
এই কাৰণেই
ব’হাগৰ বেলাড এটাই গছকি যায়
মনোজ্ঞ মাটিৰ স্তৱকক;

চিঠি এখন লিখাৰ কথা আছিল পৃথিৱীলৈ বুলি,
নিৰ্বাসিত নক্ষত্ৰবোৰৰ চুবুৰীয়েদি
ওভতি অহাৰ কথা আছিল বেলি
তোমাক বিছাৰি;
ৰামধেনু ৰঙৰ চুলি ক’ত উৰুৱাই দিলা ?
আয়ুসত দুটোপাল চকুলো বুটলি
কাৰ প্ৰতীক্ষাত ওলমি ৰ’লা
শোকলৈ বুলি ৰূপোৱালী বুকু খুলি দি ?

তুমি কান্দোনৰ পুখুৰীত পোত খাই থকা
বাৰিষাৰ এহেজাৰটা কবিতা,
নিবনুৱা ৰাতিবোৰৰ বাঢ়ি অহা বেইমান নিদ্ৰাহীনতা;
এনেকৈয়ে এদিন তোমাক ক’ম
সুহুৰিবোৰ গান হোৱাৰ কথা, গানবোৰ চিঞৰ হোৱাৰ !
এনেকৈয়ে এদিন তোমাক দিম
অৰণ্যত হেৰোৱা চিঠিবোৰৰ নীলা খবৰ...

ম‍ই যি স্বপ্নত উচুপি কান্দো
তুমি তাৰ কপাল চুই কুশল সংবাদ হোৱা,
ক’ত বিছাৰি যাও তোমাক ?
তুমি যেন সোঁৱৰণিৰ পাহৰিব নোৱাৰা সুন্দৰতা
তুমি যেন মোৰ অন্তিমটো প্ৰাৰ্থনাৰ নতজানু নিৰ্জনতা...

খৰাঙৰ অনেক খোজ পাৰ হৈ
তুলি ললো তোমাক
বৰষুণৰ মাতাল আঙুলিৰে,
বিস্ফোৰণত হাত ভৰি ছিঙা
অনেক কান্দোনৰ বেজাৰত
তোমাক চুই চালো
নিথৰ স্তনবোৰৰ শীতলতাৰে,

সপোনৰ ঢেকীয়া হৈ গজি আহা
শিলৰ সূৰ্যোদয়ত,
হাত মেলি দিয়া আৰু চুই চোৱা
জুইৰ গোন্ধে পোৰা
নুফুলা ফুলবোৰৰ মাত;

য’ৰ পৰা আৰু কোনো ওভতি নাহিল
চুমাৰ সেতুৱেদি পৃথিৱীলৈ আমাৰ
সেই পিনেদিয়েইটো অন্তিমটো বাট !!

*******************
২৩-০৫-১৪

Sunday 13 April 2014

ফুলশয্যা
========

ৰাতি ফুলা ফুলৰ গোন্ধ এটা
শুই আছেহি তোমাৰ নাভিত
দেহ নহয় এয়া যেন
কোনো প্ৰাৰ্থনাৰ নিৰল নীৰৱতা ;
তোমাৰ প্ৰাণৰ পাৰিজাত
নিৰ্যাতিত এই আত্মাক চুব দিয়া;
ম‍ই তোমাৰ আন্ধাৰৰ অচিন পৰিব্ৰাজক,
হে মোৰ পোহৰৰ প্ৰথম প্ৰান্তিক
বোলাই যাব পৰাকে মোহময় নিদ্ৰা
ইমান আকুলতা ক’ত থও কোৱা ?
উশাহৰ সেওঁতাত সামৰি ললো ম‍ই
অনাদিৰ কপালৰ প্ৰথম স্পৰ্শ
আৰু কোনো শব্দ‍ই চুব নোৱৰেহি মোক,

এই অনন্ত তোমাৰ মৌনতাত মোহাচ্ছন্ন !

***************
0২-০৪-১৪

Friday 17 January 2014

পৌৰুষ
=======

আমি সময়ৰ শ বোৰ চিপজৰীত তুলি দিলো
গধূলিৰ গিলাচ বোৰ ওপঙি আহিল
নিদ্ৰা আৰু আলিঙ্গনৰ তেজগোৰা নৈত,
কাৰ বা নাম ওলমি আছিল প্ৰতীক্ষাৰ ফলকত ?
আমিয়েইতো গুজি দিলো ভালপোৱাৰ দুখন ৰুটি
পাপৰ ঠেৰেঙা দুহাতত,
আৰু ৰৈ থাকিলো
ইটোৱে সিটোৰ আপেক্ষাত
বুকুৱে বুকুৱে এখন বেথেলহাম লুকুৱাই;

ওভতনিৰ বাট এটা হেৰুৱাই এদিন আমি চাই ৰৈছিলো পৰস্পৰক
আমাৰ বুকুত শিল হোৱা সেয়া শব্দৰ শেষ মৌনতা,
ইডেনৰ সৰিসৃপ হৈ
আমাৰ ডিঙি মেৰিয়াই সাৰে ৰয়
হাহাকাৰৰ দৰে সেয়া অনিবাৰ্য নিসংগতা;
কাক চুই আহিলো স্পৰ্শৰ শেষৰটো শব্দৰে ?
কাক এৰি আহিলো আপেক্ষাৰ শেষৰটো অৰ্থৰে ?

সময়ৰ সেঁওতাত অপলক এটা সূৰ্য
যিদিনা তিৰবিৰাইছিল
আমি পুৰুষ হৈছিলো,
গ্লানিৰ ভস্ম হাড়ত সানি আমি হৈছিলো শূন্যতাৰ সাধক,
যাৰ বাবে আমাৰ এই অনন্ত সাঁতোৰ
সেই বিষাদ আছিল আমাৰেইতো শিৰত জী উঠা
চিৰপ্ৰণয়িণী প্ৰমদ্বৰা;
আমাৰ আলিঙ্গনৰ প্ৰাঙ্গন পোহৰাই গুচি যোৱা সেই বিষন্ন খোজ
আমাৰেইতো মোক্ষম প্ৰণয় ৰু-ৰুৱাই জ্বলি উঠা;

যিমানেই জীৱন্ত সিমানেই মৃত যেন আমি,
চকুত বেথাৰ ব’হাগ আৰু জিভাত নিৰাহাৰ মাঘ লৈ
বৈ যাও মাথো নিজৰ নামৰ শূন্যতালৈ,
খোজত বাটবোৰ আওজাই থৈ
জেপত গুজি লও বিষাদ আৰু আকাল;
কণ্ঠৰ কৰুণতা উৰি হাতৰ ৰেখাবোৰ সাৰ পায় মহীয়সী ৰাতিৰ মুঠিত
সিৰাত যাৰ অবিনাশী আপেক্ষা,
অশ্ৰুৰ শিপাত ফুলি ৰয় আমাৰ গ্লানিবোধৰ প্ৰাচীন পৌৰুষ
আৰু স্পৰ্শাতীত আঙুলিৰ কোৰ্হাল;

উচুপনিৰ এটা গোন্ধ ঠিক জন্মৰ বাটতে এদিন
কোনো সতীৰ চিতাৰ দৰে জ্বলিছিল,
নাভিত আমাৰ আজন্মা আয়ুস
কোনো নিৰ্যাতিতৰ কফিনৰ দৰে
এদিন শেষবাৰৰ বাবে ফেকুৰিছিল !!

**************************
১৭-০১-১৭